অৰ্ধ নিশাৰ শব্দবোৰ- মিন্টু গোৱলা

©Admin
0
নিশা বোৰ গভীৰ হৈ উঠিছে
বুকুৰ শব্দবোৰে বৰকৈ
হেতা ওপৰা হৈ , 
বুকুয়ে দি নিগৰি গৈ 
এটুপি ৰঙা চিয়াঁহী হৈ 
উকা কাগজখনিত জিলিকি উঠিছে।

অৰ্ধ নিশাৰ শব্দবোৰে গাঁথিছে 
এটি কবিতাৰ মালা 

নিজান নিশাত বজি উঠিছে,
এটি জীয়া যন্ত্ৰণাৰ গান ।

নিশাবোৰো হ'ল গভীৰ
সপোনবোৰ হ'ল সমাধি ,
অৰ্ধ নিশাৰ শব্দবোৰত ।
                         
✍️ মিন্টু গোৱলা, লখিমপুৰ, কদম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)