ভোকৰ সংজ্ঞা দুখৰ যন্ত্ৰণা•নিপু কুমাৰ দাস

Rinku Rajowar
0
নীৰৱ বাসনাত ভোকৰ সংজ্ঞা বিচাৰি যেন
দুখৰ যন্ত্ৰণা, দুওঁঠত সময়ৰ আল্পনা......
মানুহবোৰ প্ৰণয়ৰ অজুহাত মায়াত আৱদ্ধ

কোন বাটে,বাট দেখুৱাই জীৱন জিনাৰ বাট
কোন ঘাটে চাপিব জীৱন ডিঙা,কত সেই নদীৰ ঘাট.....?
অলেখ প্ৰতিশ্ৰুতিৰ জোৱাৰ লৈ আহে ৰাজনীতি

প্ৰখৰ বুদ্ধি,ৰাজনীতিক নেতাৰ যুদ্ধংদেহি
সময়! সময় ঘূৰে নখ দৰ্পণত 
জীৱনৰ বিচাৰি কোন দিশে সুখৰ বাট

ভোকৰ সংজ্ঞাত ধূসৰিত জীৱন ছবিৰ যন্ত্ৰণা 
ইতিহাস কলংকিত আৰু কিছু অধ্যায়ৰ মন্ত্ৰণা
প্ৰণয়ৰ অজুহাত জীৱনৰ ধূসৰিত ছবি.....  

বিষাদ কবিতা! শব্দ শৈলীত মানুহবোৰ
কল্পনাবোধ কল্পচিত্ৰৰ এক অনন্য প্ৰকাশ  
কবিৰ উষ্ম বাস্তৱিকতাৰ প্ৰতিফলন

সময় যঁতৰত চকৰি ঘূৰাদি ঘূৰিছে জীৱন
দুখ আৰু সুখ একেই অনুভূতিৰ ভোক 
বাসনাৰ ইচ্ছাগ্নিত জ্বলে অলেখ প্ৰশ্নৰ স্মৃতি......।

                             
◾নিপু কুমাৰ দাস  
কাজিপাৰা,নলবাৰী 
৭০০২৩২৭৮০৫

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)