স্মৃতিৰ অনুভৱেৰে▪️দৃলীনা দাস

Rinku Rajowar
0
তোমাৰ সান্নিধাৰ উমাল সন্ধিয়াবোৰ
মোৰ বাবে আজি মাথোঁ সোঁৱৰণি
অনুভৱে ঢুকি নাপায়
ধূসৰ হৈ পৰা তোমাৰ স্মৃতিক ৷
মোৰ হিয়াৰ শূণ্য অনুভূতিক
তুমিটো নাজানা?
মোৰ উশাহ স্পন্দনত কিদৰে 
বিয়পি আছা তুমি
তুমিটো নুবুজা
কি পাবৰ বাবে মই 
কি হেৰুৱাইছো আজি ?
তোমাৰ সুৰ আৰু
শব্দৰ ৰাগীত মই মাতাল হঁও
তথাপিচোন
মোৰ হিয়াৰ মৌনতাৰ উপহাৰ লবলৈ 
তোমাৰ যে নাই আহৰি ৷
তথাপি উন্মনা মনে মোৰ 
বাৰে বাৰে তোমালৈ মনত পেলাই।








Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)