উচ্চপদবী তথাপিও নিজৰ মাজতেই অকলশৰীয়া
হওঁ জানো ডাঙৰ মানুহ!!
এখন বিলাসী গাড়ী, এটি সুসজ্জিত আৱাস...
তথাপিও মাজে মাজে হেৰুৱাও জীৱনৰ আশ্বাস।
হওঁ জানো ডাঙৰ মানুহ!!
মোৰ বাবেই ৰৈ থাকে ঘণ্টা ধৰি মানুহৰ ভিৰ...
বিলাসপূৰ্ণ জীৱন কিন্তু কর্তব্যত অস্থিৰ।
হওঁ জানো ডাঙৰ মানুহ!!
বাৰে বাৰে মোবাইলৰ ৰিং বাজে..
বহুজনে সহায়ৰ হাত বিচাৰে
নিজৰ মাজতেই অসহায় মই,
কেনেকৈ বুজিম কাৰোবাৰ আৰ্তনাদ
মুখত দেখুৱাও বিষাদ
হৃদয়ত অহংকাৰ
হওঁ জানো ডাঙৰ মানুহ!!
মোৰ দেশতেই শতজনে ন্যায় নাপায়
মোৰ দেশতেই অসহায় জনে প্ৰাণ হেৰুৱায়
মোৰ দেশতেই চলে স্বত্বাধিকাৰৰ সাজোন- কাচোন
মোৰ দেশতেই পোত যায় যোগ্য জনৰ পাহি মেলা সপোন।
সৰুতে আইৰ সংস্কাৰে শিকাইছিল..
সকলোকে জনাবা নমস্কাৰ
সৎ কৰ্ম আৰু সদভাবেহে কৰে জীৱন জাতিষ্কাৰ।
পাহৰিলো আইৰ সংস্কাৰ
থাকিব বিচাৰি প্ৰতিদিনে তমস্কাৰ
হওঁ জানো ডাঙৰ মানুহ!!
মন্দিৰত যাব নোৱাৰোঁ ব্যস্ত সময়
মোৰ কৰ্মচাৰীজনে চোন নিতৌ ধন দানপাত্ৰত থয়..
দুখীয়া নিচলালৈ সময় নাই
কৰ্দয কাপোৰ মুখত ইংৰাজী শব্দ নাই..
এৰি অহা দিনবোৰে আছে বাট চাই
সেইযে মই জন/ জনি গ'ল হেৰাই
হওঁ জানো ডাঙৰ মানুহ!!
পঢ়াশালিত শিকিছিলোঁ "কৰ্মই ধৰ্ম"
মান পাহৰিলোঁ সন্মান বেচিলো
অযোগ্যজনৰ ধৰ্ম ৰাখি কৰ্ম কৰিলোঁ
হওঁ জানো ডাঙৰ মানুহ!!
আই পিতায়ে এদিন কৈছিল- মোৰ জন্মত জেষ্ঠজনে আশীৰ্বাদ দিছিল
ডাঙৰ মানুহ হ'বি...
ডাঙৰ মানুহ হ'লে পাই বৰ কষ্ট
অহংকাৰে কৰে জীৱন নষ্ট
বিলাসী জীৱন আৰু উচ্চ পদে জানো কৰে ডাঙৰ মানুহ
যি পদৰ মান নাৰাখি নিজকেই বেচা কিনা কৰোঁ...
আজি ক'ব মন যায় আই পিতাই কিয়নো দিয়ালি আশীষ
ডাঙৰ মানুহ হ'বলৈ
নাটনি সময় তহঁতকো চাবলৈ...
পাম জানো বিচাৰি সঠিক সংজ্ঞাসমূহ
বাৰে বাৰে আহে মাথোঁ এটি প্ৰশ্ন
হ'ম জানো এদিন আকৌ ডাঙৰ মানুহ?????
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ