প্ৰবন্ধ••বিবাহ বিচ্ছেদ! দ্বিতীয় বিবাহ! আৰু আমাৰ মানসিকতা••আবু ছোফিয়ান

@admin
0
বিবাহ বিচ্ছেদক কিয় ভাৰতৰ সমাজত হীন চকুৰে চোৱা হয়! মই আজিলৈকে বুজি নাপালোঁ,আজি দুজন ব্যক্তি প্ৰেম সম্বন্ধত থকাৰ পাছত কোনো কাৰণত পাৰস্পৰিক বুজা বুজি নোহোৱা হ'লে যদি সম্পৰ্ক শেষ কৰিব পাৰে, তেনেক্ষেত্ৰত বিবাহত কিয় বিচ্ছেদ হব নোৱাৰে?বহুত ক্ষেত্ৰত এটা সম্পৰ্ক জটিল হৈ পৰাৰ পাছতো সমাজৰ কথা ভাবি দুজনে মিলি সম্পৰ্ক এটাত অনিচ্ছাকৃতভাৱে থাকি নিজেই মানসিক অশান্তিত থকাটো কিমান যুক্তিকৰ?
     *নাৰীৰ দ্বিতীয় বিবাহ*
বিশ্বায়নৰ যুগত আমি বিজ্ঞান আৰু প্ৰযুক্তিৰ দিশত যিমানে আগবাঢ়ি গৈ আছো তথাপি কিয় এনে লাগে আমি যে বহুত জানিও একো নাজানো বহু শিকিও একো নিশিকিলো। এতিয়াও আমাৰ কিছুমান সমাজ ব্যৱস্থাত কিছুমান এনে দিশ আছে যিবোৰ সলনি হোৱাটো নিতান্তই প্ৰয়োজনীয় হৈ পৰিছে।  

জীৱনটো যান্ত্ৰিকতাৰে ভৰি পৰাৰ এই সময়তো নাৰীৰ দ্বিতীয় বিবাহে সম্পূৰ্ণৰূপে মৰ্যদা লাভ কৰিব পৰা নাই । আন নালাগে স্বয়ং নাৰীয়েই ইয়াৰ বিৰোধিতা কৰা দেখা যায় । কিন্তু এগৰাকী নৱ বিবাহিতা গাভৰুৱে যদি অকালতে বৈধৱ্য সাজ পিন্ধিব লাগে তেওঁক কেনেকৈ মানসিকভাবে নিসংগতা অনুভৱ কৰে আমি কিয় অনুভৱ কৰাৰ প্ৰয়োজনবোধ নকৰোঁ ? তেওঁক আকৌ এবাৰ হেৰুওৱা জীৱনৰ সুখৰ সান্নিধ্য দিবলৈ আমি কিয় সংকোচ কৰোঁ!

নিজৰ বিকৃত মানসিকতা চৰিতাৰ্থ কৰাৰ বাবে বা সকলোকে আন্ধাৰত ৰাখি, সুখৰ সংসাৰ এখন ধ্বংস কৰি সৃষ্টি হোৱা প্ৰতিটো দ্বিতীয় সম্পৰ্কই অনৈতিক তাৰ বাবে নাৰীয়ে হওঁক বা পুৰুষেই হওঁক দুয়োগৰাকীয়ে সমানে জগৰীয়া । কিন্তু জীৱনটো ভালদৰে নিৰ্বাহ কৰিবলৈ কেতিয়াবা সৎ পথেৰে দ্বিতীয় সম্পৰ্ক এটা সাজি লব লগা হয়, ই নীতি বিৰুদ্ধ কেনেকৈ হয় ? এই কথাটো যেতিয়া এগৰাকী পুৰুষৰ ক্ষেত্ৰত আহি পৰে তেতিয়া আমি সকলোৱে তেওঁক সমৰ্থন জনাওঁ, তেওঁৰ দুখবোৰ আমি বুজি পাওঁ । এই একেটা কথাই যেতিয়া এগৰাকী নাৰীৰ ক্ষেত্ৰত আহি পৰে সেই একেই আমিবোৰৰ মানসিকতা সলনি হৈ যায় কিন্তু কিয়? নাৰী মনত আৱেগেই নাই নে জীৱন জীয়াবলৈ হাবিয়াস নাই? এগৰাকী নাৰীয়ে যেতিয়া দ্বিতীয় বিবাহৰ বাবে আগবাঢ়ে তেতিয়া সমাজ খনক যে কিমান প্ৰশ্নৰ উত্তৰ দিব লগা হয়, কিমানৰ যে হাঁহিয়াতৰ পাত্ৰ হ'বলগীয়া হয়, সেয়া একমাত্ৰ ভুক্তভুগীজনেহে হে জানে ।যদি পুৰুষৰ অধিকাৰ আছে তেনেহ'লে কিয় এগৰাকী নাৰীৰ সমঅধিকাৰ প্ৰদানৰ ক্ষেত্ৰত আজিৰ ৰক্ষণশীল সমাজখনে কুন্ঠাবোধ কৰে?এফালে আজি আমি শিক্ষা -দীক্ষাৰে আগবাঢ়ি প্ৰতিষ্ঠিত হৈছো আৰু আন ফালে নাৰীৰ প্ৰতিটো পদক্ষেপক মৰ্যদা দিয়াৰ পৰা বিৰত আছোঁ। এয়াই আমাৰ মানসিকতা নেকি? ডিঙিৰ সিৰা ফুলাই সামাজিকত নাৰী দেৱী নানা ৰহনসনা কথাৰে নাৰীলৈ সন্মান জনাওঁ কিন্তু বাস্তৱিকত আমি কিয় তাৰ ওলোটা প্ৰতিচ্ছবি এখনহে দেখা পাওঁ । নাৰীক কিয় অবলা সজাও । সম অধিকাৰ আমাৰ কাম্য ।সদৌশেষত এষাৰ কথা- "কম দৰ্শনেই স্ৰজনৰ মূল"।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)