সমৰক্ষেত্ৰ-পৰিস্মিতা বৰা

©Admin
0
মই হেৰাই গৈছোঁ
শীতৰ পাকখোৱা শীতল কোঠালীত 
ঠেকা সৰকা খাইছোঁ
সিঁচৰতি হৈ পৰি থকা সন্ধ্যাৰাগৰ মধুৰাগিনীত।

মই সোমাই গৈছোঁ 
আঘাটৰ বিষেৰে চুমা খোৱা শেষ জুপুৰিটোত
চেঁচা এটা বলয়ত নিজকে বিচাৰি ফুৰিছোঁ 
চিফুঙৰ সুৰৰ মাতাল ৰাগিত।
মই সচাঁকৈয়ে হেৰাই গৈছোঁ.....

উস্‌ উশাহত প্ৰতিবাদ
নিশাহত  প্ৰত্যাহ্বান
বাৰে বাৰে অনুকম্পিত হৈছে 
বিদ্ৰোহৰ ধ্বনিতো মৰাশ দৰে পৰি থকা একুৱা জুই 
যি জুই আজিও স্বাধীন
যি জুই আজিও স্বস্তিক......
যাৰ উষ্মত
আজিও চলি আছে 
প্ৰতীক্ষাৰ বৈছাত এখনি শীতল যুদ্ধ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)