"খেল মহাৰণ " অসম চৰকাৰৰ এক সফল সংকল্প•জ্যোতিষ্ক বৰুৱা

Rinku Rajowar
0
অসম চৰকাৰে ক্ৰীড়াৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰি আহিছে  ৷ সেইবাবে ৰাজ্য চৰকাৰে ক্ৰীড়াক সৰ্বব্যাপী কৰাৰ উদ্দেশ্যেৰে  খেল মহাৰণ কাৰ্যসূচী হাতত লৈছে ৷  দিল্লীত অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত খেল মহাৰণ কাৰ্যসূচীৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ ২০২৩ বৰ্ষৰ অক্টোবৰৰ পৰা তিনি মাহৰ বাবে অসমৰ ২৭ হাজাৰ গাঁও সমূহক লৈ সমগ্ৰ অসমত এক পৰিকল্পনাৰে পোন প্ৰথমবাৰৰ বাবে ৰাজ্যখনৰ মাননীয় মুখমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিলুপ্তি প্ৰায় খেল সমূহৰ লগতে সাহিত্য লোক সংস্কৃতিৰে গাওঁ,চহৰৰ চুকে কোণে সুপ্ত হৈ থকা প্ৰতিভা সমূহ বিকশিত কৰাৰ লক্ষ্য বুকুত বান্ধি "খেল মহাৰণ"ৰ কাৰ্যসূচীৰে অসম খনক এক বৃহৎ শিখৰলৈ লৈ যোৱাৰ আগ্ৰহতাক অসমবাসীয়ে চিৰদিন মনত ৰাখিৱ আৰু সদায় শলাগী থাকিৱ ৷ গুজৰাটৰ খেল মহাকুম্ভৰ সৈতে সংগতি ৰাখি অসমত এই  খেল মহাৰণৰ আয়োজন কৰাৰ পৰিকল্পনা কৰা হৈছিল বুলিও মুখ্যমন্ত্ৰীয়ে বিভিন্ন প্ৰচাৰ মাধ্যমত ইতিমধ্যে তেখেতে এই কথা প্ৰকাশ কৰিছে । ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াত অসমৰ পৰা পদক লাভ কৰা সকলৰ ভিতৰত ৯ গৰাকী ক্রীড়াবিদক কালি আনুষ্ঠানিকভাবে নিযুক্তি পত্ৰ প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই কাৰ্যসূচী সফল ৰূপায়নৰ যথোচিত পদক্ষেপ গ্ৰহন কৰাৰ দিহা আৰম্ভ কৰি সমগ্ৰ ৰাজ্যখনতে এক ক্ৰীড়াৰ অভিনৱ যেন আন্দোলন গঢ়ি তুলিলে ৷ তাৰ বাবে এজন অসমৰ দক্ষ্য মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যবাসীৰ মাজত ধন্যৱাদৰ পাত্ৰ ৷ তাৰ বাবেই তৃণমূল পর্যায়ত ক্রীড়া প্রতিভা চিনাক্তকৰণ আৰু প্ৰতিপালনৰ বাবে অনুষ্ঠিত এই খেল মহাৰণ ৷ ৫০ লাখতকৈও অধিক খেলুৱৈয়ে পাঁচটা ক্রীড়াত কৰিব পাৰিব অংশগ্রহণ ৷ য’ত আছে এথলেটিকছ (১০০ মিটাৰ, ২০০ মিটাৰ, ৪০০ মিটাৰ আৰু ৮০০ মিটাৰ), ফুটবল, কাবাদী, ভলীবল আৰু খো খো ৷ 
লগতে, বয়স অনুযায়ী প্রতিযোগিতাৰ বাবে নিৰ্ধাৰিত কৰা হৈছে চাৰিটা শাখা ১৯ বছৰৰ অনুৰ্ধ(পুৰুষ), ১৯ বছৰৰ অনুৰ্ধ (মহিলা), ১৯ বছৰৰ উৰ্ধ্বৰ(পুৰুষ), ১৯ বছৰৰ উৰ্ধ্বৰ (মহিলা)। প্ৰতিযোগিতাৰ পৰ্যায়সমূহ গাঁও পঞ্চায়ত স্থানীয় নগৰীয়া সংস্থা/ৱার্ড পর্যায়। আনহাতে, বি টি আৰ আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ গাওঁ পৰিষদ উন্নয়ন সমিতি/এম এ চি পর্যায়, বিধান সভা সমষ্টিসমূহ, জিলা পর্যায়, ৰাজ্যিক পৰ্যায় এই সকলোবোৰ সাঙুৰি লোৱা হৈছে ৷


 খেলৰ লগতে সাহিত্য সংস্কৃতি,থলুৱা গীত,লোক নৃত্যৰে অসমৰ আকাশ বতাহত সকলোৰে মাজত লুকাই থকা প্ৰতিভাক আনুষ্ঠানিক এটি ৰূপ দিয়াৰ লগতে ৰাজ্যবাসীৰ অন্তৰখনত  ক্ৰীড়া জগতৰ লগতে সাংস্কৃতিক দিশৰ প্ৰতি আগ্ৰহতাৰ খোজৰ প্ৰতি এক নতুন ৰূপ সঞ্চাৰ কৰি দিলে ৷ ৰাজ্যখনৰ প্ৰতিখন গাওঁৰ বিভিন্ন প্ৰতিভাৰ লোক সকলক এখন সুকীয়া ক্ৰীড়া,সাংস্কৃতিক জগতত পুণৰ পৰিচয় কৰাই দিয়াৰ লগতে সুপ্ত প্ৰতিভাক জগাই তুলি প্ৰতিভাৱান সকলক এক সুযোগ্য সন্মানেৰে দেশখনৰ সতে এক নতুন ৰূপত পৰিচয় কৰাই দিলে ৷ ইয়াতকৈ ডাঙৰ সুখ,গৌৰৱ,আনন্দ,সন্মান চাগে এনে এজন মুখ্যমন্ত্ৰীৰ বাদে অতীততে কোনো এজনে সংকল্প লৱই পৰা নাছিল ৷ যদিও এনে চিন্তন কাৰোবাৰ জাগ্ৰত হৈছিল তাক ফলপ্ৰসু কৰাত ব্যৰ্থ আছিল ৷ ৰাজ্যৱাসীয়ে বহু উদ্যম আৰু দুগুন উৎসাহেৰে কঠোৰ অনুশীলনৰ মাজেৰে এই প্ৰতিযোগীতা সমূহত বিশদ ভাৱে অংশ গ্ৰহন কৰি তাক সহাৰি জনাই তেখেতৰ চিন্তাক বাস্তৱায়িত কৰাৰ লগতে নিজকে একো একোজন প্ৰতিভাৱান তথা প্ৰতিভাশীলতাৰ সুকীয়া পৰিচয়েৰে ৰাজ্যখনক দেশখনৰ মাজত ডাঙি ধৰিলে ৷ এইয়া ৰাজ্যৱাসীৰ লগতে মাননীয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে তেখেতৰ নেতৃত্বাধীন চৰকাৰখন তথা অসমৰ ক্ৰীড়া আৰু সাংস্কৃতিক বিভাগৰ এক চমকপদ বৃহৎ সাফল্য ৷ অসম খনতো অন্য ৰাজ্যৰ দৰে আগবঢ়া বহু প্ৰতিভাৱান খেলুৱৈ,সাহিত্য সংস্কৃতিৰ প্ৰতি আগ্ৰহতা থকা নিপুন প্ৰতিভাৰে গঢ়া ব্যক্তি হাজাৰ জন আছে তাক দেশখনৰ প্ৰতিখন ৰাজ্যৰ মাজত এক আকৰ্ষণীয় ৰূপত তুলি ধৰিৱ পৰাটো সকলোৰে বাবে এক গৌৰৱ হৈ পৰিল ৷ ভৱিষ্যতেও এনে পৰিকল্পনাৰে অসমত প্ৰতিভাশীল ব্যক্তি,প্ৰতিভাৱান খেলুৱৈৰ জন্ম দিৱ পৰা যাৱ এইয়া নিশ্চিত ৰূপত জনমানসত ফুটি উঠিৱলৈ সৰ্বতোপ্ৰকাৰে সক্ষম হল ৷  এদিন নহয় এদিন, এনে ধৰণৰ পদক্ষেপ সমূহ অন্য ৰাজ্যৰ চৰকাৰ সমূহেও অনুসৰণ কৰিৱলৈ বাধ্য হৱ ৷ নিজৰ ৰাজ্যৰ পৰা এনে ধৰণৰ প্ৰতিভাৰ উত্তৰণ ঘটাই ৰাজ্যিক নতুৱা ৰাষ্ট্ৰীয় পৰ্যায়ত যিকোনো খেল বা প্ৰতিভা সন্ধানী প্ৰতিযোগীতা সমূহত অংশ গ্ৰহনৰ বাবে কোনটো চুকত কোন আছে তাক বাচনি কৰাত যেন একেবাৰে নখ দৰ্পনত থকাৰ দৰে একেবাৰে সহজ সাধ্য কৰি তুলিলে ৷ আশা কৰোঁ এনেধৰণৰ প্ৰতিভা সন্ধানী অনুষ্ঠান সমূহ ভৱিষ্যতেও চলি থাকিৱ যাৰ জৰিয়তে ৰাজ্যখনৰ প্ৰতিভাশীল ব্যক্তি সকলক প্ৰতিভা প্ৰদৰ্শনৰ সুযোগৰ এখন মঞ্চ দিয়াৰ লগতে যথোচিত সন্মান দিয়াৰ সুন্দৰ ব্যৱস্থাৰে ৰাজ্যত এনে নতুন নতুন প্ৰতিভাশীল ব্যক্তিৰ জন্ম লৱ ৷ শেষত চৰকাখনে অনুষ্ঠিত কৰা খেল মহাৰণৰ দৰে এনে মহৎ  অনুষ্ঠান দীৰ্ঘায়ু হওক, অনন্ত কাললৈ এনে চিন্তনেৰে ন-ন প্ৰতিভা সন্ধানী চিন্তনেৰে চৰকাৰখনে ৰাজ্যৱাসীক উদ্বুদ্ধ কৰি তোলক ,বহু প্ৰতিভাৰ ক্ষেত্ৰৰ তৈয়াৰ হওক ৷ দেশখনত উন্মোচিত হওক ৰাজ্যবাসীৰ মাজত থকা সুপ্ত প্ৰতিভাবোৰ এক মঞ্চৰ জৰিয়তে ৷৷


লেখক:-জ্যোতিষ্ক বৰুৱা
নামৰূপ,অসম
মোৱাইল নং:-৯৩৬৫০০৮৩৪৩

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)