সমাজৰ প্ৰগতিত ইতিবাচক চিন্তাধাৰাৰ প্ৰয়োজনীয়তা••দীপ্তি কুমাৰ

©Admin
0
সমাজ। এটা অতি গুৰুত্বপূৰ্ণ শব্দ তথা গুৰুত্বপূৰ্ণ বিষয়বস্তু ।সমাজ অবিহনে মানৱজাতি অস্তিত্বহীন ।আমি প্ৰত্যেকেই একো একোখন সমাজৰ অন্তগৰ্ত ।সমাজ বুলি ক'লে হয়তো বিভিন্ন জনে বিভিন্ন ধৰণৰে সমাজৰ বিষয়ে মন্তব্য আগবঢ়াব ।আচলতে আমি প্ৰত্যেকেই সমাজৰ একো একোজন সদস্য। মানুহ সামাজিক প্ৰাণী। সমাজ অবিহনে মানুহে জীয়াই থাকিব নোৱাৰে বা থকাটো সম্ভৱ নহয়। 
    সমাজ অবিহনে যিহেতু মানুহ জীয়াই থকাটো সম্ভৱপৰ নহয় সেয়ে আমি যিখন সমাজত বসবাস কৰোঁ তাৰ বাবে আমাৰ কৰণীয় বহুতো আছে। প্ৰথম কথা, আমি কিবা এটা কৰাৰ আগতে নিজে সামাজিক হোৱাতো বা সমাজৰ প্ৰতিটো স্তৰৰ মানুহৰ লগত সমযোজন কৰিব পৰাটো অতি গুৰুত্বপূৰ্ণ কথা। কাৰণ, আমি নিজে সামাজিক হৈ সকলোৰে লগত মিলিব পাৰিলেহে নিম্নস্তৰৰ সকলোকে আগুৱাই লৈ যাব পাৰিম। এই ক্ষেত্ৰত শিক্ষাৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে। কাৰণ মানুহ শিক্ষিত হ'লেহে সমাজৰ প্ৰগতিত আগভাগ ল'ব পাৰিব ।শিক্ষা বুলি কওঁতে ইয়াত কেৱল ডিগ্ৰী, নম্বৰ, উচ্চ শিক্ষা আদিৰ বিষয়ে আলোচনা কৰা হোৱা নাই। নপঢ়া, নুশুনা বা কোনো দিনে স্কুলত গৈ আনুষ্ঠানিক শিক্ষা নোলোৱা ব্যক্তিয়েও সমাজৰ প্ৰগতি কৰিব পাৰে, বা সমাজৰ প্ৰগতি কৰিব পাৰে ।ইয়াত বাহ্যিক শিক্ষা, সাধাৰণ জ্ঞান তথা অভিজ্ঞতাৰ দ্বাৰা প্ৰাপ্ত শিক্ষাৰ বিষয়েহে অৱগত কৰা হৈছে ।
    আচলতে সমাজ এখন সৰ্বাংগ সুন্দৰ হিচাপে পৰিচালিত কৰিবলৈ আমাক প্ৰত্যেককে প্ৰয়োজন এটা সুস্থ মনৰ ।যাৰ দ্বাৰা আমি ইতিবাচক চিন্তাৰে আমাৰ লক্ষ্যস্থানত উপনীত হ'ব পাৰো। ইতিবাচক চিন্তাৰেহে আমি সুন্দৰ এখন সাৱলীল সমাজৰ কল্পনা কৰিব পাৰো ।আচলতে এখন সৰ্বাংগ সুন্দৰ সমাজৰ সপোন আমি সকলোৱে দেখো। এতিয়া কথা হ'ল সেই সপোনৰ সমাজখনক বাস্তৱায়িত কৰি তোলাৰ দায়িত্ব আমাৰ সকলোৰে। গতিকে আমি সকলোৱে সকাৰত্মক দৃষ্টিভংগীৰে প্ৰতিটো কথা প্ৰতিটো কাম কৰিলেহে সমাজখন আগুৱাই নিব পাৰিম।
        কিন্তু সাম্প্ৰতিক সময়ত কিছু সংখ্যক লোকে সফলতা লাভ কৰিব নোৱাৰাৰ বাবে অতি সোনকালে হতাশ হৈ নেতিবাচক চিন্তাধাৰা কৰা পৰিলক্ষিত হয় ।যাৰ বাবে আমি সমাজত কিছুমান অনৈতিক কাৰ্য তথা অনাকাংক্ষিত ঘটনা সংঘটিত হোৱা দেখা পাওঁ। নেতিবাচক চিন্তাধাৰাই মানুহক খঙাল তথা উগ্ৰ কৰি তোলে, ব্যক্তিৰ মানসিক শান্তি বিঘ্নিত কৰে, সময়ৰ অপচয় কৰে, কৰ্মস্পৃহা নিম্নগামী কৰে, লগতে মানুহৰ স্বভাৱ আৰু চৰিত্ৰকো বেয়া কৰে যাৰ ফলস্বৰূপে এখন সুস্থ-সবল সমাজৰ পৰিৱেশ বিনষ্ট হয়। সেয়েহে আমি পৰাপক্ষত নেতিবাচক চিন্তাধাৰাৰ পৰা দূৰত থকাটোৱে গ্ৰহণযোগ্য ।
     যোগাত্মক চিন্তাধাৰাই মানুহক সৃষ্টিশীল কৰি তোলে ।মনত আনন্দ দিয়ে, দেহ-মন ভালে ৰাখে।সৃষ্টিমূলক কামবিলাক কৰিবলৈ উৎসাহ যোগায় ।যোগাত্মক চিন্তাৰ প্ৰভাৱ সদায় যোগাত্মক হয় ।সমাজৰ পৰা বেয়াবোৰ আঁতৰাই শান্তি স্থাপন কৰাত সহায় কৰে।
      অতীতৰ পৰাই দেখি আহিছো বা বিভিন্ন কিতাপ পত্ৰ আদিত পাই আহিছো মহান পণ্ডিত তথা সমাজসেৱক সকলে সমাজখনৰ বাবে বহুতো অৱদান আগবঢ়াই আহিছে। সমাজখন সফলভাৱে চলাই নিয়াত যথেষ্ট কষ্ট স্বীকাৰ কৰিছে। এতিয়াও এনে বহুত লোক আছে যিয়ে সমাজখনৰ বাবে যৎপৰোনাস্তি কাম কৰি আছে। কিন্তু, বৰ্তমান পৰিস্থিতিয়ে সোঁৱৰাই যে সেয়াই যথেষ্ট নহয়। কাৰণ, বৰ্তমান আমি সমাজ ব্যৱস্থাত এনে কিছুমান ঘটনা দেখিবলৈ পাওঁ , যিবোৰ আমাৰ কল্পনাৰ বাহিৰত। নৈতিক শিক্ষাৰ অভাৱত যেন মানুহে নিজকে পাহৰি গৈছে। আচলতে নেতিবাচক চিন্তাধাৰাই মানুহক এনেধৰণৰ কাম কৰিবলৈ বাধ্য কৰায়। নেতিবাচক চিন্তাধাৰাই মানুহক এককেন্দ্ৰিক তথা বিদ্ৰোহী কৰি তোলে। বিজ্ঞান প্ৰযুক্তিৰ জখলাত বগুৱাই কিছুমান মানুহে দয়া, ক্ষমা, প্ৰেম, মানৱতা আদি গুণ পাহৰি গৈছে। এই গুণবোৰ যেন তেওঁলোকৰ বাবে মূল্যহীন হৈ পৰিল। আধুনিক মানৱ আজি নি:সংগ, অসহায় হৈ পৰিল। কেৱল এককেন্দ্ৰিক চিন্তাধাৰাৰ বাবে তথা ইতিবাচক চিন্তাধাৰাৰ অভাৱত।
    ইতিবাচক চিন্তাধাৰাৰ অভাৱতে আজিও এচাম লোকে সমাজত বিশৃংখলতাৰ সৃষ্টি কৰে। এনে বিশৃংখল পৰিস্থিতিৰ বাবে মানুহৰ মাজত হত্যা, লুন্ঠন আদি বিদ্বেষভাৱ জাগ্ৰত হয়। কিছুমান মানুহ এককেন্দ্ৰিক হয়, নিজৰ বাহিৰে আন কাকো চিনি নোপোৱা হয়।সমাজৰ কোনো ধৰণৰ নীতি-নিয়ম অনুসৰণ নকৰি নিজৰটোৱে শুদ্ধ বুলি বিবেচনা কৰি দুৰ্নীতিত লিপ্ত হয়। মাৰপিট, হাই-কাজিয়া কৰি পৰিৱেশ বিনষ্ট কৰে। আধুনিকতাই মানুহক কৃত্ৰিমতা, যান্ত্ৰিকতাৰে ভৰাই পেলাইছে। যাৰ বাবে কিছুমানে সমাজত মিলাপ্ৰীতিৰে বাস কৰিব নোৱাৰি উচ্চ-নীচ, ভেদভাৱৰ সঞ্চয় কৰিছে। বিভিন্ন কাৰণত হোৱা এনে ভেদভাৱৰ মনোভাৱে যুৱপ্ৰজন্মৰ সুস্হিৰ বিকাশত প্ৰভাৱ পেলাইছে। যাৰ বাবে যুৱ প্ৰজন্ম বিপথে পৰিচালিত হোৱাৰ সময় দিনত দিনে বেছি হৈ গৈ আছে।
     গতিকে বৰ্তমান সমাজখন সুপথে চলাই নিয়াৰ দায়িত্ব যিহেতু নৱ প্ৰজন্মৰ। সেয়েহে তেওঁলোকে ইতিবাচক চিন্তাধাৰাৰে আগু লৈ যাব লাগিব। কাৰণ সমাজখন সুস্থভাৱে পৰিচালিত হ'লেহে আমি শান্তিপূৰ্ণ ভাৱে জীয়াই থাকিব পাৰিম। কেৱল মাত্ৰ জীয়াই থকাটোৱে মানুহৰ লক্ষ্য হ'ব নালাগে। সকলোৰে লগত সুস্থ বাতাবৰণেৰে মিলি- জুলি শান্তিপূৰ্ণভাৱে জীয়াই থকাটোক লক্ষ্য হিচাপে ল'ব লাগে। তেতিয়াহে আমি সফলতাৰে আগবাঢ়ি গৈ সপোনৰ শীৰ্ষ চুব পাৰিম।
     সেয়েহে কোনো এটা কাম কৰাৰ আগতে বা কিবা এটা সিদ্ধান্ত লোৱাৰ আগতে ইতিবাচক দিশটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰাটো অত্যন্ত প্ৰয়োজনীয় তথা কোনো কাম কৰোঁতে সকাৰত্মক ভাৱনাৰে সন্তোষভাৱে কৰিব লাগে। সকাৰত্মক ভাৱনা যেনে :শুদ্ধ মনেৰে, শুদ্ধ চিন্তাৰে, সফল হোৱাৰ মনোভাৱেৰে কৰিব লাগে।তেতিয়া যিমান কঠোৰ কাম হ'লেও আমাৰ কৰি আমনি নালাগিব লগতে আমি সফলতা অৰ্জন কৰিব পাৰিম। প্ৰত্যেক মানুহৰ জীৱনত সফলতা, বিফলতা দুয়োটা থাকে। গতিকে আমি সৰু সৰু কামবিলাকতেই সুখী হৈ সৰু সফলতা বিলাকতেই সুখবোৰ বিচাৰি জীৱনটো উপভোগ কৰিব লাগে। বিফলতাৰ কথাবোৰ আওকাণ কৰি চলিব লাগে। পোৱা খিনিৰ মাজতে নোপোৱাখিনিৰ সুখবোৰ বিচাৰি জীৱনটো আগুৱাই লৈ যাব লাগে। মনত সদায় সৎভাৱ, সৎ চিন্তা, সৎ সাহস ৰাখিব লাগে। তেতিয়া কেতিয়াবা আমি বিফলতাৰ সন্মুখীন হ'লেও বেয়া মনোভাৱ, বেয়া চিন্তা এইবোৰ মনলৈ নাহে। সৎ চিন্তাই মানুহক আদৰ্শ পথ দেখুৱায়।
      বৰ্তমান সমাজত যদিও আমি এক ভাৰতীয় হৈ জীৱন নিৰ্বাহ কৰি আহিছো। তথাপি আমি কিছু কিছু ক্ষেত্ৰত ভেদভাৱৰ সৃষ্টি হোৱা দেখিবলৈ নোপোৱা নহয়। সমাজৰ কিছুমান কাৰ্য্যত ক্ষন্তেকৰ বাবে হলেওঁ ধৰ্মৰ ক্ষেত্ৰতে হওঁক বা আন কোনো ক্ষেত্ৰত যেনে জাতি-সংস্কৃতিৰ ক্ষেত্ৰত কিছুমান লোকৰ গোৰামী স্বভাৱ দেখিবলৈ পাওঁ। কিছুমানলোকে নিজে নিজৰ মতত চলে, আন কাৰো কথা নুশুনে, নামানে। আনকি এনেধৰণৰ ধৰ্মীয় তথা ৰাজনৈতিক বিবাদসমূহে ছাত্ৰ-ছাত্ৰীকো প্ৰভাৱান্বিত কৰা দেখা যায় । যাৰ বাবে কিছুমান ছাত্ৰ-ছাত্ৰীয়ে সঠিক সিদ্ধান্ত লব নোৱাৰি বিপথে পৰিচালিত হোৱা দেখা যায় তথা দুৰ্নীতিত লিপ্ত হোৱা দেখা যায়।
      তাৰোপৰি ভাৰতবৰ্ষত এতিয়াও কিছুসংখ্যক লোকক অন্ধবিশ্বাসৰ বলী হোৱা দেখা যায়। অন্ধবিশ্বাস যেনে :শোষণ, নাৰী নিৰ্যাতন, অস্পৃশ্যতা, ডাইনী হত্যা আদি।বিজ্ঞান প্ৰযুক্তি বিদ্যাই যদিও বৰ্তমান গোটেই পৃথিৱীখনকে এখন গোলকীয় গাওঁলৈ ৰূপান্তৰিত কৰিছে তথাপিও কিছুসংখ্যক লোকৰ যে এতিয়াও চিন্তাৰ পৰিৱৰ্তন হোৱা নাই। কু-চিন্তাই যে কিছু মানুহক মানসিক বিকাৰগ্ৰস্ত কৰি তুলিছে। এনেকুৱা কিছুমান ঘটনাৰ কথা আমি এতিয়াও শুনিবলৈ পাওঁ য'ত অৱলা, অসহায় নাৰীক নিৰ্যাতন চলোৱা হয়। য'ত মানুহৰ ৰূপ, আকাৰ, বৰণ দেখি শোষণ কৰা হয় বা নিদোৰ্ষী মানুহকো দোষী সজাই হত্যাৰ নিচিনা কাৰ্য্য সংঘটিত কৰা দেখা পোৱা যায়। তদুপৰি বহুতো লোকক অনাহকত মৃত্যুমুখলৈ ঠেলি দিয়াৰ প্ৰমাণো বহুত আছে। 
    গতিকে বৰ্তমান সমাজখন সুপথে চলাই নিয়াৰ দায়িত্ব যিহেতু নৱ প্ৰজন্মৰ ।সেয়েহে তেওঁলোকে এই দিশসমূহৰ ওপৰত ভালদৰে চালি জাৰি চাই উচিত পদক্ষেপ গ্ৰহণ কৰাৰ সময় আহি পৰিল। কুসংস্কাৰ, অন্ধবিশ্বাস আদিৰ নিচিনা কু-চিন্তাবোৰৰ বিৰুদ্ধে যুঁজ দি সত্য, শান্তি প্ৰতিষ্ঠা কৰিব পাৰিলেহে আমি সপোনৰ সমাজখন গঢ়ি তুলিব পাৰিম। সকলো ঘটনা সামাজিক হিচাপে লৈ নিজৰ অধিকাৰ সাব্যস্ত কৰি  সমাজৰ প্ৰতি থকা দায়িত্বসমূহ পালন কৰাত সুবিধা হব। ইতিবাচক চিন্তাৰেহে আমি এখন সুন্দৰ সাৱলীল সমাজৰ কল্পনা কৰিব পাৰিম বা গঢ়ি তুলিব পাৰিম। ইতিবাচক চিন্তাইহে আমাক এই ক্ষেত্ৰত সহায়ক হব।
      তদুপৰি বৰ্তমান সময়ত শিক্ষা ব্যৱস্থাত আধ্যাত্মিক তথা নৈতিক শিক্ষাৰ যথেষ্ট প্ৰয়োজনীয়তা আছে।এই শিক্ষাই ছাত্ৰ-ছাত্ৰীক এটা সুস্থিৰ বাতাবৰণ প্ৰদান কৰে, লগতে সকাৰত্মক মনোভাৱ গঢ়ি তোলাত সহায় কৰে। আধ্যত্মিকতাৰ শৈলীয়ে মনত সদ্ভাৱনা, সৎ চিন্তা জাগ্ৰত কৰে। এই শিক্ষাৰ জৰিয়তে মানুহে নিজক চিনি পাব শিকে। অন্তচক্ষুৰ জৰিয়তে নিজক সংশোধন কৰিবলৈ শিকে। আত্মা আৰু পৰমাত্মাৰ জ্ঞান অৰ্জন কৰিব শিকে যাৰ ফলত আমি নিজে কোন, ক'ৰ পৰা আহিছো, সমাজ ব্যৱস্থাত আমাৰ কৰণীয় কি এইবোৰৰ বিষয়ে শিকিব পাৰো। তাৰ লগতে নৈতিক শিক্ষাই ছাত্ৰ ছাত্ৰীক আদৰ্শৱান কৰি তোলে। ইয়াৰ উপৰিও যোগ সাধনা। যোগে মানুহৰ দেহ, মন সুস্থ কৰি ৰাখে। ধ্যানৰ জড়িয়তে মানুহে মানসিক শান্তি লাভ কৰে। যোগে মানুহৰ মনৰ নকাৰত্মক চিন্তা দূৰ কৰি সকাৰত্মক চিন্তা, ইচ্ছা শক্তি প্ৰবল কৰি তোলে। মানুহক দূৰদৰ্শী কৰি তোলে।
        সেয়েহে আমি ইতিবাচক চিন্তাৰে সমাজখন আগুৱাই নিবলৈ যথাসাধ্য সৎভাৱনাৰে কৰা উচিত। সমাজখনৰ প্ৰগতিৰ বাবে ইতিবাচক মনোবৃত্তিৰে সকলোৱে মিলি একতাৰ ডোলেৰে সমন্বয়ে লক্ষ্যৰ দিশলৈ আগবাঢ়ি যাব লাগিব। এতিয়া যিহেতু সকলো দায়িত্ব যুৱ প্ৰজন্মৰ সেয়েহে যুৱ প্ৰজন্মই ইতিবাচক কাৰ্যকলাপেৰে সমাজৰ হিতৰ বাবে  কাম কৰা উচিত। তেতিয়া সমাজৰ প্ৰতিজন ব্যক্তিয়ে ইতিবাচক চিন্তাৰে কাম কৰিবলৈ উৎসুক হব। তেতিয়া আমি সকলোৱে দেখি থকা সপোনৰ সমাজখন গঢ়ি তুলিবলৈ সক্ষম হম।।

✍️দীপ্তি কুমাৰ
ঠিকনা - পদ্মাঝাৰ (দৰং)
যোগাযোগ - ৯১০১০২৬৮৫৫

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)