ৰাধাৰ জন্ম ৰহস্য,ৰাধা-কৃষ্ণৰ অমৰ প্ৰেম আৰু বিচ্ছেদৰ মনোৰম কাহিনী ••ব্ৰজেন জীৱন

Rinku Rajowar
0
                  ▪️ব্ৰজেন জীৱন
                     ৮৬৩৮৭৫৯৬৭৯
              
ভাগৱতৰ দশম স্কন্ধৰ ঊনত্ৰিশ অধ্যায়ৰ পৰা তেত্ৰিশ অধ্যায়লৈকে শ্ৰী কৃষ্ণৰ জন্মৰ কাহিনী যিদৰে সুন্দৰভাৱে বৰ্ণনা কৰা হৈছে, ঠিক সেইদৰে ৰাধা-কৃষ্ণৰ প্ৰেম কাহিনীও নিৰলসভাৱে বৰ্ণনা কৰা দেখা যায়। কিন্তু ৰাধাৰ জন্ম কাহিনী বা বিচ্ছেদৰ কাহিনীৰ বৰ্ণনা ভাগৱতত  দেখা পোৱা নাযায়। সেইদৰে অসমীয়া বৈষ্ণৱ পৰম্পৰাতো ৰাধা-কৃষ্ণৰ যুগল উপাসনাৰ কোনো ব্যৱস্থা নাই বা বৈষ্ণৱ পন্থাৰ লোকসকলে ৰাধাক মন্দিৰত স্থান দিয়া দেখা পোৱা নাযায়।  অৱশ্যে অসমীয়া বৈষ্ণৱ সাহিত্যৰ দুই-এঠাইত ৰাধা-কৃষ্ণৰ প্ৰেম আৰু বিচ্ছেদৰ সম্পৰ্কে উল্লেখ থকা দেখা যায়। তাকো কৃষ্ণৰ অভিভাৱিকা স্বৰূপেহে ৰাধাক প্ৰতিষ্ঠা কৰা দেখা যায়, য'ত কৃষ্ণতকৈ ৰাধাক বয়সত ডাঙৰ হিচাপে দেখুওৱা হৈছে। কলাপচন্দ্ৰ দ্বিজৰ 'শ্ৰীৰাধা চৰিত'ত ৰাধাক কৃষ্ণৰ পৰম ভক্তা হিচাপে উল্লেখ কৰিছে। ইয়াত বৰ্ণিত কাহিনীটো অতি মৰ্মস্পৰ্শী। দুচকু সেমেকাই তোলে। ড° বাণীকান্ত কাকতিদেৱে 'শ্ৰীৰাধা চৰিত' নামৰ এটা প্ৰবন্ধত এই সন্দৰ্ভত মননশীল ব্যাখ্যা আগ বঢ়াইছে।  কাকতি দেৱে উক্ত প্ৰবন্ধৰ যোগেদি ক'ব খুজিছে যে                                                  ৰাধা আৰু কৃষ্ণৰ সম্পৰ্ক তথাকথিত প্ৰেমিক-প্ৰেমিকাৰ দৰে নহয়। এই সম্পৰ্ক ভক্ত আৰু ভগৱানৰ সম্পৰ্কৰ এক পৰম পবিত্ৰ কাহিনী। আনহাতে ব্ৰহ্মবৈৱৰ্ত পুৰাণত  ৰাধাক মহালক্ষ্মী বুলি অভিহিত কৰিছে। এই সম্পৰ্কে ব্ৰহ্মবৈৱৰ্ত পুৰাণত থকা ৰাধা-কৃষ্ণ কাহিনীৰ কিয়দংশ তুলি ধৰিব খুজিছোঁ। এদিন নাৰদে গোলোক ঈশ্বৰী  সতী মহালক্ষ্মী ৰাধা কিয় ব্ৰহ্মলৈ আহিব লগা হৈছিল আৰু শ্ৰীকৃষ্ণৰ প্ৰিয়তমা হৈও পৰৱৰ্তী সময়ত ৰাধাক এৰি কৃষ্ণ কিয় অন্তৰ্ধান হৈছিল আৰু ৰাধাই কি পাপ কৰিছিল যাৰ বাবে কৃষ্ণ‌ৰ অবৰ্তমানত ৰাধাই গকুলত অকলশৰীয়া হৈ দিন পাৰ কৰাব লগীয়া হৈছিল সেইসকলোবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি নাৰায়ণক কাকূতি মিনতি কৰিছিল। ইয়াৰ বাহিৰেও নাৰদে শ্ৰীকৃষ্ণৰ জন্মৰ কাহিনীও প্ৰভু নাৰায়ণৰ পৰা জানিব বিচাৰিছিল।
    নাৰদৰ অপূৰ্ব প্ৰশ্ন শুনি নাৰায়ণে নাৰদক কৃষ্ণৰ জন্মৰ কাহিনীৰ বিৱৰি ক'বলৈ বাধ্য হৈছিল। প্ৰভু নাৰায়ণে নাৰদক কৈছিল যে পূৰ্বতে গোলোকধামত ৰাধাৰ লগত শ্ৰীকৃষ্ণৰ সখা শ্ৰীদামৰ কাজিয়া লাগিছিল। ৰাধাৰ অভিশাপত শ্ৰীদাম মহা প্ৰতাপী দৈত্য শংখচূড়ৰ ৰূপ লৈছিল। কৃষ্ণৰ সখা শ্ৰীদামেও ৰাধাক অভিশাপ দিছিল যে মানৱীৰূপত ৰাধা পৃথিৱীলৈ যাব লাগিব আৰু ব্ৰজধামত ৰাধাৰাণী হিচাপে হায় কৃষ্ণ , হায় কৃষ্ণ বুলি জীৱন অতিবাহিত কৰিব লাগিব। যাৰ বাবে ৰাধা আৰু কৃষ্ণৰ বিচ্ছেদ হৈছিল। অৱশ্যে ৰাধা-কৃষ্ণৰ বিচ্ছেদৰ আৰু এটা মনোৰম কাহিনী আছে। কথিত আছে যে শ্ৰীকৃষ্ণ দ্বাৰকধিপতি হৈ থাকোতে  এবাৰ দুৰ্বাসা মুনি দ্বাৰকা লৈ আহিব বিচাৰিছিল । দুৰ্বাসাৰ আগমণৰ বাৰ্তাই কৃষ্ণ আনন্দিত হৈছিল আৰু  কৃষ্ণ আৰু ৰুক্মিণীৰূপী ৰাধাই দুৰ্বাসাক বনৰ মাজত থকা কুটিৰৰ পৰা আনিবলৈ সোণৰ ৰথ লৈ দুৰ্বাসাৰ আশা পূৰণাৰ্থে উপস্থিত হৈছিল। দুৰ্বাসা সোণৰ ৰথত উঠাৰ পিছত কৃষ্ণক এটা চৰ্ত আৰোপ কৰিলে। ৰথৰ চাৰিওটা ঘোঁৰা মুকলি কৰি দিব লাগে। ৰুক্মিণীৰূপী ৰাধাই এই ক্ষেত্ৰত মান্তি হ'বলৈ বিচৰা নাছিল যদিও কৃষ্ণ‌ই ঘোঁৰা কেইটা ৰথৰ পৰা মেলি দিছিল আৰু কৃষ্ণ-ৰাধাই ৰথ টানি আগবাঢ়িছিল। ৰথ টানি টানি ৰাধা ভাগৰি পৰিছিল আৰু পিয়াহত অন্থ- কণ্ঠ শুকাই গৈছিল। পানী খাবলৈ বিচাৰি ৰাধাই কৃষ্ণক কাকূতি কৰিছিল। কৃষ্ণ‌ই দুৰ্বাসাৰ অনুমতি লৈ পৃথিৱীত চৰণ থৈ চৰণগঙ্গা সৃষ্টি কৰিছিল। চৰণগঙ্গাত ৰাধাই জাপ দি হেঁপাহ পলুৱাই তৃষ্ণা নিবাৰণ কৰিছিল। কৃষ্ণৰো পিয়াহ লাগিছিল আৰু চৰণগঙ্গাৰ জল সেৱন কৰিছিল। তাতেই খিংখিঙীয়া দুৰ্বাসাৰ খং উঠি ৰুক্মিণীৰূপী ৰাধাক শাপ দিছিল। যি ৰাধাই কৃষ্ণক সদায় ওচৰত পাবলৈ ইচ্ছা কৰিছিল, সেই ৰাধাই দুৰ্বাসাৰ বিনা অনুমতিত পানী সেৱন কৰা আৰু দুৰ্বাসাক পিয়াহ লাগিছিল নেকি নুসোধাৰ বাবে ১০০ বছৰ কৃষ্ণক বিচাৰি হাবাথুৰি খাব লাগিব বুলি দুৰ্বাসাই শাপ দিছিল। সেয়ে ৰাধাৰ আৰু কৃষ্ণৰ বিচ্ছেদ ঘটিছিল বুলি কথিত আছে।
      এইখিনিতে পাঠক হিচাপে মনত প্ৰশ্ন উদয় হ'ব যে ৰাধা প্ৰকৃততে কোন আছিল ? বাংলা অনুবাদিত মহাভাৰতৰ মতে ৰাধা আৰু ৰুক্মিণী দুয়োগৰাকী নাৰায়ণৰ পত্নী। ৰাধা মহালক্ষ্মী আৰু ৰুক্মিণী লক্ষ্মী। লক্ষ্মীয়ে নাৰায়ণৰ ইচ্ছামতে কেতিয়াবা কেতিয়াবা স্বামীৰ কাষৰ পৰা আঁতৰি বিভিন্ন ধামলৈ বিভিন্ন বেশত গমণ কৰে। কিন্তু মহালক্ষ্মীয়ে কাহানিও প্ৰভু নাৰায়ণক এৰি অকলে কলৈকো যাব নিবিচাৰে। কিন্তু কংসৰ অত্যাচাৰত কৃষ্ণৰূপে দৈৱকীৰ গৰ্ভত স্থিতি লোৱাৰ সমান্তৰালকৈ মহালক্ষ্মীক গকুলত গোপীৰূপে জন্মগ্ৰহণ কৰিবলৈ নাৰায়ণে মহালক্ষ্মীক অনুৰোধ কৰিছিল।  নাৰায়ণৰ কথামতে মহালক্ষ্মীয়ে ৰাধা নামলৈ গকুলত জন্ম লৈ  নাৰায়ণৰ আশিৰ্বাদত প্ৰখ্যাত হৈ পৰিছিল। আৰু কৃষ্ণৰ ভক্তা হৈ ৰাধা প্ৰেমত উটি-ভাহি গৈছিল। কৃষ্ণৰ প্ৰেমত ৰাধা অন্ধ হোৱা দেখি গকুলৰ গোপ-গোপীসকলে কৃষ্ণৰ প্ৰিয়তমা ৰাধাক সমীহ কৰিবলৈ বাধ্য হৈছিল। কৃষ্ণ-ৰাধাৰ বিচ্ছেদৰ আৰু এটা কাহিনী তুলি ধৰিব খুজিছোঁ। কিংবদন্তি মতে কৃষ্ণ -ৰাধাৰ প্ৰেমৰ সম্পৰ্ক‌ই গকুলত বিৰূপ প্ৰভাৱ পৰিব ধৰাত কৃষ্ণ‌ই এখন নাটক সৃষ্টি কৰিছিল। ষোল্লশ গোপীৰ ভিতৰত বিৰজা সুন্দৰী আছিল অতি ৰূপৱতী চঞ্চলা নাৰী। সেই বিৰজা সুন্দৰীৰ প্ৰেমত কৃষ্ণ‌ই হাবু-ডুবু খাইছিল। বিৰজাসুন্দৰীৰ প্ৰেমৰ আকুলতাত আত্মহাৰা হৈ  কৃষ্ণ‌ই কিছুক্ষণ  পত্নী ৰাধাক এৰি নিৰ্জনত পুষ্পশৰ্যা ৰচনা কৰি বিৰজা সুন্দৰীক কৃষ্ণই বক্ষৰ মাজত আলফুলে সুমুৱাই বহুক্ষণ প্ৰেম আলিংগন কৰিছিল। বিৰজাসুন্দৰী আৰু কৃষ্ণৰ এনে প্ৰেমাস্পদ দেখি ৰাধাৰ সখীসকল বিৰজাৰ বিৰুদ্ধে  বিতুস্ত হৈ ৰাধাক সবিশেষ ক'লৈগৈ- " হে ৰাধিকা দেৱী, বৃন্দাবনত অদ্ভূত পৰিবেশ সৃষ্টি কৰিছে তোমাৰ প্ৰাণৱন্ত কৃষ্ণ সনাতনে। বিৰজাসুন্দৰীক বক্ষত বহুৱাই কৃষ্ণ‌ই প্ৰেমত মচগুল হৈ পৰিছে। আমি দেখি আহিছোঁ। বলা সখী, কৃষ্ণক বিৰজাৰ পৰা মুক্ত কৰা।"
    সখীসকলৰ কথা শুনি ৰাধা কান্দোনত ভাগি পৰিছিল আৰু কৃষ্ণৰ প্ৰতি অন্তৰত  বিদ্বেষভাব জন্ম হৈছিল। ৰাধাই সখীসকলৰ আগত বিৰজাসুন্দৰীক নানা ককৰ্থনা কৰি তেওঁক ধৰি আনিবলৈ কৈছিল  যদিও সখীসকলৰ পৰামৰ্শ মানি লৈ তেওঁলোকৰ লগত বিৰজাসুন্দৰী আৰু কৃষ্ণৰ প্ৰেমলীলা বন্ধ কৰিবলৈ বৃন্দাবনলৈ গতি কৰিছিল। ৰাধা আৰু সখীসকলে পুষ্প সজ্জিত মণ্ডপৰ সন্মুখত কৃষ্ণৰ সখা শ্ৰীদামক দেখা পাই কৃষ্ণ ক'ত সুধিছিল। শ্ৰীদামৰ হাতত এডাল বেট দেখি ৰাধাৰ খং দুগুণে চৰিছিল। ভিতৰলৈ যাবলৈ উদ্যত হোৱাত শ্ৰীদামে ৰাধাৰ সহিতে গোপীসকলক বাধা দিয়াত সকলোৱে শ্ৰীদামক গতিয়াই পেলাই ভিতৰলৈ সোমাই গৈছিল। সিফালে কৃষ্ণ‌ই সকলো খবৰ পাই তাৰ পৰা অন্তৰ্ধান হয় আৰু বিৰজাসুন্দৰীয়ে দেহ ত্যাগ কৰি নদীৰ আকাৰ লয়। বৃন্দাবনৰ বিৰজানদী সেয়ে আজি ইমান বিখ্যাত । বিৰজা নদীৰ পাৰত যোগীসকলে আজিও মগ্নহৈ যোগধ্যান কৰে। প্ৰবাদ আছে যে বিৰজানদীৰ পানী খালে পাপ বিনাশ হয় আৰু তৃষ্ণা দূৰ হয়। 
    ৰাধাই মণ্ডপৰ ভিতৰত কৃষ্ণক নেদেখি মনৰ দুখত অন্তেষপুৰ পালেহি। নিজৰ তপোবলত বিৰজাসুন্দৰীয়ে যে নদীৰ ৰূপ ধাৰণ কৰিলে সেই কথাও ৰাধাই উপলব্ধি কৰিলে। তেনে সময়তে শ্ৰীদামৰ সহিতে কৃষ্ণ ৰাধাৰ ওচৰত প্ৰৱেশ কৰাত ৰাধাৰ খং দুগুণে বাঢ়িবলৈ ধৰিলে।‌কৃষ্ণক উদেশ্যি নানা কটু বাক্য, কটু সমালোচনা  কৰিবলৈ ধৰিলে। আনকি বিৰজা নদীৰ পাৰত কৃষ্ণক মন্দিৰ ৰচনা কৰি তাতেই কৃষ্ণক থাকিবলৈ কৈ ৰাধাই নানা লাঞ্চনা ভৎসনা কৰিবলৈ নেৰিলে।‌ ৰাধাৰ ব্যৱহাৰত অতিষ্ঠ হৈ পৰা কৃষ্ণৰ সখা শ্ৰীদামৰ খং চুলিৰ আগ পাইছিলগৈ। সেয়ে ৰাধাৰ কথাত প্ৰতিবাদ কৰি কৃষ্ণৰ গুনাণুকীৰ্তনেৰে ৰাধাক ইতিকিং কৰিছিল। শ্ৰীদামৰ ওপৰত ৰাধাৰ খং আছিলেই। অগ্নিগৰ্ভা ৰাধাই শ্ৰীদামক দিলে অভিশাপ -দৈত্যকূলত জন্ম লৈ শংখচূড় হ'বলৈ। শ্ৰীদামেও ৰাধাক অভিশাপ দিলে - মানৱী জন্ম লৈ কৃষ্ণক বিচাৰি হাবাথুৰি খাবলৈ। ভাগৱতত এনে কাহিনী পোৱা নাযায়।‌ অৱশ্যে ব্ৰহ্মবৈবৰ্ত পুৰাণত ৰাধা -কৃষ্ণৰ এনে বহু কাহিনী উপলব্ধ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)