ধাৰাবাহিক উপন্যাস ~অৰণ্যৰোদন ১৩▪️নবীন চন্দ্ৰ মেধি

@admin
0
: হেল্ল নিৰ্মল। মই ফুকন ছাৰে ক'লো । 

: হয় । কওকচোন ছাৰ ।

: তুমিতো জানাই । আমি এখন কবিতা পুথি প্ৰকাশ কৰিবলৈ ওলাইছো । পকা বন্ধা আকাৰত প্ৰকাশ কৰা হ'ব । প্ৰত্যেকৰে পৰা আমি দুটাকৈ কবিতা প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম । যদি একো অসুবিধা নহয় তেন্তে তোমাৰ ফালৰ পৰাও দুটাকৈ কবিতা পঠিওৱাৰ চেষ্টা কৰিবা । বুজিছানে আমাৰ কবিতাৰ জুহাল গোটৰ পৰা প্ৰকাশ কৰিম । নিজা প্ৰকাশনৰ পৰা প্ৰকাশ কৰিম । আই এছ বি এন নম্বৰ থাকিব । প্ৰায় পঞ্চাশজনমান কবিৰ কবিতা একেলগে প্ৰকাশ পাব । তুমিও সোনকালে পঠিয়াই দিবা দেই নিৰ্মল । 

: হ'ব ছাৰ । মই পঠিয়াই দিবলৈ চেষ্টা কৰিম । 

: বাৰু হ'ব তেতিয়া । 

: অ হ'ব দিয়ক । 

সেয়া ড০ প্ৰণৱ ঢেকিয়াল ফুকন ছাৰে ফোন কৰিছিল । সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ প্ৰণৱ ঢেকিয়াল ফুকন । নিৰ্মলে সৰুপথাৰ মহাবিদ্যালয়ত পঢ়ি থকা সময়ত এখেতে চাকৰিত যোগদান কৰাই নাছিল । অৱশ্যে বিভাগ বেলেগ আছিল । নিৰ্মল কুমাৰ শৰ্মা আছিল ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰ । শ্ৰদ্ধাৰ ঘনশ্যাম বৰা ছাৰ আছিল সৰুপথাৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক । অৰুণ দুৱৰা ছাৰ , জয়ন্ত বৰা ছাৰ আৰু ফিলচন ইন্দুৱাৰ ছাৰ আছিল সহ অধ্যাপক । নিৰ্মল কুমাৰ ৰাজনীতি বিজ্ঞানৰ স্নাতক যদিও স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ সপোন সপোন হৈয়ে থাকিল । 

ফুকন ছাৰৰ লগত চা চিনাকি হোৱা কেবাবছৰো হ'ল । ২০১০ চনমানৰ পৰাই চিনাকি । ২০০৮ চনত নিৰ্মল কুমাৰে প্ৰথম কবিতা পুথি প্ৰকাশ কৰিছিল । সেই কবিতা সংকলন খনিৰ এটা কপি ছাৰে বিচাৰিছিল আৰু সৰুপথাৰ মহাবিদ্যালয়ৰ অংশকালীন শিক্ষক ( বৰ্তমান স্বৰ্গীয় ) নৰেন হাতীবৰুৱাদাৰ হাতত দি পঠিয়াইছিল । সেই তেতিয়াৰ পৰা এতিয়ালৈকে বন্ধুত্বৰ সম্পৰ্ক চলাই ৰাখিবলৈ চেষ্টা কৰিছে । 

কবিতাৰ জুহাল গোটৰ সদস্য হৈ থকাৰ বাবে ছাৰৰ লগত নিৰ্মলৰ সম্পৰ্ক আৰু গভীৰ হৈ পৰিছিল । ছাৰৰ কথা ৰাখি নিৰ্মল কুমাৰে দুটা কবিতা প্ৰেৰণ কৰিছিল ।

 অৱশেষত ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত সৰুপথাৰ মহাবিদ্যালয়ৰ এক আটকধুনীয়া পৰিবেশত " জুহালৰ কবিতা " নামৰ কবিতা সংকলন খনিৰ উন্মোচন কৰা হয় । সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ , অধ্যাপক , প্ৰাক্তন অধ্যাপক , প্ৰাক্তন অধ্যক্ষ আৰু অসমৰ কেবাগৰাকীও বিশিষ্ট কবি সাহিত্যিকৰ উপস্থিতিত জুহালৰ কবিতা সংকলন খনিৰ উন্মোচনী সভা অনুষ্ঠিত কৰা হয় । ড০ প্ৰণৱ ঢেকিয়াল ফুকন ছাৰ আৰু নিৰু দত্ত বাইদেউৰ ঐকান্তিক প্ৰচেষ্টাত আৰু সম্পাদনাত জুহালৰ কবিতাই ১১২ পৃষ্ঠা সৈতে সৰুপথাৰৰ জুহাল প্ৰকাশনৰ পৰা পকাবন্ধা কিতাপৰ আকাৰত প্ৰকাশ পায় । নিৰ্মল কুমাৰ শৰ্মাই এই অনুষ্ঠানৰ লগত জড়িত হ'বলৈ পাই বৰ ভাল পালে । কবিতাৰ জুহাল গোটৰ প্ৰথম প্ৰচেষ্টা সফল হ'ল । 

ইয়াৰ পিছত আকৌ এটা সন্তান জন্ম দিয়াৰ মানসেৰে একেটা বছৰৰে অক্টোবৰ মাহত ছাৰে ফোন কৰিলে । এইবাৰ আকৌ এখন কবিতা পুথি প্ৰকাশ কৰাৰ চিন্তা চৰ্চা কৰিছো । " সমকালীন অসমীয়া কবিৰ কবিতা " । এইবাৰ তুমিও থাকিব লাগিব । আমি আটায়ে একেলগে বহি আলোচনা কৰিম । 

এইবাৰ সোতৰগৰাকী কবিৰ প্ৰত্যেকৰে পৰা দহটাকৈ কবিতাৰ লগতে কবিৰ চমু পৰিচয় সহ দুশ পৃষ্ঠাৰ পকাবন্ধা কিতাপৰ আকাৰে ডিচেম্বৰ মাহৰ দহ তাৰিখে সৰুপথাৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত উলহ মালহেৰে উন্মোচনী অনুষ্ঠান সম্পন্ন হয় । সুন্দৰ অনুষ্ঠান আছিল সেয়া । নিৰ্মল কুমাৰ শৰ্মাই স্মৃতিৰ এলবামত সাঁচি থব পৰাকৈ এটা অনুষ্ঠান আছিল । 

নিৰ্মল কুমাৰৰ এনে পৰিবেশ বৰ প্ৰিয় । স্মৃতি সুঁৱৰি তেখেত আবেগিক হৈ পৰিছিল । 

( আগলৈ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)