কিহৰ বাবেনো
তই ইমান ব্যস্ত?
কাৰ বাবেনো
ইমান কষ্ট কৰি ফুৰিছ?
আছে জানো তোৰ
কোনোবা আপোন?
কাৰ বাবে নো কৰিছ
দিন ৰাতি একাকাৰ,
কিয় বাৰু দৌৰিছ
সফলতাৰ পিছত,
সফলতা পাই
কিয় বাৰু তই
হৈ পৰিছ আত্ম-গৰ্বী,
সফলতা হে লাভ কৰিছ
জীৱন যুদ্ধত তো তই
জয়ী হোৱা নাই,
তেতিয়া হ'লে কিহৰ
আত্ম-গৰিমা ?
মানিছো তই কষ্ট কৰিছ,
এইটোও মানিছো কৰ্মই ধৰ্ম ,
কিন্তু কৰ্ম ব্যস্ততাৰ মাজেৰে
এইটো পাহৰি নাযাবা
পৃথিৱী তোৰ চিৰস্থায়ী ঠাই নহয়,
কিছুদিনৰ বাবেহে তই পৃথিৱীবাসী,
যেনেকৈ চাকৰিৰ এটা সময়ত
অৱসৰ দিয়ে,
তোকো পৃথিৱীয়ে অৱসৰ দিব
আজি তোৰ নিজৰ
আত্মীয়ৰ বাবে সময়
নাই,
চৌপাশৰ মানুহৰ বাবে তোৰ আজৰি নাই,
মাথোঁ ব্যস্ত আপোন স্বাৰ্থত
আনৰ বাবে তোৰ আজি
আহৰি নাই,
এনেকৈ কৰ্মত ব্যস্ত
যেন তাই অমৰ হে
মনত ৰাখিবি বিদায়ৰ
সময়ত তোক লগত
একো লৈ যাব নিদিয়ে,
নাঙঠ হৈ আহিছ
নাঙঠ হৈ যাব লাগিব,
তেতিয়া হ'লে কিয় তই
এইটো মোৰ সেইটো মোৰ কৰ?
প্ৰকৃততে তোৰ কি শৰীৰটো
নে আত্মা নামৰ বায়ু খিনি?
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ