বহি আছিলো,
কোনো কথা নাই
কবিতা নাই
কেৱল এমুঠি নীৰৱতা !
হঠাৎ তাইৰ ফোন পালোঁ
সৃজাই ফোন কৰি ক'লে
মই বোলে চোৰ,
মই তাইৰ কথা শুনি
নিৰ্বাক চকুৰে
কিছু সময় আকাশলৈ চাই আছিলো--
তাইক সুধিলো
মই কি চোৰ কৰিছো--
তুমি মোক চোৰ বুলি কিয় কৈছা ?
তাই ক্ষন্তেক সময় একো নকৈ
মিচিকিয়া হাঁহিৰে ক'লে--
তুমিতো এটা চোৰেই,
তুমি মোৰ ৰাতিবোৰ চোৰ কৰিছা
তোমাৰ কবিতাই
মোৰ মন চোৰ কৰিছে !
ইয়াৰ পিছতো
তুমি বাৰু চোৰ নহয় নে?
নিজেই এবাৰ ভাবি চোৱাচোন.....
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ