জয়ন্ত দাসৰ নজনা কিছু কথা ▪️কনকসেন ডেকা

@admin
0
অসমীয়া ছবি জগতৰ জনপ্ৰিয় অভিনেতা জয়ন্ত দাসৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিলোঁ, গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ অভিনেতাগৰাকীৰ। ''মুকুতা” চলচিত্ৰত শিশু অভিনেতা হিচাপে অভিনয় জীৱনৰ পাতনি মেলা জয়ন্ত দাসে পৰৱৰ্তী সময়ত এগৰাকী ভাল অভিনেতা হিচাপে অসমৰ জনতাৰ হৃদয় চুবলৈ সক্ষম হৈছিল। এসময়ত কটন কলেজত এগৰাকী ক্ৰিকেটাৰ হিচাপেহে আসন লাভ কৰা জয়ন্ত দাসে ৮০ ৰ দশকত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ হাতত ধৰি প্ৰৱেশ কৰিছিল নাট্যজগতত। ইয়াৰ পাছতেই তেওঁৰ জীৱনে লৈছিল অন্য এক গতি। অসমীয়া চিনেমাত প্ৰথমে খলনায়কৰ ভূমিকাত অভিনয় কৰি দৰ্শকৰ চিনাকী হৈ পৰা অৱশ্যে পৰৱৰ্তী সময়ত তেওঁৰ কমেডী অভিনয়হে অধিক জনপ্ৰিয় হৈ পৰিছিল। অসমীয়া টেলিভিছন চেনেল ৰংৰ দাৰা সম্প্ৰচাৰিত হোৱা 'ভাড়াঘৰ' শীৰ্ষক ধাৰাবাহিকত কৰা অভিনয়ে ৰাইজক অসমীয়া ধাৰাবাহিকৰ এক নতুন স্বাদ দিবলৈ সক্ষম হৈছিল জয়ন্ত দাসে। বুকুৰ মাজত জ্বলে, জোন জ্বলে কপালত, ভূমিপুত্ৰ, নায়ক, কন্যাদান, মন, কাদম্বৰী, মিঠা মিঠা লগনত, মইনা চৰাইৰ মইনা মাত, জোনাকী মন, আই ক'ত নাই (মা) , অদম্য, অধিনায়ক, খেল দ্যা গেম, ৰামধেনুকে ধৰি একাধিক চিনেমাত অভিনয় কৰি দৰ্শকৰ হৃদয় জয় কৰা এইগৰাকী অভিনেতাক যোৱা ৯ ডিচেম্বৰত গুৱাহাটীৰ এপ'ল হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। ইয়াৰ পাছতে তেওঁক ভেণ্টিলেচনত ৰখা হৈছিল পিছলৈ তেওঁক এপল' হাস্পতালৰ পৰা জি এম চি এইছলৈ স্থানান্তৰিত কৰা হয়। আৰু জি এম চি এইছতে শেষ নিশ্বাস ত্যাগ কৰিলে স্বনাম-ধন্য অভিনেতা গৰাকীয়ে । উল্লেখ্য অতি ৰঙিয়াল ব্যক্তি হিচাপে পৰিচিত জয়ন্ত দাসে এসময়ত জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰা ভাড়াঘৰ ধাৰাবাহিকত অভিনয় কৰি থকাৰ সময়তে কৈছিল তেওঁক মৃত্যুৰ পাছত কোনেও মনত ৰাখিব নালাগে। এক সাক্ষাৎকাৰত তেওঁ কৈছিল- মই ভাবো কোনেও মোক মনত নাৰাখক, সেইটোৱেই মই বিচাৰিম ৷ সেইবাবেই মই মোৰ শেষ ইচ্ছাৰ টোকা এটা সাজু কৰি থৈছো ৷ মই মৰিম, ডাইৰেক্ট কাট টু শ্মশান ৷ এই ট্ৰাকত উঠাই ঘূৰোৱা, নাটক কৰা, ক্লাবলৈ নিয়া, এইবোৰ নহয় ৷ মই নিজে জানো মই কি বা কিমানৰ মানুহ ৷ মই মনত ৰাখিবলগীয়া প্ৰাণী নহয় ৷ অৱশ্যে এয়া তেওঁৰ আক্ষেপ আছিল নে কাৰোবাৰ প্ৰতি ক্ষোভ আছিল নে সঁচাই তেওঁ সেয়াই বিচাৰিছিল সেয়া কেৱল তেওঁৱেই জানে, ইমান বহল অন্তৰৰ শিল্পী গৰাকীৰ মৃত্যুত অসমৰ সাংস্কৃতিক জগতৰ বাবে অপূৰণীয় ক্ষতি! শিল্পী গৰাকীৰ বিদেহ আত্মাই বৈকুণ্ঠত স্থান পাওক ভগৱন্তৰ ওচৰত সেৱা জনালোঁ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)