আঘোণ মাহ
পকা ধান দোৱাৰ সময় ,
নেৰানেপেৰা বৰষুণ
বহুদিন ধৰে
পদুলিলৈকে ওলাবলৈ ভয় ।
দুপৰ নিশা ঘৰৰ চালিত যেতিয়া হিম চেঁচা কুঁৱলী সৰে ,
তেতিয়া লেপ কেঠা কম্বললৈ
মনত যে পৰে ।
মূৰে গায়ে কম্বল লৈ
বিচনাতেই বহি লওঁ ,
ৰচিব পাৰো নেকি
এটি কবিতা ।
◾নবীন চন্দ্ৰ মেধি
গোলাঘাট ।
৯১০১৮২০৪১১
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ