সাধাৰণ এটা ভুলৰ বাবে- দিপশিখা ৰাজকোঁৱৰ

©Admin
0
প্ৰথম প্ৰথম সকলো ঠিকেই আছিল
কিন্তু হঠাৎ যে সকলো সলনি হৈ গ'ল
সাধাৰণ এটা ভুলৰ বাবে
আমাৰ মাজত বহুত দূৰত্ব আহি গ'ল।
সেই যে এটি গীত আছে
কাষত ৰ'লেও আজি দূৰে দূৰে যেন পাওঁ ........
শুনিছানে এই গীতটো 
হৃদয়খনো উচুপি উঠে
গীতটো শুনাৰ লগে লগে।
নাজানো মোৰ ক'ত ভুল হ'ল 
যাৰ বাবে তুমি আঁতৰি গ'লা 
কিন্তু মোৰ ভুল নাছিল সেয়া মই জানো 
কিমান কষ্ট পাইছিলো জানা
মিছামিছি অপবাদবোৰ 
মোৰ ওপৰত জাপি দিওঁতে।
তুমি এবাৰো নাভাবা নে
মনত নপৰেনে মোলৈ
কথা পাতিবলৈও মন নাযায়নে তোমাৰ 
আগতে যেনেকৈ পাগলৰ দৰে
কথা পাতিছিলা
তেনেকৈ মন নাযায়নে তোমাৰ?
ক্ষন্তেকীয়া হ'লেও যে সময়বোৰ
কমদিনৰ  হ'লেও চিনাকিবোৰ 
কোন কাৰ বাবে কিমান আপোন হ'ব পাৰে
সেয়া জানো তুমিয়েই মোক শিকোৱা নাছিলা ।
এই যে তুমি মোৰ ওপৰত
অধিকাৰ দেখুৱাই কথাবোৰ কৈছিলা
ভাল লাগিছিল তোমাৰ সেই কথাবোৰ
মাজে মাজে গান গুণগুণাই 
পতা কথাবোৰে তোমাৰ কথা 
মনত পেলাই দিয়ে বাৰে বাৰে  ।
বহুদিনেই হ'ল তোমাৰ লগত কথা নপতা
বহু দিন তোমাৰ কোনো খবৰো পোৱা নাই
তুমি মোৰ চিঠিখনৰ উত্তৰ দিবলৈও থাকি গ'ল।
সাধাৰণ এটা ভুলৰ বাবে
নিমিষতে সকলো যেন
শেষ হৈ গ'ল সহজতেই
এটা সম্পৰ্ক হেৰাই গ'ল 
এতিয়া তুমিও যেন অতীত হৈ গ'লা
স্মৃতিৰ পাতত তুমিয়েই জীপাল হৈ ৰ'লা।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)