ভাৱনাত ফুলেই ফুলি হালি-জালি নাচে
জাতিস্কাৰ ফুলনিৰ নান্দনিক দৃশ্যৰাজি
নানান ৰঙৰ ফুলেৰে আছেহি উপচি
ভোমোৰা মৌ-মাখিৰ কিমান যে উৰণ
কোনে কিমান জুৰিছে হিয়া উজাৰি
ধ্ৰুপদী সঙ্গীতৰ ৰাগৰ মূৰ্চ্ছনা
সৰগী প্ৰেমৰ মাদকতাত যেন
উন্মনা মনেই হয় কিযে মতলীয়া
ধ্ৰুপদী ৰাগ চাগে মোৰ হৃদয়ৰ তুমি
নক্ষত্ৰ হৈ উজ্জ্বলি উঠা তুমি
জীবন জ্যোতিষ্কত মোৰ
চকুত চকুৰ ভিন্ন দৃষ্টি এক ভিন্নতা
চকুৰ প্ৰচাৰত অদৃশ্য যেন
জীৱন নান্দনিক উপমাৰ ৰূপক
সময়ৰ বলুকাত জীৱন যৌৱনৰ খেল
জ্যোতিষ্মান যাত্ৰা পথত যেন তুমিও
অন্ধকাৰ হেৰুৱা জীৱন স্মৃতি গাঁথা
অনন্য এক অন্য ৰূপ বুজাব নোৱাৰা
শব্দৰ ভাঁজত ৰূপক জীৱন ৰাগৰ সণ্ঢালনি ----!
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ