নৱজাতকৰ উক্তি▪️▪️ধনঞ্জয় দাস

@admin
0
সংকটকালত জন্ম মোৰ
সেৱা মোৰ ব্ৰত
থাকিম অটল কঠিন কামত
আহক বিপদ যত
সৰু যদিও মোৰ মাজেৰে 
আহিব ভৱিষ্যত
দৃঢ় পণ মোৰ আনিম মই 
বিঘ্ন বিহীন পথ
নতুন সমাজ গঢ়িবৰ বাবে
লৈছোঁ জন্ম মই 
মৰম চেনেহ দয়াৰে মোক 
আদৰি ল'বলৈ
সমাজেই মোক দিব শিক্ষা
জগাব উদ্দীপনা 
দেশৰ কাৰণে বিলাই দিম
শোণিত বিন্দু কণা
যত জঞ্জাল এই সমাজৰ 
কৰিম উৎপাটন
যুজি যাম মই প্ৰাণবায়ু মোৰ 
থাকিব যিমান ক্ষণ
মুক্ত মন বিলুপ্ত হৈ
গঢ়িছে মৰিশালি
নতুন বাটৰ কটীয়া হৈ
অমলিন কৰিম আলি।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)