পাকলগা সপোন▪️পাপু শইকীয়া

Rinku Rajowar
0
বিনিদ্ৰ ৰজনী কটাম তোমাৰ ভাৱনাত,
প্ৰতিটো দিনেই ৰৈ যাম তোমাৰ অপেক্ষাত,
মন-হাঁহ খেদি খেদি বন শেষ তাত,
বিচাৰি ফুৰিম তোমাৰ এশাৰী মাত।
কিন্তু,
কিন্তু তোমাক নকওঁ!

আঘোণৰ পথাৰত মনত পৰে ঘাত প্ৰতিঘাত, 
সোণবৰণীয়া দিঠক আছে তাত,
শীতৰ সেমেকা ৰাতি কুৱঁলীৰে নেদেখা বাট , 
যেতিয়া পৃথিৱী গভীৰ নিদ্ৰাত , 
মই হাত থ'ম দিনলিপিৰ পুৰণি পৃষ্ঠাত। 
কিন্তু, 
কিন্তু তোমাক নকওঁ! 

শাওণৰ দুখৰ পৃষ্ঠাবোৰ, 
নৰাত গুজি থ'ম, 
প্ৰতিটো কাঁচিৰ শব্দত 
ছিটিকি পৰা হাহিঁৰ খিলখিলনিবোৰ, 
জোলোঙাত ভৰাই থ'ম। 
কিন্তু, 
কিন্তু তোমাক নকওঁ! 

স্মৃতিৰ কোঠালিবোৰ ভৰাই পেলাম, 
ৰঙীন মাতাল সপোনে, 
হেৰাই যাম ঘনঘোৰ অন্ধকাৰৰ মাজে, 
আৰু, 
আৰু তুমি গমেই নাপাবা! 
চিগাৰেটৰ ধোঁৱাৰ কুণ্ডলীবোৰত 
সিচিঁ পঠিয়াম হাজাৰ কবিতা, 
আৰু প্ৰতিটো কবিতাত তোমাৰেই নাম, 
অমানিশা, অমানিশা, অমানিশা!!! 

✍️পাপু শইকীয়া 
   চিনাতলী (গোলাঘাট) 
  ভ্ৰাম্যভাষ :-৯৮৬৪৫০২৮৭৩


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)