ধাৰাবাহিক উপন্যাস~অৰণ্যৰোদন••০২ | নবীন চন্দ্ৰ মেধি

@admin
0
শৈশৱৰ কথা তেখেতৰ সঘনে মনলৈ আহে । ককায়েক ঘৰত নাথাকেই , বুঢ়ী আইতাকৰ লগত থাকিয়েই সি ডাঙৰ দীঘল হৈছিল । বিয়া পতাৰ ছমাহমানৰ আগতেহে সি এইখন ঘৰলৈ আহিছিল । তেতিয়া তেখেতে প্ৰৱেশিকা পৰীক্ষা দিবলৈ সাজু হৈছিল । পৰীক্ষাৰ ডেৰমাহ মানৰ আগতে ককায়েকে ঘপককৰে গাঁৱৰে ছোৱালী এজনীক পলুৱাই আনিলে । আনিলে যি আনিলেই আজি পৰ্যন্ত মিতিৰ চিনাকি নহ'ল । এতিয়া পুতেক জীয়েক ডেকা গাভৰু হ'ল । 

ভতিজীজনীয়ে মেট্ৰিক ( উচ্চ মাধ্যমিক ) পৰীক্ষাত ডিষ্টিংচন লৈ উত্তীৰ্ণ হৈছিল । উচ্চতৰ মাধ্যমিক পৰীক্ষাতো তাই প্ৰথম বিভাগত অসমীয়াত লেটাৰ নম্বৰ সহ উৰ্ত্তীণ হয় । কিন্তু  স্নাতক ডিগ্ৰী ল'বলৈ যোৱাৰ আগেয়ে গাঁৱৰে ডেকা ল'ৰা এটাৰ লগত পলাই গুছি গ'ল । 

বাদ দিলো সেইবোৰ অদৰকাৰী কথা । অ কি কৈ আছিলো , হয় হয় শৈশৱ কালৰ কথা । ঘৰখনত মাক দেউতাক আৰু সিহঁতৰ বায়েক , ভায়েক আৰু সি । বায়েক জোন সিহঁত দুয়ো ভায়েকৰ বাবে অতি মৰমৰ । মাকৰ দৰেই বায়েকে সিহঁতক লালন পালন কৰিছিল । কাৰণ মাকক সিহঁতে অতি কম সময়ৰ বাবে পাইছিল । বায়েকৰ হাতত ধৰাধৰিকৈ সিহঁতে গাঁৱৰ প্ৰাথমিক বিদ্যালয়খনলৈ ঢাপলি মেলিছিল । দেউতাকে দুপৰীয়া ১২:৪৫ বজাত সিহঁতক বিদ্যালয়ৰ পৰা ঘৰলৈ লৈ আহিছিল । দুপৰীয়া ভাত খাই পুনৰ ১:১৫ বজাত বিদ্যালয়ত উপস্থিত হৈছিল । ৩:১৫ বজাতহে সেই সময়ত বিদ্যালয় ছুটিৰ সময় আছিল । সেইসময়ত এতিয়াৰ দৰে চৰকাৰী বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ ব্যৱস্থা নাছিল । সেইসময়ত ব্যক্তিগত খণ্ডৰ বিদ্যালয় স্থাপন কৰাই নাছিল । বিদ্যালয়সমূহত দুপৰীয়া আধাঘণ্টা সময়ৰ বাবে পানীখোৱা ছুটি ( জিৰণি বা হাফ ছুটি ) পাইছিল । কিমান যে খেলাধূলা কৰিছিল সেইসময়ত । নিৰ্মল কুমাৰ শৰ্মাছাৰ নষ্টালজিক হৈ পৰিছিল । 

এদিন বিদ্যালয় ছুটি হোৱাৰ পিছত ভায়েকৰ হাতত কিতাপ জাপ বস্তাখনেৰে মেৰিয়াই দিয়াৰ লগতে নতুনকৈ লোৱা নীলা ৰঙৰ চোলা টো দি ঘৰলৈ পঠিয়াই দি সিহঁতে খেল পথাৰত খেলিবলৈ ধৰিছিল । সন্ধিয়া সময়তহে ঘৰলৈ উভতি আহিছিল । 

ঘৰলৈ আহি যেতিয়া কিতাপ পত্ৰ বোৰৰ কথা সুধিলে তেতিয়াহে উৰহী গছৰ ওৰ ওলাইছিল । ভায়েকে কিতাপ পত্ৰৰ সতে চোলাটোও পদূলি মূৰত থকা বাঁহতলৰ আঁৰত কলগছ এজোপাৰ গুৰিতে থৈ  গৈছিল । হয়তো খেলিবলৈ নাপাব বুলি লৰালৰিকৈ তাতে লুকুৱাই থৈ গৈছিল । সন্ধিয়া সময়ত ঘৰলৈ উভতি আহোঁতে কলগছৰ গুৰিত কিতাপ পত্ৰবোৰ বস্তাখনৰ সতে ঠিকেই পালে যদিও চোলাটোহে ক'তো বিচাৰি পোৱা নগ'ল । হয়তো গৰু ছাগলীয়ে খালে নতুবা কোনোবাই হেৰাই পালে । 

প্ৰাথমিক বিদ্যালয়ত একেলগে পঢ়া-শুনা কৰা সহপাঠীসকলৰ ভিতৰত নিৰ্মলৰ বাদে আন কোনো এজনেও মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা নাছিল যদিও সিহঁতৰ এজনো দুখীয়া নাছিল । ধন ঘটাৰ কিটিপটো সিহঁতে ঠিকেই শিকিছিল । তেখেতেহে মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছতো আজিলৈকে একো উদ্গতি কৰিব পৰা নাই । ছাহাৰা ইণ্ডিয়া পৰিবাৰ নামৰ এটি ভাৰতৰ অগ্ৰণী বিত্তীয় প্ৰতিষ্ঠানৰ লগতে জীৱন সুৰক্ষা গ্ৰুপৰ অভিকৰ্তা হিচাপে ২০০৯ চনৰ ডিচেম্বৰ মাহৰ পৰাই জড়িত হৈ পৰিছিল যদিও বিদ্যালয়ৰ মোহ এৰিব পৰা নাছিল । যাৰ ফলত সফলতাৰ মুখ দেখিবলৈ সক্ষম হোৱা নাছিল । আনক শিক্ষা দান কৰাৰ প্ৰতি তেখেতৰ কি যে আগ্ৰহ । এদিন সেয়াই হয়তো তেখেতৰ বাবে কাল হৈ পৰিব । সাৱধান নিৰ্মল কুমাৰ শৰ্মা । ভাগ্যক ধিয়াই হাত সাৱতি বহি থাকিলে এদিন তই বৰ বিপদত পৰিবি । ষষ্ঠ ইন্দ্ৰিয়ই তেখেতক যেন এই কথা সকিয়াই দিছিল । 

( আগলৈ )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)