জোনাক-লিছাপৰ্ণা শইকীয়া

Rinku Rajowar
0
নিৰৱতা বুকুত হেন্দোলনি দি থকা এক প্ৰশান্তিৰ ৰাগিনী তুমি অবুজ সাঁথৰ যেন.....

তথাপিও সুধিব মন,কিয় প্রিয় ইমান তুমি?

শুনাব মন যায়... তোমাৰ বুকুত সাৰ পোৱা নীলিম কবিতাৰ গাঁথা!!
 য'ত নিগৰে আশা- নিৰাশাৰ মৰম সুঁতি আৰু কিছু নস্তালজিক মূহুৰ্তৰ আৱেগৰ ভাষা । 
কিন্তু তুমি যে নিমাত !! 
তাতো আছে জানা এক সুকীয়া মাদকতা.... 
অনুভৱ কৰোঁ প্ৰীতিভৰা মলয়াৰ আগমন, 
সেই নিৰ্জন জোনাকৰ আলমত...

সেয়ে হয়তো শান্ত জোনাকত হেঁপাহ পলুৱাই ওমলে অক্লান্ত বাসনাবোৰে। 
তৰাফুলা আকাশৰ ৰূপোৱালী চমক তুমি, 
জোনাকীৰ সাৰথি জোনাক তুমি, 
মনৰ নিজনাত সদায় উজ্জ্বলিবা তুমি..... 
ৰাতিৰ আকাশ শুৱনি কৰি।।
বিনিদ্ৰ ৰজনীৰ মৌন কোলাৰ এটি শীতল পৰশ তুমি ... 
ধুই নিয়া দিনটোৰ সমস্ত অৱসাদ, 
মৌনতাক সংগী কৰি যেন আজি মই সুখী তোমাৰ ছায়াৰে!!
গোপনে সাঁচি ৰখা বিষাদে জানে..... 
এই মৌনতাৰ আঁৰৰ কাহিনী !!
আছে কিছু অকথিত ব্যথা আছে
অলেখ অন্তদ্বন্দৰ অপ্ৰকাশিত কথা৷৷ 
কত ভাৱনা, কত কবিতা ম্লান পৰে সেই বাটত..... 
হেৰাই যায় জোনাকীজনীও দিনৰ পোহৰত৷৷

◾লিছাপৰ্ণা শইকীয়া
জিলা:- গোলাঘাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)