অসমীয়া বহুত হ’ল অসম এখনেই
সেই নাটক চাবলৈ দৰ্শকৰ ভিৰ হ’ল
পিছে,নাটকৰ সামৰণি নহ’ল
অসমীয়া ভাষা ক’ত,অসমীয়া মাটি ক’ত
জয়মতী,শোণিতকুঁৱৰী,মূলাগাভৰু নোহোৱা হ’ল
লাচিত বৰফুকনৰ নাম লৈ বীৰ সকল কলৈ গ’ল
ভাৱৰীয়া ঘৰে ঘৰে গ’ল ৷
এন্ধাৰৰ চাকি গচি জ্বলিও নোমাল
মোৰ আইৰ কপালত তৰা উলাল
তৰা পোহৰত নেদেখা বাটে
আইয়ে পোহৰ দিয়ে জোনৰ সতে
অ’ মোৰ অসমী আই
অসমৰ মাটিতে ৰুবলৈ আনিছোঁ
সেউজীয়া পাতৰ শৰাই
অসমী আইক নিচিনা কেকোঁৰাই
অসমীয়া নাম লৈ বিভেদৰ কঠীয়া পেলায় ৷
এই মাটিৰ সেউজীয়া পথাৰৰ চকুলো ওলায়
অসমীয়াৰ চিনাকি নাই
কেৱল বুৰঞ্জী থাকিলেই অসম নাথাকিব
অসমীয়া কোন দিশে যায় ৷
সাৰে থাকি টোপনিৰ ভাও ধৰা মৃগ দংশক
ভূৰ্ণি ধংসকাৰী মূষকৰ জাক জাক
বাক্-চতুৰ লোকে
নিচলাৰ ভাত কাঢ়ি খাব
শিকলিৰে বান্ধা ধৃত্বৰী,হাতত ৰৌদন তৰোৱাল
পোহৰত হ’বা তপোনিধি,এন্ধাৰত হ’বা মহাকাল।।
মহাকাল লেখক Ranjit Sharma
ReplyDeleteপঢ়ি ভাল লাগিল।
আগলৈকে এনেদৰে পঢ়িবলৈ পোৱাৰ আশাৰে।