কুলক্ষণীৰ•ডিম্বেশ্বৰী পদ্মা চেত্ৰী

Rinku Rajowar
0
আজি কেইদিনমানৰ পৰা মিনতি ঘৰত অশান্তিয়ে বিৰাজ কৰিছে।তাইৰ চকুপানী য়ে গাৰু তিতি আছে।তাইক লৈ মিনতি গিৰিয়েৰ অকনো সহানুভুতি নাই।আজি কেইদিনমানৰ পৰা শাহু মায়ে শুনাই থকা কথাবোৰ বাৰে বাৰে তাইৰ বুকুত বিন্ধি আছে।আৰে আমি কোন গোষ্ঠীৰ পৰা এই কুলক্ষণীক আনিলো।আজি মোৰ নাতি ছোৱালীকে চোৱা কিমান সুন্দৰকৈ পেট নকটাকৈ নাতি পোৱালি পালোঁ।আমাৰ মহাৰাণীজনীয়ে কষ্ট কৰিব নোৱাৰি দুটা পোৱালি পেট ফালি ওলাব লগা হ'ল।কুলক্ষণীৰ জাত এইচব সেই তেতিয়াৰ পৰা মিনতি চকু পানীয়ে বাট নেদেখা হৈছে।ময়ো বহুত যুজিছিলো শেষত ডক্টৰে নোৱাৰোঁ বুলি কোৱাত চিজাৰিং কৰিছে।মানুহজনে সকলো জানি বুজিও কিয় মাকক একো কোৱা নাই।মিনতি যে গাৰুত মুখ গোজি হুকহুকাই কান্দিছে।


✍️ডিম্বেশ্বৰী পদ্মা চেত্ৰী।
নগাঁও

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)