ৰক্তিম উদিত সূৰুয হৈ
দুখৰ ডাৱৰবোৰ আঁতৰাই
সুখৰ ডাৱৰ আনিছিলা কঢ়িয়াই
আকাশৰ মোহনাৰ নীলিম ভাঁজত
ৰঙবোৰে খেলিছিল খেলা
আবেলি বেলি
অস্তাকাশত এন্ধাৰ চতিয়াই
আঁতৰি গ'ল হঠাতে কেনি, ৰঙো হেৰাল।
মন ভাবনাত কিয় জানো এতিয়া
অস্তগামী সুৰুযৰ হেঙুলীয়া ৰহণেই
বাৰে বাৰে বৰণীয়া ৰঙবোৰে
থিতাতে হেৰাই এন্ধাৰ আনে নমাই।
হঠাতে যেন কিযে হ'ল
মন চোতালত জোনাক বিহীন ৰাতি
মাজে মাজে কিনকিনীয়া বৰষুণ
গভীৰ ৰাতি নিজানত যেন
আছোঁ অকলে বহি
মিছাতে অতীত ৰোমন্থন কৰিছোঁ
অতীত যদি মধুৰ নহয়
কিয় সোঁৱৰাইছো এতিয়া মই
বিষাদ যন্ত্ৰণাত ছটফটাই
নীৰৱে নীৰৱে নিজানত কলিজা জ্বলাই
আবেগৰ ৰং ঢালি ভাবিছিলোঁ মই এদিন
তুমি মোৰ মনাকাশত যেন
ৰক্তিম উদিত সূৰুয হৈ
দুখৰ ডাৱৰবোৰ আঁতৰাই
সুখৰ ডাৱৰ আনিবা কঢ়িয়াই
হঠাতে কেনি সলালে ৰং তোমাৰ মনাকাশত
আজিও বুজিব নোৱাৰিলোঁ যেন মই
তোমাৰ মনাকাশৰ ৰং কেনি গ'ল উৰি
এন্ধাৰ কোলাহল মোৰ বুকুত
নীৰৱে নিঃশব্দে যেন গ'লা চতিয়াই----।
🕳️ নিপু কুমাৰ দাস
কাজিপাৰা,নলবাৰী
৭০০২৩২৭৮০৫
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ