ধাৰাবাহিক উপন্যাস -অৰণ্যৰোদন ১৬ ◾নবীন চন্দ্ৰ মেধি

@admin
0
: Call me . ( ফোন এটা কৰিবচোন । )

এসপ্তাহ অপেক্ষা কৰাৰ পিছত সু খবৰটো আহিছিল । ১১ ডিচেম্বৰ , ২০২৩ তাৰিখে সামান্য মুলধনকে হাতত লৈ গাঁৱৰ জাতীয় বিদ্যালয়খনৰ ওচৰতে এটা ভাড়াঘৰ লৈ নিৰ্মল কুমাৰে আৰম্ভ কৰিবলৈ লৈছিল এখন গোমতি দোকান । পাটলিয়ে বৰকৈ দোকান দিয়াৰ কথা কৈছিল যদিও দোকান এখন আৰম্ভ কৰিবলৈ কিমান বস্তুৰ যে দৰকাৰ হয় সেই কথা তাই বুজি পোৱা নাছিল । প্ৰথম অৱস্থাত মূলধন বিনিয়োগ কৰিবলৈ সক্ষম হ'ব লাগিব । তাৰ পিছত লাহে লাহে দোকান চলিলে মানে ৰাইজে আদৰি ল'লে পাইকাৰী ব্যৱসায়ীসকলে বস্তু বাকী লৈ দিবলৈ ভয় নকৰে । তেতিয়া টকাৰ অভাৱ দূৰ হ'ব । 

কেৱল মুখৰ কথাৰে দোকান দিয়া সম্ভৱ নহয় । আলমাৰী ( আলমিৰা ) , ৰেগ , চ'কেচ আদি সামগ্ৰী গোটাবলৈ বহুত ধনৰ প্ৰয়োজন । 

যিকি নহওঁক ১০ ডিচেম্বৰ তাৰিখে সামান্য ভাৱে দোকানৰ পৰা কেইটামান বস্তু আনি দোকানত সোমোৱাই পিছদিনাখন পুৱাই দোকান খন খুলি নতুন দোকানৰ শুভাৰম্ভ কৰা হয় । প্ৰথম অৱস্থাত বিক্ৰী বৰ ভাল হোৱা নাছিল । লাহে লাহে দোকানৰ বিক্ৰী বাঢ়ি আহিবলৈ ধৰে । সৌভাগ্যৰ কথা দোকান খোলাৰ এসপ্তাহৰ ভিতৰতে দোকানৰ সন্মুখতে থকা মানুহঘৰৰ ডাঙৰ ল'ৰাটোৰ বিয়া আছিল । 

গাঁৱৰ সাধাৰণ লোকৰ বিয়াৰ সময়ত দেখা যায় সামান্য ভাৱে ৰভা দি বা পেণ্ডেল তৰি বিয়াখন ধুমধামেৰে পাতে । কিন্তু এই বিয়াখন অলপ অসাধাৰণ আছিল । লাখ টকাৰ ওপৰত খৰচ কৰি পেণ্ডেল তৰি বিয়াখন তিনিদিনীয়াকৈ অনুষ্ঠিত কৰিবলৈ লৈছিল । এদিন জোৰণ পিন্ধাবলৈ যাব , পিছদিনাখন বিয়া কৰাই ছোৱালী আনিবলৈ যাব । তৃতীয় দিনা জিৰণি লৈ চতুৰ্থ দিনা দৰা ঘৰত ৰিচিপচন মানে সমূহীয়াকৈ ভোজভাত খোৱাৰ ব্যৱস্থা কৰিব । 

এনেধৰণৰ পৰম্পৰা এইখন গাঁৱত এই প্ৰথমবাৰ হৈছে । নহ'বনো কিয় ? যিখন ঘৰত মাক পুতেক ভায়েক তিনিওটা ৰে চাকৰি , হ'ব লগীয়া কন্যাৰো চাকৰি সেইখন ঘৰত অভাৱ কি বস্তু সেয়া হয়তো অনুমানেই কৰিব নোৱাৰে । 

দোকানৰ শুভাৰম্ভ কৰাৰ দিনাৰ পৰাই বিয়া ঘৰত পেণ্ডেল দিয়া আৰম্ভ কৰিছিল । পেণ্ডেল তৰিবলৈ অহা মানুহকেইজনে নিৰ্মল কুমাৰৰ দোকানৰ পৰাই ইটো সিটো কিনি লৈ গৈছিল । এদিন সন্ধিয়া সময়ত দুজনমানে চিগনেচাৰ আৰু চিখৰ বিচাৰি আহিল । লগতে চিগাৰেট আছে নেকি বুলিও সুধিলে । 

ইমান বছৰে শিক্ষকতা কৰাৰ পিছত ল'ৰা ছোৱালীক এইবোৰ বেয়া বস্তু সেৱন কৰিব নালাগে বুলি কৈ আহিছিল । কিন্তু এতিয়া দোকান আৰম্ভ কৰাৰ পিছত কি সতেৰে কয় যে তেওঁ মাষ্টৰ মানুহ । গতিকে বিড়ি চিগাৰেট চিখৰ বিচাৰি নাহিবা । এইবোৰ সামগ্ৰী মই কাকো বিক্ৰী নকৰো । 

সি বিনম্ৰতাৰে ক'লে - 

: দোকানখন কালিৰ পৰা আৰম্ভ কৰিছো হে এইবোৰ সামগ্ৰী অনা হোৱাই নাই । পিছলৈ দেখা চাওকচোন । 

ল'ৰা জনে ক'লে - 

বিয়াঘৰৰ আলহীক সন্তুষ্ট কৰিবলৈ হ'লে এইবোৰ সামগ্ৰী বিক্ৰী কৰিব লাগিব । আজিকালি প্ৰায়ে সকলোৱে এইবোৰ সামগ্ৰী খায় । গতিকে বিক্ৰী কৰাত আপত্তি কৰিব লগা একো নাই । ৰাতি ৰাতি বিয়া ঘৰৰপৰা ডেকা ল'ৰা বোৰে দোকানলৈ এইবোৰ খাবলৈহে আহিব । গতিকে ৰাখিব লাগে । 

কথাষাৰ মিছা নহয় । গ্ৰাহক আছে যেতিয়া বিক্ৰী কৰিব লাগে । বিদ্যালয়ৰ ল'ৰা ছোৱালীক দিব নালাগে , অন্যান্য গ্ৰাহক আহিলে বিক্ৰী কৰিব পাৰি কিন্তু ওচৰত সেৱন কৰিবলৈ দিব নালাগে । ঘৰলৈ লৈ যোৱা দোকানৰ মুখৰ আগত এইবোৰ নাখাবা । কথাষাৰ জনাই দিলে হ'ল । 

হয় যোৱা এসপ্তাহ দিনে দোকানৰ বস্তু বিক্ৰীৰ তালিকাত চিখৰ চিগাৰেট চিগনেচাৰ চানা এই চাৰিটা ' চ ' ৰ বিক্ৰীৰ পৰিমাণ আটাইতকৈ বেছি হৈছিল । তাৰ বাদে বিদ্যালয়লৈ অহা যোৱা কৰা ল'ৰা ছোৱালী আৰু অভিভাৱকৰ টিফিনৰ সামগ্ৰী কম পৰিমাণে বিক্ৰী হৈছিল । 

সি দোকানৰ সামগ্ৰীসমূহৰ লগতে কিতাপ পত্ৰ ৰাখিবলৈ মনস্থ কৰিলে । ওচৰতে বিদ্যালয় আছে যেতিয়া দুই এখন কিতাপ বিক্ৰী হ'ব পাৰে । গতিকে ঘৰৰ পৰা বেগ এটাত দামী দামী কিতাপ কিছু আনি আলমাৰীত সজাই থ'লে । বিয়াৰ বতৰ । পিছে এতিয়ালৈকে এখনো কিতাপ বিক্ৰী নহ'ল । কিন্তু চ ' ৰে আৰম্ভ হোৱা বস্তু চাৰিবিধ চাৰি পাঁচ হাজাৰ টকাৰ বিক্ৰী হ'ল । সঁচাকৈ সামান্য ভাৱে দোকানখন তৰি ল'ব পাৰিলে বেকাৰ শব্দটোও আঁতৰি যায় আৰু নিজৰ সংস্থাপন এটাও মুকলি হয় । চৰকাৰী চাকৰি ভাগ্যত নাছিল। গতিকে যিমান চেষ্টা কৰিলেও চাকৰি লাভ কৰাৰ পৰা বঞ্চিত হৈ থাকিব লগা হৈছিল । সেয়ে এতিয়াৰ পৰা চাকৰি বিচৰাৰ সলনি দোকানখন অলপ বহলাই ল'ব পাৰিলে কিছু তত পাব । 

এনেধৰণৰ চিন্তা চৰ্চা কৰি সিদিনা নিৰ্মল কুমাৰ শৰ্মাই ঘপককৰে সিদ্ধান্ত ল'লে ক'ৰবাত যদি কিছু টকা ধাৰে পোৱা যায় তেন্তে সেই অভাৱো দূৰ হোৱাৰ সম্ভাৱনা থাকে । মনলৈ অহা এই চিন্তাৰ সাকাৰ ৰূপ দিবলৈ সিদিনা নিৰ্মল কুমাৰে এটি বিত্তীয় প্ৰতিষ্ঠানৰ লগত যোগাযোগ কৰিছিল । যোগাযোগ স্থাপন কৰা এসপ্তাহ হৈ গৈছিল । যোগাযোগ কৰাৰ দিনাই ফাইনেন্স কোম্পানীৰ কৰ্মচাৰী এগৰাকী আহি ঘৰ আৰু দোকান চাই লিখা মেলা কৰি তথ্য লৈ গৈছিল । পিছদিনাখন মেনেজাৰ চাৰৰ আগমন ঘটিল আৰু নিজেই পৰিদৰ্শন কৰি গ'ল । 

আৰু আজি এয়া হোৱাটছএপ যোগে মেছেছ পঠিয়ালে । ফোন এটা কৰিবচোন । সি কিছুসময়ৰ পিছতে ফোন কৰি খবৰ লৈছিল । কাইলৈ পুৱাৰ ভাগত চাৰে সাতটা আঠটা বজাৰ ভিতৰত অফিচলৈ আহিবচোন । আপোনাৰ টকা অনুমোদন কৰা হ'ল । গতিকে লৈ যাব । 

( আগলৈ )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)