সময় ••পিংকি শৰ্মা

@admin
0
গতিশীল সময়ৰ আহ্বানত
সোণালী দিনৰ বাবে...... 
কঠোৰ বাস্তৱক ঠেলি ঠেলি
ক্লান্তিৰ মোৰ জীৱন......
আন্ধাৰ দেৱাল ভাঙি
জীৱনৰ এটা পল 
ৰ'দ আৰু জোনাকৰ স্পৰ্শৰে
অলপ সজাব বিচাৰোঁ
তেতিয়া কিয়?
প্ৰতিটো ক্ষণ, প্রতিটো সপোন
ফুলি উঠে বেদনা ভৰা
এপাহি সূৰুযমুখী ফুল
হৃদয়ৰ প্ৰাণে প্ৰাণে থকা
গভীৰ বিশ্বাস হয়
যদি এক যন্ত্ৰনাকাতৰ বেদনা...
তেন্তে, গতিশীল সময়ত
কঠোৰ বাস্তৱ জানো 
সোণালী দিন হয়.......???



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)