আজিৰ পৰা প্ৰায় পোন্ধৰ বছৰৰ আগৰ কথা । মই বাইদেউৰ সখীয়েকৰ ঘৰলৈ মানে সখী বাইদেউৰ ঘৰলৈ ফুৰিবলৈ গৈছিলো । মৰমৰ বাইদেউ গৰাকীৰ ঘৰত চাহ তামোল খাই ভাত খাবলৈ হয় মানে ভিনদেউহঁতৰ ওচৰৰ মানুহঘৰলৈ ভিনদেউৰ সতে পাক এটা মাৰিলো । ভিনদেউৱে চা চিনাকি কৰি দিলে । কথা বতৰা পাতিলো । মুখৰ কথাৰ চিনাকিতে তেখেতে ক'লে তোমাৰ দেউতাৰা আমাৰ এওঁৰ মানে আইগৰাকীৰ মামা হয় ।
মই তেখেতক চিনি পাওঁ যদিও ঘৰলৈ গৈ পোৱা নাছিলো । তেখেতে আগতে আমাৰ ঘৰলৈও আহিছিল । তেখেতৰ নামতো ভাল লাগে । কিবা বোলে হৰি হৰি বাপ ।
তেখেতৰ কথাবোৰ অলপ কাব্যিক সুৰৰ । কথাৰ প্ৰসংগত তেখেতে বজাৰলৈ যোৱাৰ এটি কাহিনী ক'লে ।
কাহিনীতো এনেধৰণৰ
এদিন হৰিহৰি বাপে চাইকেলখনত ঘৰৰে শাক-পাচলি এসোপা বোজাই দি বজাৰলৈ গ'ল । বজাৰলৈ যোৱাতো তেখেতৰ দেৰি । তেখেতৰ ভাষাত -
বজাৰৰ সকলো ভাল ।
মই যাওঁ সকলোতকৈ দেৰি কৰি ,
ঘৰলৈ উভতি আহো আগ ধৰি ।
আগতেই মালখিনি বেচি হয় মোৰ ।
মই যদি কওঁ দহ টকা , বেপাৰীয়ে দিয়ে আঠ টকা , তেতিয়া মই কওঁ ,
হৰি হৰি তুমি চোৱাচোন চিন্তা কৰি ,
মই আহিছো দূৰৈৰ পৰা চাইকেল মাৰি ,
মালখিনি লৈ কষ্ট কৰি ,
মনতে চিন্তা কৰি ,
দহ টকা পালেহে দিম বিক্ৰী কৰি ,
দহ টকা নাপালে দিওঁ কেনে কৰি ?
হৰি হৰি বাপৰ কথা শুনি বেপাৰীয়ে দৰদাম কৰি নাথাকি হৰি হৰি বাপে বিচৰা দামেই দিয়ে । গতিকে হৰি হৰি বাপেও আনন্দ মনেৰে ঘৰলৈ উভতি আহে ।
গাঁৱলীয়া সমাজত প্ৰচলিত ৰীতি-নীতি অনুসৰি তেখেত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সদস্য । খেতিয়ক মানুহ । শাক-পাচলি খেতি কৰাৰ লগতে ধান খেতিও কৰে । মনত ভগৱানৰ প্ৰতি অলপ ভাৱ ভক্তি আছে । আচাৰ ব্যৱহাৰো ভাল । এতিয়া সিমান অহা যোৱা কৰা নহয় যদিও তেখেতৰ কথাবোৰ এতিয়াও মনত আছে ।
দেউতাৰ ভাগিনজোঁৱাই যেতিয়া আমাৰো ভিনদেউ হ'ব । অৱশেষত চাহ তামোল খাই বাইদেউ ভিনদেউহঁতক মাত লগাই সখী বাইদেউৰ ঘৰলৈ উভতি আহিছিলো ।
◾নবীন চন্দ্ৰ মেধি
গোলাঘাট ।
৯১০১৮২০৪১১
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ