মানৱীয়তা•নবীন চন্দ্ৰ মেধি

@admin
0
আজিৰ পৰিৱেশত আটাইতকৈ দুৰ্লভ বস্তু বিধেই হৈছে মানৱীয়তা । বাকী সকলো সুলভ । কেৱল মাত্ৰ ধনৰহে প্ৰয়োজন । হাতত ধন থাকিলে আজিৰ যুগত সকলো হাতৰ মুঠিত । যেনে গাঁৱত বাস কৰা এজন ধনী জমিদাৰ মহাজন । ধনৰ বলত গাঁৱৰ লোকসকলৰ মৰম চেনেহ বা শ্ৰদ্ধা ভক্তি বুটলিবলৈ সক্ষম হৈছে । ধনৰ বলত বলীয়ান হৈ গাঁৱৰ সহজ সৰল লোকসকলক কিদৰে ঠগে তাৰ উদাহৰণ অলেখ আছে । আপোনাৰ বিপদৰ সময়ত আন কোনো আগবাঢ়ি নাহে কিন্তু মহাজন আহিব কিয়নো মহাজনৰ অন্তৰখন বহুত বহল । আনৰ দুখত দুখী আৰু আনৰ সুখত সুখী । লাগ বুলিলেই মহাজনে লাখ টকা ধাৰে দিব পাৰে । ধন মহাজনৰ বাবে হাতৰ মলি । মহাজনে জানে আজি দিয়া লাখ টকা অথলে নাযায় আৰু গৃহস্থই কোনোকালে ঘুৰাই দিব নোৱাৰে । সুদত সুদ বাঢ়ি এদিন গৈ মহাজনৰ ধন পাহাৰ সদৃশ হ'ব আৰু সেই পাহাৰেৰে মহাজনে ঋণগ্ৰস্তলোকজনৰ মাটি ভেটি হস্তগত কৰিব । সুদত সুদ বাঢ়ি যায় আৰু মহাজনৰ মৰম বাঢ়ি যায় । মহাজনে মাটিখিনি পালে মৰমতে সুদৰ কথা পাহৰি যায় আৰু হ'ব দে বোপাই বাকীখিনি সুদ তোক মই ৰেহাই দিলো তোমাৰ মাটি ভেটি দিলেই হ'ব । এয়াই হয়তো মানৱীয়তা । 
গাঁৱৰ ভিতৰতে থকা মানৱীয়তা গুণ দেখিলে , এতিয়া আহক চহৰৰ মানৱীয়তাৰ ৰেহ ৰূপ চাওঁ ।
সোতৰটাকৈ কোম্পানীৰ মালিক , আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ব্যক্তিগত বিদ্যালয় , কেবাখনো চাহবাগিচাৰ মালিক আৰু হাজাৰ বিঘা মাটিৰ মালিক হৈ মন্ত্ৰীত্বৰ মোহ ত্যাগ কৰিব পৰা নাই । মন্ত্ৰীত্বৰ ক্ষমতা লাভ কৰাৰ পিছত সাধাৰণ মানুহখিনিক অৰুণোদয় আঁচনিৰ নামত এহেজাৰ টকা , বৃদ্ধ পেঞ্চনৰ নামত আঢ়ৈশ টকা , কৃষকসকলক মাজে মাজে দুহেজাৰকৈ টকা , অন্নসুৰক্ষা যোজনাৰ অধীনত চাউল পাঁচ কেজি , এয়াই হৈছে চৰকাৰী পৰ্যায়ৰ মৰম । নিজে কোটি টকাৰে ঘোঁৰা কিনা বেচা কৰে আৰু জনসাধাৰণৰ ছাগলী এজনী পুহিবলৈও ধনৰ অভাৱ । এয়াই হয়তো মানৱীয়তা । 
ভূলুণ্ঠিত আজি মানুহৰ মানৱীয়তা । "ধনেই ধৰ্মৰ মূল ধন নহ'লে যায় জাতি কুল "। এই আপ্ত বাক্যশাৰী শিৰোগত কৰি আজিৰ মানুহে মানবীয়তাতকৈ ধনকহে বেছি গুৰুত্ব দিয়া দেখা গৈছে । আজিৰ মানুহৰ মাজত মানৱীয়তা এক অৰ্থহীন শব্দ । দকা - হকা দি হ'লেও সাতপুৰুষেও খাই শেষ কৰিব নোৱাৰাকৈ সম্পত্তি আহৰণ কৰিব পৰাটোৱেই জীৱনৰ অন্তিম উদ্দেশ্যে । 
যাৰ ধন আছে সি সদায় আগস্থান পায়! গাঁৱৰ ফুটবল খেলখন নতুবা ক্ৰিকেট খেলখনেই হওক নতুবা ৰঙালী বিহু সন্মিলনৰ উদযাপন সমিতি গঠন কৰাৰ ক্ষেত্ৰতে হওক সভাপতিৰ আসন অলংকৃত কৰিব সেই ধনী ব্যক্তিজনেহে । যিসকলে তাৰ বাবে যথেষ্ট কষ্ট কৰিবলগীয়া হয় তাৰ ফল সেইসকলে লাভ নকৰে । সাহিত্যিকৰ সভা এখনতো তেনেদৰেই অসাহিত্যিকৰ ভীৰ । যিজনে আজিলৈকে এটা কবিতা লিখি পোৱা নাই বা এটা গল্প লিখি পোৱা নাই সেইজনেই টকাৰ বলত সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হয় অথবা কাৰ্যনিৰ্বাহ কৰে । এয়াই হয়তো মানৱীয়তা । 
সকলো অনুষ্ঠানৰ মূল মূল পদত ধনী ব্যক্তি সকলেই আগস্থান পায় কেৱল মাত্ৰ টকাৰ জোৰত । টকা দান কৰিব পাৰিলে বঁটা বাহন উভৈনদী হৈ পৰে । এয়াই সত্য । আজিৰ মানৱতা ভুলুণ্ঠিত জ্ঞান শিক্ষা উদাৰতা মহানতা এইবোৰৰ স্থান নাই এইখন সমাজত। 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)