"ঐ চাচোন চা সোইজনী পূৰ্ণিমা নহয়নে? তাই বাৰু কি কৰিবলৈ জীয়াই আছে, লাজ-মান বোলা একো বস্তয়েই নাই তাইৰ , নহলেনো ধৰ্ষণ হোৱাৰ পাছত ছোৱালী এজনী এনেকৈ ঘূৰি ফুৰিব পাৰেনে। এইক কিন্তু মানিছো দেই , কেনেকৈ নো জীয়াই আছে পাই ? "
নিৰৱে পূৰ্ণিমাক দেখি তাই শুনাকৈয়ে লগৰকেইটাক ক'লে,
পূৰ্ণিমাই কথাখিনি শুনি নিজকে চম্ভালিৱ নোৱাৰিলে । কোনোমতে গৈ ঘৰ পালেগৈ ।
পিছদিনাছোন পূৰ্ণিমাহতৰ ঘৰৰ পদূলিত মানুহে জুম পাতি আছে।
চোতালত বগা কাপোৰে ধাকি থৈছে পূৰ্ণিমাক ।ইফালে মাকৰ কান্দোনে গগন ফালিছে। জীয়েকৰ মৃত শৰীৰ তোকে সাবতি চিঞৰি আছে তেওঁ, "ইহতি কুকুৰহতে মোৰ ছোৱালীজনীক জীয়াই থাকিবলৈ নিদিলে অ' । কি দুখ আছিল তাইৰ ,ছোৱালী হোৱাতোৱেই তাইৰ ভূল নেকি? সিহঁতে তাইক শেষ কৰি পেলালে অ' ।" মাকে কান্দি কান্দি বাগৰি পৰিল । নিৰ্দোষী পূৰ্ণিমাজনী মিছাতেই আনৰ পাপৰ বলি হ'ব লগা হ'ল।
✍️পিংকি বৰা
স্নাতক প্ৰথম ষান্মাসিক
মাজুলী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ