নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা••শিল্পী চুতীয়া

©Admin
0
শিক্ষা হৈছে ব্যক্তিৰ শাৰীৰিক মানসিক বিকাশ সাধনৰ এক প্রক্রিয়া। অর্থাৎ শিক্ষাই মানুহৰ কৰ্মদক্ষতা, শাৰীৰিক সামর্থতা, সামাজিক শিষ্টাচাৰ, মানবীয় গুণ, বিবেচনা শক্তি, পৰিষ্কাৰ-পৰিচ্ছন্নতা, কর্তব্যবোধ, দায়িত্ববোধ আদি গুণৰ বিকাশ সাধন কৰে। শিক্ষাৰ ওপৰতে জাতি এটাৰ উন্নয়ন, শক্তি, সামর্থ, মান-মর্যদা আদি নিৰ্ভৰ কৰে। সুস্থ-সবল, শান্তিপূর্ণ সামাজিক জীৱন-যাপন কৰিবৰ বাবে প্রত্যেক ব্যক্তিৰে উপযুক্ত শিক্ষাৰ প্রয়োজন। শিক্ষাৰ কোনো বিকল্প নাই। মানৱ জাতি নাৰী আৰু পুৰুষ লৈয়ে গঠিত। সেয়ে, পুৰুষ আৰু নাৰী দুয়োৰে সু-শিক্ষাৰ প্রয়োজন আছে। কিন্তু বাস্তৱত কিছুমান সমাজত পুত্র সন্তানক শিক্ষা দিয়াৰ ক্ষেত্ৰত যিমান গুৰুত্ব দিয়া হয়, কন্যা সন্তানৰ ক্ষেত্ৰত সিমান গুৰুত্ব দিয়া দেখা নাযায়।

পণ্ডিত জৱাহৰলাল নেহেৰুয়ে কৈছিল- "এজন ল'ৰাক শিক্ষা দিয়া মানে এজন পুৰুষক শিক্ষিত কৰি তোলা; কিন্তু এজনী ছোৱালীক শিক্ষিত কৰা মানে এটা পৰিয়ালক শিক্ষিত কৰি তোলা।"

আকৌ, আন এজন দার্শনিকে কৈছিল- "সন্তানৰ বাবে এজন পিতৃ এশজন শিক্ষকৰ সমান আৰু এজনী মাতৃ এহেজাৰজন শিক্ষকৰ সমান।"

নাৰী শিক্ষাৰ পৰম্পৰা:

প্রাচীন বৈদিক সাহিত্যসমূহত নাৰী শিক্ষাৰ তথ্য পোৱা যায়। সেই সময়ত পুৰুষৰ লগতে নাৰীসকলকো শিক্ষা দিয়াৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। আমি বেদত পাওঁ যে বৈদিক যুগত যাগ-যজ্ঞ, পূজা-পাতল, ধর্মীয় কার্য আদিত পুৰুষৰ লগতে নাৰীসকলেও অংশ গ্রহণ কৰিছিল। প্রচীন শাস্ত্ৰত গার্গীমৈত্রিয় নামৰ এজন নাৰীয়ে শ্লোক ৰচনা কৰাৰ উল্লেখ পোৱা যায়। সেইদৰে অগস্ত্য মুনিৰ পত্নী লোপমুদ্রা, ঋষি অত্রিকন্যা বিশ্ববৰা, সাবিত্রী, ইন্দ্রানী আদিয়ে সমাজত বিশেষ ভূমিকা লোৱা কাৰ্যৰ পৰা বুজা যায় যে সেই সকল শিক্ষিত আছিল। খ্রীঃ পূর্ব ষষ্ঠ শতিকাত বৌদ্ধধৰ্মৰ অভ্যুদয়ৰ সময়তো নাৰী স্বাধীনতা আৰু নাৰী শিক্ষাৰ উমান পোৱা যায়। সম্রাট অশোকে নিজ কন্যা সংঘমিত্ৰাক বৌদ্ধ ধৰ্ম প্ৰচাৰৰ বাবে সিংহললৈ পথোরা ঘটনাটোৰ পৰা নাৰী যে পুৰুষৰ সমকক্ষ আছিল তাকেই প্ৰমাণ কৰে। ভাৰতীয় সমাজত দুর্গা, কালী, সৰস্বতী, লক্ষ্মী আদি দেৱীক পূজা কৰা হয়। ইয়াৰ পৰাও প্রতীয়মান হয় যে অতীতত ভাৰতবৰ্ষত নাৰী শিক্ষাৰ প্ৰচলন আছিল আৰু সমাজত নাৰীসকলৰ মৰ্যদা উচ্চ আছিল। কিন্তু খ্রীষ্টীয় দ্বিতীয় শতাব্দীত জন্ম গ্রহণ কৰা ঋষি মুনিয়ে ৰচনা কৰা 'মনু সংহিতা'ই সমাজত নাৰী মৰ্যদাৰ ওপৰত কথাৰাঘাত কৰে। তেওঁ নাৰীক ভোগ্য পণ্য বুলি মত প্রকাশ কৰি নাৰীক সকলো শিক্ষা-দিক্ষা গ্রহণ কৰাৰ পৰা বিৰত ৰখাৰ দৰ্শন প্রকাশ কৰে। তেতিয়াৰ পৰা পৰম্পৰাগত ভাৰতীয় সমাজত নাৰীসকল অৱহেলিত, পদদলিত আৰু লাঞ্ছিত হোৱাৰ পথ প্রশস্ত হয় আৰু নাৰী শিক্ষা গৌণ হৈ পৰে।

দ্বিতীয় শতিকাত 'মনু সংহিতা' ৰচনা হোৱাৰ পৰা ঊনবিংশ শতিকাৰ আদি ভাগলৈ ভাৰতবৰ্ষত নাৰীসকলৰ বাবে 'অন্ধকাৰ যুগ' বুলি ক'ব পাৰি। কিয়নো এই সময়ছোৱাত নাৰী শিক্ষাৰ বাবে ভাৰতবৰ্ষত বিশেষকৈ হিন্দু সমাজত কোনো উদ্যোগ লোৱা হোৱা নাছিল আৰু নাৰীয়ে চাৰিবেৰৰ মাজত আবদ্ধ হৈ পৰিছিল। কিন্তু ভাৰতবৰ্ষত ইংৰাজ ভাইচৰয় লর্ড উইলিয়াম বেন্টিংকে ভাৰতত আধুনিক শিক্ষা বিস্তাৰত মনোযোগ দিয়ে আৰু নাৰীসকলকো শিক্ষাৰ অধিকাৰ প্ৰদানৰ দিহা কৰে। তেতিয়াৰ পৰা ভাৰতবৰ্ষত লাৰী শিক্ষাৰ আধুনিক পৰম্পৰা আৰম্ভ হয় আৰু পৰৱৰ্তী সময়ছোৱাত ভাৰতবৰ্ষত ইন্দিৰা গান্ধী, কনকলতা, সৰুজনী নাইডু, বিজয়লক্ষ্মী পণ্ডিত, মাদাৰ টেৰেছা, ভগ্নী নিবেদিতা আদি বহুতোী বিদূষী নাৰীৰ জন্ম হয়।

১৯৯৮ চনত ইউনিচেফে প্রকাশ কৰা এক তথ্য অনুসৰি বিশ্বৰ এক-ষষ্ঠাংশ লোক অশিক্ষিত তাৰে দুই-তৃতীয়াংশ হ'ল নাৰী। আধুনিক ভাৰতৰ সংবিধানে নাৰীক পুৰুষৰ সমান অধিকাৰ প্ৰদান কৰিছে আৰু পুৰুষ-নাৰী উভয়ৰে বাবে শিক্ষা বাধ্যতামূলক কৰিছে। কিন্তু দুখৰ বিষয় যে বিজ্ঞানৰ এই চৰম উন্নতিৰ যুগতো শিক্ষাৰ ক্ষেত্ৰত নাৰী পিছ পৰি আছে। নাৰীসকল বাল্য বিবাহ, বলাৎকাৰ, কাৰখানাৰ কৰ্মী, বাটৰ শিল ভঙা, বেশ্যা বৃত্তি গ্রহণ কৰা আদিৰ বলি হৈছে। শেহতীয়া তথ্য অনুসৰি ভাৰতবৰ্ষত পুৰুষ আৰু নাৰীৰ শিক্ষাৰ হাৰ ক্ৰমে ৭৫ শতাংশ আৰু ৬৫ শতাংশ। ইয়াৰ পৰা দেখা যায় যে শিক্ষাৰ ক্ষেত্ৰত নাৰীসকল পুৰুষৰ তুলনাত পিছ
পৰি আছে। অসম, নাগালেণ্ড, মেঘালয়, অৰুনাচল প্রদেশ আদি ৰাজ্যবোৰত নাৰী শিক্ষাৰ হাৰ তেনেই কম। কিন্তু সমাজ তথা দেশ এখনৰ সৰ্বাংগীন উন্নয়ন, সুখ-শান্তি আৰু শৃঙ্খলাৰ স্বাৰ্থত পুৰুষৰ লগে লগে নাৰীসকলৰো শিক্ষাৰ প্রয়োজন আছে।

নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা:

নাৰী শিক্ষাৰ প্রয়োজনীয়তা সপক্ষে তলত চমুকৈ কেইটামান কাৰণ উল্লেখ কৰা হয়। এনেদৰে-

প্রথমতে, শিক্ষাই ব্যক্তি এজনৰ শাৰীৰিক আৰু মানসিক বিকাশ সাধন কৰে। নাৰীসকলো যিহেতু মানুহ আৰু পুৰুষৰ সংগী সেয়ে নাৰীসকলৰো বিকাশৰ প্ৰয়োজন আছে। অন্যথা পুৰুষ আৰু নাৰীৰ জীৱনশৈলীত বিসংগতিয়ে দেখা দি পৰিয়াল তথা সামাজিক জীৱনত বিশৃঙ্খলাৰ সৃষ্টি কৰিব।

দ্বিতীয়তে, শিক্ষাই মানুহক যুক্তিবাদী কৰে, সেয়ে, সামাজিক নীতি-নিয়ম, পৰম্পৰা আদি যুক্তিৰে চালি-জাৰি চাই জীৱনটো অধিক সমৃদ্ধ কৰিবলৈ পুৰুষৰ লগত নাৰীসকলৰো শিক্ষা গ্রহণৰ প্ৰয়োজন আছে।

 তৃতীয়তে, ভাৰতৰ দুর্গম অঞ্চলৰ গাওঁসমূহত আজিও ডাইনী হত্যা, বলাৎকাৰ, গর্ভপাত, যৌতুকৰ বাবে স্ত্রী হত্যা আদি ঘৃণনীয় কার্য-কলাপ চলি আছে। পুৰুষৰ সমানে নাৰীসকল শিক্ষিত হ'লেহে এনে অপৰাধ ৰোধ কৰিব পৰা যাব।

 চতুর্থতে, মানুহ হৈছে প্রকৃতিৰ একমাত্র প্রাণী যাৰ মাজত ইতিবাচক গুণৰ লগতে বহুতো নেতিবাচক গুণ আছে, যেনেঃ স্বাৰ্থপৰতা, হিংসা, অসূয়া, অৰিয়া-অৰি, লোভ, লালসা, ঈর্ষা ইত্যাদি। এই নেতিবাচক গুণবোৰে সমাজ তথা পৰিয়ালত বিশৃঙ্খলতা আৰু অশান্তিৰ সৃষ্টি কৰে। এইবোৰৰ পৰা হাত সাৰিবলৈ পুৰুষৰ লগতে নাৰীসকলো শিক্ষিত হ'ব লাগিব।

 পঞ্চমতে, আজিৰ যুগটো হৈছে বিজ্ঞানৰ উন্নতিৰ চৰম যুগ। আমাৰ দৈনন্দিন জীৱনৰ সকলোবোৰ কাৰ্য বিজ্ঞানৰ জৰিয়তে পৰিচালিত হৈ আছে। ইন্টাৰনেট, কম্পিউটাৰ, মোবাইল ফোন ইত্যাদি আমাৰ দৈনন্দিন জীৱনত হাতৰ মুঠিত কঢ়িয়াই ফুৰা আহিলা হিচাপে ব্যৱহাৰ হৈ আছে। এইবোৰৰ সঠিক ব্যৱহাৰৰ বাবে পুৰুষৰ লগতে নাৰীসকলৰো শিক্ষিত হোৱা প্রয়োজন।

 ষষ্ঠতে, সংবিধানে নাৰী-পুৰুষ উভয়কে সমান অধিকাৰ প্ৰদান কৰিছে যদিও অধিকাৰ ভোগ কৰাৰ বাবে সামৰ্থ, দক্ষতা, সুযোগ, জ্ঞাম, বুদ্ধি, বিবেচনা, যুক্তি আদিৰ প্রয়োজন।

 সমগ্র বিশ্বতে ১৯৭৫ চনৰ বছৰটো আন্তর্জাতিক নাৰী বৰ্ষ হিচাপে উদযাপন কৰাৰ লগতে ৪ মার্চ তাৰিখটো "আন্তর্জাতিক নাৰী দিৱস” হিচাপে পালন কৰা হয়। পুৰুষ আৰু নাৰীক লৈয়ে মানৱ সমাজ গঠিত। মানৱ জাতিৰ অস্তিত্ব বৰ্তাই ৰখাত নাৰী-পুৰুষ পৰস্পৰে পৰস্পৰৰ ওপৰত নিৰ্ভৰশীল। মহাপুৰুষ হজৰত মহম্মদে কৈছিল , "পুৰুষ সংগী নোহোৱা নাৰী আৰু নাৰী সংগী নোহোৱা পুৰুষ অসম্পূর্ণ মানৰ।” অর্থাৎ নাৰীক লৈয়েহে পুৰুষৰ জীৱন সম্পূর্ণ হয়। সেয়ে, পুৰুষৰ লগতে নাৰীয়েও শিক্ষা গ্রহণৰ আবশ্যকতা আছে। ইয়াৰ বাবে প্রতিজন পিতৃ, অভিভাবক, নেতা, বুদ্ধিজীবি, শিক্ষিত ব্যক্তিয়ে পুত্র সন্তান আৰু কন্যা সন্তানক সমানে প্রধান্য দি দুয়োকে সমানে শিক্ষিত কৰাৰ মানসিকতা গঠন কৰিব লাগিব আৰু নাৰী শিক্ষাৰ বাবে জনসচেতনতা বৃদ্ধি কৰিব লাগিব আৰু চৰকাৰেও প্রয়োজনীয় পদক্ষেপ দৃঢ়তাৰ সৈতে গ্রহণ কৰিব লাগিব।■

 ✍️শিল্পী চুতীয়া
 নর্থ লখিমপুৰ কলেজ (স্বাঃ)
 স্নাতকোত্তৰ প্ৰথম যান্মাসিক
 অসমীয়া বিভাগ
 জিলা:- লখিমপুৰ
 যোগাযোগ নং:-৯৯৫৪২০১৫৭১

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)