আঘোণৰ পকা ধানে ৰিঙিয়ায় ,
আঘোণে কয়
ৰ'বলৈ নাই যে সময় ।
পকা ধান দাব লাগে
ডাঙৰী কঢ়িয়াব লাগে ,
এমাহ পিছত পালেহি
ভোগালীৰ সময় ।
তিলৰ লাড়ু তিলৰ পিঠা
বকুল বৰা ধানৰ চিৰা
কণ জহাচাউলৰ ভাত ,
আলু কচু কবি মূলা
বগাকৈ কোমোৰা
পাতিহাঁহ যে থাকিবই তাত ।
মেজিৰ দিনা মেজি ৰখিম ভোজ ভাত খাম ,
ৰাতি হ'লে হাঁহ চোৰ
কৰিবলৈ যাম ।
জেওৰা জপনা উঠাই লৈ আহিম
পুৱা হ'লেই সকলোবোৰ
মেজিত জাপিম ।
এয়াই জানা পৰম্পৰা
মাঘ বিহুৰ ,
ভৰাঁলৰ ধান থাকিলে
চিন্তা নো কিহৰ ?
▪️নবীন চন্দ্ৰ মেধি
গোলাঘাট
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ