যিদৰে এই নদী এই ডাৱৰবোৰ
তোমাক,মোক এৰি মাথোঁ গৈয়ে আছে
সুৰীয়া গীতৰ কোলাত মুখখনি গুজি
পাহৰি যাওঁ অতীতক অতীতৰ পৰা
কিনো আছে এই বন্ধকত থকা জীৱনটোত
সুদে-মূলে ধৰিলে চাগে নিজৰ ভাগতে নপৰিব।
আৰ্চিখনৰ ভিতৰৰপৰা এজন অচিনাকী বন্ধু
ওলাই আহে
সহধৰ্মিতা দেখুৱাই
দুয়ো মিলি হাঁহো, এৰি গ'লেই আকৌ সেই
মই জনক মই বিচাৰিব লগা হয়,
এজাক মৰমৰ বোজা কান্ধতলৈ
বোকাৰ পথাৰলৈ ওলাই যাওঁ,
নীলা আকাশো ৰঙাহৈ পৰে
মোৰ অন্তিম ইচ্ছাত।
ইচ্ছা কৰোঁ নতুন বীজ সিঁচি থৈ আহো
উদং পথাৰখনত,
জপনামুখত যে মোৰ আপোনজন ৰৈ আছে।
◾চাদ্দাম হুছেইন
ঠিকনা - আৰিমত্ত বিদ্যাপীঠ হাইস্কুল, ৰঙিয়া
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ