বৰ্তমানত অৱহেলিত 'এড়ীয়া চাদৰ' খনি▪️নিবেদিতা হাজৰিকা

Rinku Rajowar
0
এড়ীয়া চাদৰখনি অসমীয়া সমাজৰ ব্যৱহাৰ্য  সাজ-পাৰ সমূহৰ ভিতৰত অন্যতম বুলি ক'ব পাৰি।ইয়াৰ গুণাগুণ আৰু মান তথা সৌন্দৰ্য অতুলনীয়। সেই বাবেই অসমীয়া সমাজত এই এড়ীয়া চাদৰখনৰ এক বিশেষ স্থান আছে । আপুৰুগীয়া সম্পত্তিৰ ভিতৰত এই বস্ত্ৰ অন্যতম।  এড়ীয়া চাদৰ বুলি ক'লে আজিৰ প্ৰজন্মৰ বহুতে হয়তো চিনিয়েই নাপাব। 
  শীতৰ পৰা ৰক্ষা পাবলৈ ব্যৱহাৰ কৰা এই বস্ত্ৰ আগৰ দিনত প্ৰায় প্ৰত্যেকখন ঘৰতে আছিল বুলি ক'ব পাৰি। কিন্তু সাম্প্ৰতিক সময়ত যেন এই বিধ কাপোৰৰ ব্যৱহাৰ  কমি আহিছে। শীতৰ পৰা ৰক্ষা পাবলৈ ব্যৱহাৰ কৰা এই সাতাম পুৰুষীয়া বস্ত্ৰ বজাৰত উপলব্ধ আন ঊণৰ বস্ত্ৰখনে ফেৰ মাৰিব নোৱাৰে। কিন্তু সেই এড়ীয়া চাদৰ খন  বজাৰৰ   ঊণী কাপোৰৰ লগত ফেৰ মাৰিব পৰাকৈ সমকক্ষ নহয় যদিও থলুৱা ভাৱে উৎপাদন কৰিবলৈ যাওঁতে  প্ৰয়োজন হোৱা দীৰ্ঘ সময় আৰু কষ্টৰ বাবেই হয়তো আজিৰ শিপিনীয়ে এড়ীয়া চাদৰ ববলৈ মন নকৰে। 
আৰু ইয়াৰ সুযোগ লৈয়ে বিহাৰৰ নকল এড়ীয়া চাদৰে বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। যিটো অসমীয়া শিপিনী সকলৰ বাবে এক প্ৰকাৰ দুৰ্ভাগ্যজনক কথা বুলি ক'ব পাৰি। 
   অসমৰ জলবায়ু এড়ী পলু পোহাৰ বাবে অনুকূল। সেই ফালৰ পৰা চাবলৈ গ'লে এৰী পলুৰ খাদ্য আদিৰ বাবে বিশেষ অসুবিধা নাই।আানহাতে কেচেৰু আৰু এৰাগছ আদিও অসমত প্ৰচুৰ পৰিমানে হয় বাবে এড়ী পলুৰ খাদ্যৰ অসুবিধা নহয়। এই ক্ষেত্ৰত চৰকাৰৰ কিছু কৰণীয় আছে। চৰকাৰে  প্ৰায় বিলুপ্তি পথলৈ গতি কৰা মৃতপ্ৰায় এই উদ্যোগটো পুনৰাই কাৰ্যক্ষম কৰি গঢ়ি তুলিবলৈ পদক্ষেপ গ্ৰহণ কৰিলে তথা এড়ী পালক সকলক চৰকাৰী অনুদানেৰে উৎসাহ প্ৰদান কৰিলে শিপিনীসকল  নিশ্চয়কৈ বজাৰ দখল কৰিবলৈ সক্ষম হ'ব।
     অসমৰ পাট-মুগাই বিশ্ব দৰবাৰত ইতিমধ্যে এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱাৰ দৰে অসমৰ গৌৰৱ,  অসমৰ মান স্বৰূপ সাতাম পুৰুষীয়া এড়ীয়া চাদৰখনে  পূৰ্বৰ দৰে মূল্যবান সম্পত্তিৰ স্থান অধিকাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে অসমীয়া শিপিনীয়েও তেওঁলোকৰ ত্যাগ তথা কষ্টৰ মূল্য লাভ কৰিব। উৎপাদৰ বেলিকা কোনো ৰাসায়ণিক দ্ৰব্য ব্যৱহাৰ নকৰা ,সম্পূৰ্ণ থলুৱা ভাৱে উৎপাদন কৰা এড়ীয়া চাদৰ খনে বজাৰ দখল কৰিলে,  অসমীয়া শিপিনী সকল ইয়াৰ পৰা লাভবান হ'লে তথা বিশ্ব দৰবাৰত সুকীয়া স্থান লাভ কৰিব পৰাটো সমগ্ৰ  অসমীয়াৰ বাবেই এক গৌৰৱৰ বিষয়।এই আপুৰুগীয়া সম্পদটিৰ মূল্য আৰু গুৰুত্ব যাতে সকলোৱে বুজি পায়, অনুধাৱন কৰিব পাৰে। এই ক্ষেত্ৰত চৰকাৰ বিশেষ ভাবে সচেতন হ'লেহে মৃৎপ্ৰায় উদ্যোগটো    কাললৈ হেৰাই যোৱাৰ পৰা ৰক্ষা পৰিব।

◾নিবেদিতা হাজৰিকা
লখিমপুৰ
যোগাযোগ নং ৯৩৬৫০১৮৭৫০

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)