ধাৰাবাহিক উপন্যাস~অৰণ্যৰোদন ১৪ ▪️নবীন চন্দ্ৰ মেধি

@admin
0
: হেল্ল নিৰ্মলদা মই বিদ্যুৎ মহন্তই কৈছো । ক'ত আছে আপুনি ? 
: অ বিদ্যুৎ কোৱা কি খবৰ তোমাৰ ? 
: ভাল ভাল । হেৰি নহয় নিৰ্মলদা , ঢেকিয়াল ফুকন ছাৰ ফোন কৰিছিল । পৰহীলৈ সদৌ অসম কবি সন্মিলনৰ এখন সভা অনুষ্ঠিত কৰা হ'ব মৰাজান এম ই স্কুলত । গতিকে আপুনি আহিব লাগিব । নাওজান চুঙাজান আঞ্চলিক কবি সন্মিলন গঠন কৰা হ'ব । 
: নিশ্চয় চেষ্টা কৰিম । 

পৰহীদিনা বিদ্যুৎ মহন্তই ফোন কৰি খৱৰটো দিছিল । কবি সন্মিলন এখন গঠন কৰাৰ কথা বহুদিনৰ আগতে চিন্তা চৰ্চা কৰা হৈছিল যদিও সময়ৰ অভাৱৰ বাবে সেয়া সম্ভৱ হৈ উঠা নাছিল । প্ৰণৱ ঢেকিয়াল ফুকন ছাৰে কেইবাদিনো ফোন কৰি কবি সন্মিলন গঠন কৰাৰ কথা কৈছিল যদিও অৱশেষত বিদ্যুৎ মহন্তক দায়িত্ব দিয়ে । 

ব্যস্ততাৰ মাজেৰেই সিদিনা কবি সন্মিলনলৈ যাব লগা হৈছিল । সি গৈ পোৱাৰ আগতেই সভাখন আৰম্ভ হৈছিল । ড০ প্ৰণৱ ঢেকিয়াল ফুকন ছাৰে সঞ্চালকৰ আসন অলংকৃত কৰিছিল । ফুকন ছাৰ গোলাঘাট জিলা কবি সন্মিলনৰ সভাপতি । সদৌ অসম কবি সন্মিলনৰ উপ-সভাপতি দিলীপ কুমাৰ শৰ্মা ছাৰৰ লগতে গোলাঘাট জিলা কবি সন্মিলনৰ প্ৰচাৰ সম্পাদকদ্বয় স্পনানী গগৈ চেতিয়া আৰু মহেশ্বৰ বসুমতাৰী উপস্থিত আছিল । 

আঘোণৰ কবিতা শীৰ্ষক কবিতাৰ আড্ডা অনুষ্ঠিত হোৱাৰ লগতে সেই সভাতেই বৃহত্তৰ নাওজান চুঙাজান আঞ্চলিক কবি সন্মিলন গঠন কৰা হয় । শেখৰ চুববা সভাপতি নিৰ্বাচিত হয় আৰু মুকুন্দ মাধৱ বৰা সম্পাদক হিচাপে নিৰ্বাচিত হয় । নিৰ্মল কুমাৰ সহ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল যদিও গোলাঘাট জিলা কবি সন্মিলনৰ সভাপতি ড০ প্ৰণৱ ঢেকিয়াল ফুকন ছাৰে আৰু স্পনানী গগৈ চেতিয়া বাইদেউৰ অনুৰোধত বিশেষভাৱে পত্ৰিকা সম্পাদনা কৰাৰ দায়িত্ব গ্ৰহণ কৰে । কাৰণ এখন সৰ্বাংগ সুন্দৰ আলোচনী প্ৰকাশ কৰিবৰ বাবে এজন অভিজ্ঞ লোককহে দায়িত্ব প্ৰদান কৰিব লাগে । সেয়ে হয়তো নিৰ্মল কুমাৰ শৰ্মা ছাৰকে এই দায়িত্ব প্ৰদান কৰিছিল । 

কম দিনৰ ভিতৰতে এখন কবিতা পুথি প্ৰকাশ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । সদৌ অসম কবি সন্মিলনৰ উপ-সভাপতি দিলীপ কুমাৰ শৰ্মা ছাৰে সকলো খৰচ বহন কৰিবলৈ আগবাঢ়ি আহে । 

১৯৯৭/৯৮ চনতেই জীৱন বৰা আৰু শেখৰ চুববাৰ নেতৃত্বত ধনশিৰি ভ্ৰাম্যমাণ পুথিভঁৰাল চুঙাজানত স্থাপন কৰা হৈছিল আৰু হাতেলিখা আলোচনী " শুভেচ্ছা " ১৯৯৯ চনত প্ৰকাশ পাইছিল । বিভিন্ন সময়ত কবিতাৰ আড্ডা , শৰতৰ আবেলি , কবিতাৰ গধূলি আদি অনুষ্ঠিত কৰিছিল । এতিয়া আকৌ কুৰি বছৰৰ পাছত দুয়ো বন্ধুৱে একেলগে মিলি সাহিত্য চৰ্চা কৰিবলৈ সুবিধা পাইছে । ইমান বছৰৰ অভিজ্ঞতাৰে নিশ্চয় এখন ভাল আলোচনী প্ৰকাশ কৰি উলিয়াবলৈ সক্ষম হ'ব । 

ইমান বছৰৰ পাছত দুয়ো বন্ধুৱে একেলগে মিলি একাপ কফি খোৱা যাওক বুলি ভাবি শেখৰ চুববাদাৰ ঘৰলৈ গ'ল । সময়োপযোগী দুআষাৰমান কথা বতৰা পতাৰ পিছত লৰালৰিকৈ নিৰ্মল কুমাৰে ঘৰলৈ উভতি আহিছিল । 

( আগলৈ)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)