তেওঁ এতিয়াও কবি•মনোজ ঠাকুৰীয়া

@admin
0
এদিন 
অকষ্মাৎ চেৰেলিয়াই চেৰেলা লাগিল
পিতাইৰ বুকুৰ সমস্ত সাহ৷
যেন 
মূৰত খহি পৰিল 
শিলৰ পাহাৰ এটা৷
তেতিয়াৰ পৰাই
পিতাইৰ বুকুখন শিল
শিলে হেচি ধৰা৷
শিলৰ বুকুৰ শিল ভাৱনাত
পিতাইৰ পথাৰখনো শিল৷
অৱশ্যে তেওঁ
এতিয়াও কবি৷
নাঙলৰ সমাধিত
তেওঁ নিতৌ গুজে একোমুঠি সেউজীয়া৷


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)