মোক কিবা ক'ব খুজিছিল
হয়তো হিয়াৰ বেদনা
প্ৰকাশ কৰিব বিচাৰিছিল !
কিন্তু মোৰ অভিমানী হৃদয়ৰ
স্তব্ধতা দেখি তাইও যেন
নীৰৱ হৈ গুছি গ'ল
গছৰ পাতৰ আঁৰে আঁৰে
এনেকৈ ক'বলগীয়া কথাবোৰ
মনতেই মৰহি থাকি গ'ল।
আচলতে ময়ো ভাবিছিলো
হৃদয়ৰ ভাষাবোৰ শব্দৰে
প্ৰকাশ কৰিম বুলি
কিন্তু অচিনাকী চৰাইজনীৰ মৌনতাই
মোকো যে মৌন কৰি থৈ গ'ল।
আচলতে সন্মুখত দেখি থকা
ৰঙীন ৰংবোৰৰ মাজত যে
ক'লা ৰংবোৰেও বিৰাজ কৰি থাকে
সেয়া ভূক্তভোগীয়েহে বুজি পায়।
বাকৰুদ্ধ হৈ থকা সময়বোৰ মৌন হয়
নিজান জয়াল ৰাতিও স্তব্ধ হয়
ৰঙীন সপোনবোৰ লাহে লাহে নোহোৱা হয়
আৰু শেষত সকলোতে কেৱল
মৌনতাই ৰাজত্ব কৰে।
--দিপশিখা ৰাজকোঁৱৰ ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ