তোমাৰ দুহাতত হাত থৈ আমি
অনুশীলন কৰিম নতুন দিনৰ,
নৱবৰ্ষ তোমাতেই সাঁচি ৰাখিছোঁ
দুচকুত অজস্ৰ সপোনৰ কুঁহিপাত
অন্তৰত অজুত ভালপোৱা,
দুহাতত হাজাৰটা শুভকামনা।
পুৰণিক বিদায় দি নতুনক লৈছোঁ আঁকোৱালি
নৱবৰ্ষ তুমি সুখ, শান্তিৰ বাৰ্তা লৈ,
আহা আমাৰ জীৱনলৈ।
✍️পাপৰি দাস।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ