এইয়া প্ৰলাপ,
অনৰ্গল অপলাপ,
হয়তো বেবেৰিবাং ।
কিন্তু মই জীয়াই ৰাখিছোঁ,
মচ খাই যোৱা আমাৰ ছবিখন ।
স্মৃতিৰ বাকৰিত,
শেৱালী ফুলৰ সুবাস বিচাৰি
সেউজ হৃদয়ৰ অনুৰাগ
যুগ-যুগান্তৰ ধৰি।
ইতিহাসৰ পৃষ্ঠা ভৰি আছে,
অবুজন আত্মাৰ গগণ ফলা চিঞৰত,
শাৰদী ৰাণীৰ
আনন্দৰ বন্যা।
তলসৰা শেৱালীৰ নিয়ৰ সনা
শুভ্ৰ বসনত ,
স্তম্ভিত আবেগ।
অস্তগামী সূৰুযৰ হেঙুলীয়া আভাত ,
শুকুলা ডাৱৰৰ লুকাভাকু।
আৰু মই,
আজীৱন পুৰাতনীয় শিল্পী সত্বাৰ মানৱতাবাদী কণ্ঠস্বৰ হৈ
ভয়ানক নিশাৰ ভয়ংকৰ সাক্ষী হৈ
সৃষ্টি আৰু ধ্বংসৰ ,
অকল্পনীয় নিৰ্মম সময়ৰ
সঁচা অভিজ্ঞতাৰ তিক্ত দস্তাবেজ হৈ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ