বৃক্ষৰ বিলাপ - বন্দনা চৌধুৰী

©Admin
0
কোনো কালে মই
কৰা নাই তোমালোকৰ 
একো অপকাৰ 
মই সদায় দিবহে খোজোঁ
ফল-ফুল, সঞ্জীৱনী বায়ু, আশ্ৰয়,
মোৰ শীতল ছাঁ
আৰু যে কত কি
হে লুভীয়া স্বাৰ্থপৰ লোক
মোৰ ধংসই যে নিজৰ বিপদ
সেইকথা জানোঁ 
উপলব্ধি কৰা?
মই নাথাকিলে 
কেনেকৈ ৰক্ষা পৰিব
জীৱকুল আৰু এই সুন্দৰ প্ৰকৃতি?
যিমান পাৰা সিমান 
মোক বচোৱা, জীয়াই ৰাখা
তোমালোকৰ 
ভৱিষ্যত প্ৰজন্মৰ বাবে
কাবৌ কৰিছোঁ 
মোৰ কাৰণে নহয় 
তোমালোকৰ স্বাৰ্থৰ কাৰণে
অনুগ্ৰহ কৰি মোক
জীয়াই ৰাখা সুন্দৰকৈ
এয়ে মোৰ অনুৰোধ তোমালোকলৈ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)