বিষাক্ত বেংচতা -চাদ্দাম হুছেইন

©Admin
0
তেওঁ এতিয়া ৰৈ থাকে
ডিঙিত তাইৰ ধাৰ তৰোৱাল
সন্ধিয়াৰ নিস্তব্ধ একাজলি প্ৰহৰত
জ্বলি উঠে 
সেই তৰোৱাল ।

কম্পা-অনুকম্পাতে নিশ্বাসৰ অন্ত 
পোতাশালত উমলা জুয়ে পুৰা সোণ
সমস্ত,
হেন্দোলদোপে ডুবু ডুবু
ভৈয়ামৰ জোন ।

সমুদ্ৰৰ শংখ এতিয়া তাৰ
মহা মহা জীৱনৰ ব্ৰত
কৈলাশী প্ৰিয় কালিমাৰ জোৱাৰ সানিলৈ 
বুজিলি বিষাক্ত বেংচতা
এটি মই।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)