পিঞ্জৰাবদ্ধ পক্ষী-নবীন চন্দ্ৰ মেধি

Rinku Rajowar
0
আজি কিছুদিনৰ পৰা মই বিনিদ্ৰ ৰজনী পাৰ কৰিব লগা পৰিস্থিতিৰ সন্মুখীন হৈছো । ইয়াৰ মূল কাৰণ অৰ্থ । অৰ্থই হৈছে সকলো অনৰ্থৰ মূল ।  

যোৱা বৃহস্পতিবাৰৰ দিনা এটি ব্যক্তিগত খণ্ডৰ বেংকৰ পৰা কেইহাজাৰমান টকা ধাৰ ল'বলৈ সিদ্ধান্ত কৰি কাগজ পত্ৰ দি সাজু হৈ আছিলো । শনিবাৰৰ দিনা বেংকলৈ চহী কৰিবলৈ যাবৰ বাবে মতাৰ কথা আছিল । কিন্তু দিনটো ৰৈ ৰৈ অৱশেষত যেতিয়া কাম নিসিজিল মনতে ক্ষোভ উপজিছিল আৰু আবেলি সময়ত সৰুপথাৰ মহাবিদ্যালয়ৰ স্বৰ্ণজয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠানলৈকে এপাক মাৰো বুলি ওলাই গ'লো । লগৰ দুই চাৰিজন বন্ধু বান্ধৱী পাই মনটো অলপ ভাল লাগিছিল । কুৰি বছৰ আগতেই সেইখন মহাবিদ্যালয়ত পঢ়া সামৰণি মাৰিছিলো । ৰাজনীতি বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত জীৱিকা হিচাবে বাচি লৈছিলোঁ শিক্ষকতাৰ বৃত্তি । ভাল লাগিছিল শিক্ষকতা কৰি । কিন্তু সন্তুষ্ট হ'ব পৰা নাছিলোঁ কিয়নো কুৰি বছৰ শিক্ষকতা কৰাৰ পিছতো চৰকাৰৰ তৰফৰ পৰা মৰম চেনেহ বা কোনো ধৰণৰ অনুকম্পা লাভ কৰা নাছিলো । জীৱনৰ একুৰিটা বছৰ অথলে গ'ল যেন অনুভৱ কৰিবলৈ লৈছিলোঁ । তাৰ পিছত ঘপককৰে এদিন চাকৰি বাদ দি ওলাই গুচি আহিছিলো । 

কালি আবেলি সময়ত বাৰীতে সোমাই কোৰখন লৈ তামোল-পাণৰ বাৰীখনকে অলপমান চাফ চিকুণ কৰি আছো । কিবা কাৰণত মনটো বেয়া লাগি আছিল । বিশেষকৈ টকা পইচাৰ নাটনিৰ সময়ত আমাৰ নিচিনা গৰীব মানুহৰ ধৈৰ্য ধৰি ৰখা টান । ইয়াৰ বাবে ভগৱানকে দোষী সাব্যস্ত কৰি গালি শপনি পাৰি আছো   । পৃথিৱীলৈ মোক কি উদ্দেশ্যেৰে মাতি আনিছিল সেই কথা ভালদৰে বুজি নোপোৱাৰ কাৰণে মনতে ক্ষোভ উপজিছিল । মা দেউতাৰ লগতে মই ভগৱানক চাৰ্ফ এক্সেলেৰে ধুই আছো । এনেতে আহিল নহয় আমাৰ মহাৰাণী ভিক্টোৰিয়া । 
মই আছো ডবল কোৰ মাৰি আৰু তাই আছে মোবাইল চাই লেকচাৰ মাৰি । এবাৰত তাই কলেজৰ কথা লৈ এটি প্ৰসংগ টানি আনিলে । কলেজত পঢ়া দিনত ভালকৈ পঢ়া হ'লে আজি এনেদৰে কোৰ মাৰি থাকিব নালাগিলহেঁতেন নহয় । কলেজলৈ গৈ য'তে ত'তে খুন্দিয়াই ফুৰিব এতিয়া এই গতি নহৈ কি হ'ব । 

এনেই টেমা গৰম হৈ আছিল ।  তাতে আকৌ আহি মনত পেলাই দিলে এক্স গাৰ্ল ফ্ৰেণ্ডগৰাকীৰ কথা । ধৈৰ্য চ্যুতি ঘটিল । কোৰ মাৰি থকা ঠাইৰ পৰা এটা দলি চপৰা বুটলি লৈ তাইলৈ বুলি মাৰি পঠিয়ালো । চপৰাটো তাইৰ গাত নালাগিল ওচৰৰ তামোল গছ এজোপাত লাগি ভাঙি গুৰি হৈ গ'ল । 

কে --- , আজি বিছ বছৰে বাপেৰেহঁতে চাকৰিটোকে চৰকাৰী কৰি দিব নোৱাৰিলে সেইবোৰ হ'লে নেদেখ ? বি এ ,  ডি এল এড , টেট সকলো খিনি কৰি থোৱাৰ পিছতো চৰকাৰে চাকৰি এটা দিব পৰা নাই সেয়া দেখা নাপাৱ । জহনিত যোৱা ৰাজনৈতিক নেতাই অষ্টম শ্ৰেণী উত্তীৰ্ণ সোপাক চাকৰি দিয়ে অথচ স্নাতক ডিগ্ৰী বা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছতো চাকৰি দিব নোৱাৰে । হাজাৰ হাজাৰ ভেঞ্চাৰ স্কুলৰ শিক্ষকক চৰকাৰে এটকাও বেতন দিব পৰা নাই অথচ গাঁৱৰ আৰু চহৰৰ সাধাৰণ মানুহখিনিক অৰুণোদয় আঁচনি, বিহুৱতী , আত্মসহায়ক গোট , গছপুলি ৰোৱাৰ নামত ৰাজনৈতিক মুনাফা আদায় কৰিবলৈ লাখ লাখ টকা বিতৰণ কৰি আছে । এই টকাৰ ভাগ কিন্তু ভেঞ্চাৰ স্কুলৰ শিক্ষক কেইজনে নাপায় কাৰণ তেওঁলোকে চাকৰি কৰি আছে । আনহে নালাগে আজি বিছ বছৰে ৰেচন কাৰ্ডখনৰ পৰাও বঞ্চিত হ'ব লগা হ'ল । 

আৰু মই কাৰোবাৰ ঘৰত হাজিৰা কাম কৰিবলৈ গৈছো নেকি তই যে তেনেকৈ কৈছ ? হেৰৌ বাৰীৰ তামোল-পাণ কেইজোপাহে কোৰ মাৰি চফা কৰিছো । আৰু তই যদি মোৰ লগত থাকি বেয়া পাইছ তেন্তে সেই --- ---- পুতেকৰ লগত নগ'লি কিয় ? ইমানেই যদি মন আছিল এতিয়াও যাগৈ যা । মই ধৰি থকা নাই নহয় । 

কিছুসময় মূৰ তল কৰি থকাৰ পিছত তাই আঁতৰি গৈছিল । হঠাতে ক'ৰ পৰা ইমান খং উঠি আহিল গমেই নাপালো । শান্ত হ'বলৈ বহুত সময় লাগিছিল । মুখখনেৰে বকি বকি কোৰ মাৰি থাকিলেও পিছত চিন্তা কৰিলো উৰহৰ খং ভঙা ঢাৰিত দিয়াৰ দৰেই হ'ল কথাটো । ইফালে চাকৰিৰ টেনচন । তাতে আকৌ পইচাৰ নাটনি । জহনিত যোৱা মাইক্ৰফাইনেঞ্চ কোম্পানীৰ মেনেজাৰ নে কি সেইডালক আজি পোৱা হ'লে চতুৱাই থকা মছলা আজি বাহিৰ কৰিলোহেঁতেন । সমস্ত খং এইবাৰ পঞ্জীভূত হ'ল তালৈ । শনিবাৰেই ধন দিয়াৰ কথা । দোকানৰ পৰা হাজাৰ টকা ধাৰে আনিছিলো সোমবাৰে ঘুৰাই দিম বুলি । কিন্তু এতিয়ালৈকে কামেই সিজা নাই যেতিয়া ধন কেইটা ঘুৰাই দিলে আকৌ ক'ত পাম ।  সেইবাবে ঘূৰাই দিয়া নাই । 

আবেলি সময়ত হোৱা সেই কাজিয়াৰ পিছত ৰাতিটো দুয়োৰে অকলশৰেই পাৰ হ'ল । ভাত খোৱাৰ পাছত নিজৰ নিজৰ বিচনা দখল কৰি শুই পৰিল । কলেজীয়া দিনৰেপৰা ভাল পাই অহা ছোৱালীজনী বিশেষ কাৰণত বিয়া কৰাবলৈ সক্ষম নোহোৱাৰ দুখ , হতাশা এতিয়াও মনৰ মাজত কবৰ দি ৰখাৰ যি যন্ত্ৰণা সেয়া আনে যদিও বুজি নাপায় তথাপি উপলুঙা কৰা দেখিলে সহ্য নহয় । 

জীৱনটো বহুত ঘাত প্ৰতিঘাতেৰে ভৰপূৰ হৈ আছে । সফলতাৰ সংখ্যাতকৈ বিফলতাৰ সংখ্যা বেছি । জীৱনত যেন ক'তো সফল হ'ব নোৱাৰিলো  । মিছাকৈ জন্ম ল'লো । সেইবাবেই ইমান ক্ষোভ ঈশ্বৰৰ প্ৰতি । মানুহৰ প্ৰতি । অকলশৰীয়াকৈ থাকি ভাল পাওঁ । মানুহৰ সংগ নিবিচাৰোঁ । নালাগে সমাজ । সমাজে কি কৰিব ? বিয়াল্লিছৰ ডেওনা পাৰ হৈ গ'ল । এতিয়া সমাজ চৰকাৰ আৰু মানুহৰ একো প্ৰয়োজন নাই । পৃথিৱীৰ মায়া মোহে মোক আৰু বিচলিত কৰিব নোৱাৰে । মই বন্ধন মুক্ত হ'ব বিচাৰো । পৃথিৱীৰ মায়া মোহৰ পৰা মুক্ত হৈ মুক্ত বিহংগৰ দৰে উৰি ফুৰিব বিচাৰো । য'ত স্থান নাই কোনো পত্নী প্ৰেমিকা নতুবা কোনো আত্মীয় স্বজনৰ ।


◾নবীন চন্দ্ৰ মেধি
গোলাঘাট ।
৮১৩৫৮৭৪৮০৮ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)