জুন মাহৰ ২ তাৰিখ ১৯৬৮ চনৰ কথা। সেই সময়খিনি মামণি ৰয়ছম গোস্বামীৰ বাবে আছিল বহুত বেয়া সময়। সেই বেয়া সময়খিনিত মামণি ৰয়ছম গোস্বামীৰ কাষত থিয় দিছিল আন এজন বিখ্যাত সাহিত্যিক হোমেন বৰগোহাঞি। হোমেন বৰগোহাঞিয়ে মামণি ৰয়ছম গোস্বামীলৈ এখন প্ৰেৰণাদায়ক চিঠি লিখিছিল।
উক্ত প্ৰেৰণাদায়ক চিঠিখনত হোমেন বৰগোহাঞিয়ে দিয়া উপদেশ মানি মামণি ৰয়ছম গোস্বামীয়ে নিজৰ জীৱনৰ কিছু অংশ লিখিবলৈ লৈছিল আৰু ১৯৮৬ চনৰ "অসমবাণী"ৰ বিহুসংখ্যাত "দস্তাবেজৰ এক অংশ" নামেৰে মামণি ৰয়ছম গোস্বামীৰ এক স্মৃতিৰ কাহিনী প্ৰকাশিত হয়।
ইয়াৰ লগে লগে "অসমবাণী"ৰ সম্পাদক তিলক হাজৰিকাদেৱে “দস্তাবেজৰ দ্বিতীয় অংশ” লাগে বুলি বৰকৈ অনুৰোধ কৰিব ধৰিলে। সেয়ে মামণি ৰয়ছম গোস্বামী তিলক হাজৰিকাৰ ওচৰত কৃতাৰ্থ হৈছিল কাৰণ তেওঁ অনুৰোধ নকৰিলে “দস্তাবেজৰ দ্বিতীয় অংশ” লিখা নহ'লহেঁতেন, আচলতে সেই সময়ত তেওঁৰ লিখাৰ কোনো আগ্ৰহ নাছিল।
অন্যহাতে “দস্তাবেজৰ তৃতীয় অংশ” কিতাপখনৰ প্ৰকাশক বিজয় দত্তৰ অনুৰোধত লিখিছিল। উল্লেখযোগ্য যে ১৯৭০ চনলৈকে মামণি ৰয়ছম গোস্বামীৰ জীৱনত ঘটি যোৱা কিছুমান ঘটনা উক্ত তিনিটা অংশত লিপিবদ্ধ হৈছিল।
অৱশেষত এই তিনিটা অংশ বা অধ্যায় লগ হৈ ছপা আকাৰে ওলাইছিল অসমীয়া সাহিত্যৰ জগতৰ এখন কালজয়ী গ্ৰন্থ “আধালেখা দস্তাবেজ”।
(পুণ্যতিথিত "মামণি ৰয়ছম গোস্বামী"লৈ জনালোঁ সহস্ৰ প্ৰণাম।)
তথ্য উৎস: নিয়মীয়া বাৰ্তা।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ