ধাৰাবাহিক উপন্যাস ~অৰণ্যৰোদন ০৪ | নবীন চন্দ্ৰ মেধি

©Admin
0
: পাপা পাপা চেচ খেলিম আহানা । 

দুপৰীয়া সময়ত গাঁৱৰে মানুহ এঘৰৰ পৰা উভতি আহি নিৰ্মল কুমাৰ শৰ্মাই ঘৰ পাইছিল হে মাথো , তিনিবছৰীয়া কৌশিকে দবা খেল খেলিবলৈ হাতত ধৰি টেবুলখনৰ ফালে টানি লৈ গ'ল । যদিও দুখে ভাগৰে আহি ঘৰ পাইছিল আৰু মনটো বৰ ভাল লগা নাছিল , তথাপি কৌশিক প্ৰতাপক নিৰাশ কৰিবলৈ মন যোৱা নাছিল । সি এতিয়াও পৃথিৱীৰ একো আওভাও বুজি পোৱা হোৱা নাই । দেউতাকৰ মনৰ বতৰা জনাৰ তাৰ এতিয়াও বয়স হোৱা নাই । 

সি দবাখেলৰ ঢালখন ( ব'ৰ্ডখন ) উলিয়াই আনি গুটিবোৰ পাতিবলৈ আৰম্ভ কৰিছিল । ৰজা  ( কিং ) , ৰাণী ( কুইন)( মন্ত্ৰী) , হাতী ( বিচপ ), ঘোঁৰা ( নাইট ) , নাও ( ৰূপ )আৰু পদাতিক সৈন্য এই সকলোবোৰ পৰিচালনা কৰা দায়িত্ব মন্ত্ৰীৰ । কোনটো গুটি ক'ত বহুৱাব লাগে কেনেকৈ খেলিব লাগে সেয়া প্ৰশিক্ষণ দিয়া আৰম্ভ কৰিছিল । প্ৰতিপক্ষক আক্ৰমণ কৰাৰ কৌশল সি এতিয়াও ভালদৰে শিকা নাই । 

দেউতাকক জিকিবলৈ নিদিয়ে সদায় তাকে বিজয়ী হ'বলৈ লাগে । কেতিয়াবা যদি দেউতাকে খেলখনত জয় লাভ কৰে তেতিয়া নহ'ব আকৌ খেলিব লাগিব বুলি কৈ অভিযোগ কৰি বহাই থয় ।  প্ৰতিপক্ষক আক্ৰমণ কৰিবলৈ পালে তাৰ বৰ ফুৰ্তি লাগে । আনন্দেৰে হাত তালি মাৰিবলৈ ধৰে । তাৰ এইকণ সুখৰ হাঁহি বিৰিঙাবলৈকে দেউতাকে যে দুখ কষ্ট কৰিবলগীয়া হৈছে । সমাজে ভাল বোলক বেয়া বোলক কথা নাই নিজৰ পৰিয়ালৰ ভৰণ পোষণৰ দায়িত্ব নিজৰ ওপৰত ন্যস্ত থাকে । গতিকে দস্যু অংগুলিমালৰ কাহিনী যিমান জানিলেও পৰিয়ালৰ ভৰণ পোষণৰ বাবে যদি কাৰোবাক হত্যা কৰিব লগা হয় তথাপি কৰিব লাগিব আৰু নিজৰ পেট পুহিব লাগিব । মোৰ পাপৰ বোজা আনে গাত পাতি নলয় বুলি জানো যদিও সংসাৰ যাপন কৰিলে পাপৰ বোজা উঠাবলৈও সাজু থাকিব লাগিব । 

ভুল তাতেই হ'ল । ভেঞ্চাৰ স্কুলৰ চাকৰি কৰি সংসাৰ যাপন কৰিব নালাগিছিল । বিগত পোন্ধৰটা বছৰে বিনা বেতনে ভেঞ্চাৰ স্কুলৰ শিক্ষক হিচাপে কৰ্মৰত হৈ থকাৰ পিছত কি সতে শিক্ষকতা বাদ দি আন কাম কৰিবলৈ যাব । 

কংগ্ৰেছ চৰকাৰৰ দিনত শিক্ষা আৰু স্বাস্থ্য বিভাগৰ মুৰব্বী পদত থকা শিক্ষামন্ত্ৰীগৰাকীয়ে হঠাতে মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব বুলি কোনোৱেই আশা কৰা নাছিল । শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাদেৱৰ কৰ্মদক্ষতাৰ প্ৰতি সন্দেহ নাছিল । কিন্তু  মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ হোৱাৰ বাবে আৰু কংগ্ৰেছৰ দিনত শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ দেৱে সেই সুযোগ নিদিয়াৰ বাবে পদত্যাগ কৰে আৰু দলত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টীৰ সদস্য হৈ পুনৰ নিৰ্বাচন খেলে । নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতিৰ বৰষুণ সৰিছিল । আমাৰ চৰকাৰ গঠন কৰিবলৈ সুযোগ পালে তিনি মাহৰ ভিতৰত সকলো ভেঞ্চাৰ স্কুল প্ৰাদেশিকীকৰণ কৰা হ'ব । কিন্তু মুখৰ কথাৰ জানো মুল্য আছে । কংগ্ৰেছ চৰকাৰৰ পতন ঘটিল । " কংগ্ৰেছ মুৰ্দাবাদ , তৰুণ গগৈ গ' বেক " ধ্বনিৰে আকাশ বতাহ কঁপাই তোলাৰ বিনিময়ত জাতীয় নেতা সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপি দলৰ চৰকাৰ গঠন হয় । কিন্তু আশা কৰা মতে একোৱেই নহ'ল । শিক্ষকৰ সমস্যা সমস্যা হৈয়েই থাকিল । এজনো নিযুক্তি দিব নোৱাৰিলে । কা আন্দোলন , কোভিড মহামাৰীৰ প্ৰাদুৰ্ভাব আদি কৰি কিমান কি যে পাৰ হৈ গ'ল । ইফালে দলৰ মাজতে নেতৃত্বত টনা আজোৰা। সৰ্বানন্দ সোণোৱালৰ নেতৃত্বক অবমাননা কৰি হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত বিজেপি দলৰ নতুন চৰকাৰ গঠন হ'ল । কিন্তু শান্তি নহ'ল । চাকৰি লাগে যদি বি এড , ডি এল এড কৰা , তাৰ পিছত অসম টেট পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰি বিচৰা । নহ'লে মনে মনে বহি থাকি ভেঞ্চাৰ স্কুলৰ চাকৰি কৰি থাকা । 

পেটত গামোচা বান্ধি আৰু কিমান দিন ভেঞ্চাৰ স্কুলৰ শিক্ষক হিচাপে চাকৰি কৰিব । আমনি লাগিছিল । 

এতিয়া ২০১৮ চন । ২০১৭ চনৰ পৰা ডি এল এডৰ প্ৰশিক্ষণ ল'বলৈ আৰম্ভ কৰিছিল । এটা বছৰ পাৰ হৈ গৈছিল । আৰু এটা বছৰ যেনে তেনে পাৰ কৰিব লাগিব । তাৰ পিছত চৰকাৰে চাকৰি দিব পাৰে বা নোৱাৰে সেয়া পিছৰ কথা । ২০০৯ চনৰ শিক্ষাৰ অধিকাৰ আইন অনুসৰি প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী অনুপাতে হে শিক্ষক নিযুক্তি দিব বুলি প্ৰচাৰ আৰম্ভ হৈছে । ২০১৭ চনত মে মাহৰ পৰাই কোচ কাৱাজ আৰম্ভ কৰিছিল । ৩৫:১ ৩০:১ অনুপাতে ছাত্ৰ ছাত্ৰীৰ বিপৰীতে শিক্ষক নিযুক্তি দিব বুলি প্ৰচাৰ আৰম্ভ হৈছে । লগতে সমাজ বিজ্ঞান , গণিত আৰু ভাষা শিক্ষকৰ পদ প্ৰাদেশিকীকৰণ হ'ব বুলি শিক্ষক সকলৰ মুখে মুখে প্ৰচলিত । সমস্যা তাতেই । শ্ৰেণী অনুপাতে শিক্ষক নিযুক্তি দিলে এখন মধ্য ইংৰাজী বিদ্যালয়ত ষষ্ঠ , সপ্তম আৰু অষ্টম শ্ৰেণীৰ বাবে মাত্ৰ তিনিজন শিক্ষক নিযুক্তি দিলে বাকী দুজন শিক্ষকৰ কি হ'ব ? ছটা বিষয় পঢ়াবলৈ তিনিজন শিক্ষক যথেষ্ট হয় জানো ? বিদ্যালয়ৰ প্ৰতিষ্ঠা কালৰে পৰা শিক্ষকতা কৰি অহা আন দুজন শিক্ষকৰ প্ৰতি চৰকাৰে অন্যায় কৰা নহ'ব নে ?  

দবা খেলৰ প্ৰতি অলপ টান আছিল যদিও এই মূহুৰ্তত খেলিবলৈ মন যোৱা নাছিল । সেয়ে কৌশিকক অকলেই খেলিবলৈ এৰি দি পৰিণীতাৰ স্কুল ছুটি হোৱাৰ সময় হোৱাত তাইক আনিবলৈ বুলি শৰ্মা ছাৰ ওলাই গ'ল ।  

পৰিণীতাক গাঁৱৰে জাতীয় বিদ্যালয় খনত প্ৰথম শ্ৰেণীত নামভৰ্তি কৰি দিছিল । দূৰত্ব বেছি নহয় যদিও পাঁচবছৰীয়া পৰিণীতাক বিদ্যালয়লৈ ৰাতিপুৱা থবলৈ যোৱা আৰু দুপৰীয়া আনিবলৈ যোৱা হয় । পিছলৈ নিজে নিজে অহা-যোৱা কৰিব পাৰিব । 

( আগলৈ)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)