সোণোৱালী শৈশৱৰ কথা সোঁৱৰা নে কেতিয়াবা বন্ধু?
সেই সময় আৰু আৰু এই সময়।
সন্ধিক্ষণ বাস্তৱৰ,
আঘোণৰ পথাৰ আৰু সোণোৱালী ধান।
কথাবোৰ নষ্টালজিয়া উমান।
তুমি প্ৰাণচঞ্চল এটি উন্মদনা,
তোমাৰ বিৰহত ধূসৰ মোৰ আশা।
সম্প্ৰতি তুমি অনুপস্থিত,
অতি দূৰত কৰা স্থিতি,
সেই যে কালৰ গতি
ৰুধিব নোৱাৰা অনন্ত ।
আশাৰ সুঘ্ৰাণ ,
আঁতৰি গৈছা তুমি হে ,
সোণোৱালী শৈশৱ।
নষ্টালজিক
ReplyDelete