প্ৰবন্ধ••মানুহ ভিন্ন,মানুহ কোন ? ••পৰেশ দাস

@admin
0
দেখাত মানুহ যেন লাগিলেও সকলো মানুহ নহয়। কথাষাৰ অপ্ৰিয় সত্য। আকৃতিত মানুহ হ'লেও সকলো যে মানুহ নহয় সেই কথা যুগে - যুগে প্ৰমাণিত। তাৰ প্ৰমাণ আপুনি, মই, আমি সকলোবোৰ।
      জীৱ সমূহৰ ভিতৰত শ্ৰেষ্ঠ জীৱ মানুহেই আটাইতকৈ ভিন্ন । এক কথাত সকলো ক্ষেত্ৰতে ভিন্ন। মাত-কথা,আচাৰ-আচৰণ, বসবাস,খাদ্য আদি সকলোতে ভিন্ন। ইয়াৰ মাজৰে কিছুমান ভিন্নতাই সমাজখন কলুষিত কৰি আহিছে। আচলতে জানিও ভুল কৰোঁ বুলি কৰা জীৱ বিধেই মানুহ। সেয়ে ক'বলৈ ভাল লাগে মানুহ সঁচাই ভিন্ন। তেনেহ'লে মানুহ কিয় জীৱ শ্ৰেষ্ঠ? ভিন্ন মানুহৰ চাৰিত্ৰিক বৈশিষ্ট্য বিষয়ে নকলে বিষয়টো আধৰুৱা হ'ব। 
        যদিও দেশ বেলেগ তথাপি পৃথিৱী এখনেই কিন্তু দেশে দেশে মানুহ আছে যদিও এক মানৱ হ'ব পৰা নাই। হিন্দু-মুছলিম,জৈন-খ্ৰীষ্টান আদি ধৰ্মক লৈ মানুহৰ ধৰ্ম ভিন্ন। কোচ-কলিতা-কৈৱৰ্তক লৈ মানুহৰ জাতি ভিন্ন। ধনী-দুখীয়াক লৈ মানুহ ভিন্ন। চেহেৰা-স্বাস্থ্যক লৈ মানুহ ভিন্ন। শিক্ষক - ছাত্ৰৰ মাজৰ সম্পৰ্ক ভিন্ন। এই ভিন্নতাৰ মাজতো মানুহবোৰ শ্ৰেষ্ঠ ভাবিলেই লাজ লগা কথা। 
     সৰুৰেপৰা একেলগে খেলা-ধূলা কৰি ডাঙৰ হোৱা লগৰীয়াজন,শ্রেণীকোঠাৰ সহপাঠী জনো ইমান জটিল হৈ পৰে ভাবিলেই আচৰিত লাগে। 
     চোৰ-ডকাইত,ঠগ-প্ৰৱঞ্চক, ধ র্ষক, হত্যাকাৰী, প্ৰতাৰক, ভদ্ৰ-অভদ্ৰ কিমান যে মানুহ লগ পাওঁ আমি। বিশ্বায়নৰ যুগত,প্ৰযুক্তি বিদ্যা উন্নতিৰ ফলত ভুৱা মানুহো পাবলৈ সক্ষম হৈছোঁ। কোনোবাই কাৰোবাক সহায় কৰি সুখী হয় আৰু আন কোনোবাই আনক ঠগিবলৈ বাট চাই থাকে। এচাম আছে নিজেই কি কৰিছোঁ তালৈ ভ্রক্ষেপ নাই কিন্তু আনে কি কৰিছে তাক লৈ সমালোচনাত ব্যস্ত। সেয়ে কৈছোঁ জগতত আটাইতকৈ বেছি ভিন্ন শ্ৰেষ্ঠ বুলি আত্মগৌৰৱী মানুহবোৰ। মানুহবোৰ ইমান ভিন্ন যে নিৰাপত্তাৰ বাবেও আকৌ এই পৃথিৱীত মানুহৰ বাবে মানুহৰে প্ৰয়োজন। ওখ -ওখ দেৱালবোৰেও কৈ দিয়ে মানৱ জাতিত বিশ্বাসৰ ভেটি একেবাৰেই ঠুনুকা। সঁচাই আচৰিত নহয়নে? 
      মৰমতে আই-বোপাই দেহা-সোণ বুলি মতা সন্তানো হৈ পৰে হিংসুক। তোমাক নাপালে মই মৰি যাম বুলি কোৱা প্ৰেমিক-প্ৰেমিকাও হয় বিশ্বাসঘাতক। একেলগে গোটেই জীৱন পতি-পত্নী হৈ থাকিম বুলি সংসাৰ গঢ়া সংসাৰো নিমিষতে শেষ হয়। কিমান বেছি ভিন্ন বাৰু? ভিন্নতাৰ মাজতো মানুহ হৈ জীয়াই আছে কিছুমান মানুহ। যাৰ কাৰণে ধুনীয়া হৈ আছে পৃথিৱীখন। এই ভিন্নতাৰ মাজত মানুহ কোন? 
    (ক) কেৱল নিজৰ কথা নাভাবি সকলোৰে উন্নতি হোৱাকৈ যিয়ে কাম কৰি আছে তেওঁলোকেই প্ৰকৃত মানুহ। 
   (খ) অসহায় জনক যিয়ে সহায় কৰে,মানৱীয় ধৰ্ম যিয়ে পালন কৰি আছে তেওঁৱে মানুহ। 
   (গ) জগতৰ কল্যাণৰ বাবে,প্ৰকৃতিৰ সুৰক্ষাৰ বাবে যিয়ে কাম কৰি আছে তেওঁৱেই মানুহ। 
   ( ঘ) আনক নেতিবাচক সমালোচনা কৰা বিপৰীতে যিয়ে আনৰ সফলতাত সুখী হ'ব পাৰিছে তেওঁৱেই প্ৰকৃত মানুহ।
      সঁচা অৰ্থত মানুহে কেতিয়াও নিজৰ স্বাৰ্থৰ পূৰণৰ উদ্দেশ্যে আনক ব্যৱহাৰ কৰিব নালাগে। কাৰণ আমি আমাৰ স্বভাৱ-চৰিত্ৰ ইয়াতেই এৰি যাব লাগিব। আমি কোনো ইয়াত স্থায়ী নহয় এই কথাটো সকলোৱে উপলব্ধি কৰা উচিত। গতিকে আমি মানুহ হৈ জীয়াই থকাটোৱে শ্ৰেয়!



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)