এমুঠি শোক -হীৰক কলিতা

©Admin
0
ৰাতি হ'লে বাঢ়ি আহে ক্ৰমশঃ
এমুঠি কঠিন শোক ৰ'দে পোৰা
ছালত জ্বলি উঠে দপ দপকৈ
হৃদয়ৰ কেঁচা ঘা........
শীতল জোনৰ পোহৰে আৱৰি 
ৰখা মোৰ নীল নয়নত কোনে 
আহি সানি যায় এমুঠি এন্ধাৰৰ 
ৰং বুকুৰ সিপাৰে বাজি উঠে 
বিষাদৰ সংগীত শুণি থাকে 
মাথোঁ দুটি সৰু চৰাই যাৰ সংগীতৰ 
তালে তালে বাজি উঠে হৃদয়ৰ 
স্পন্দন আৰু দি যায় এমুঠি কঠিন 
শোক ।

✍️ হীৰক কলিতা , নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)