কথাবোৰ আমি যোগাত্মক ভাৱে গ্ৰহণ কৰা উচিত-নয়নমণি দাস

©Admin
0
নেলছন মেণ্ডেলাই কৈছিল," সমালোচনা কৰিবলৈ যোগ্যতা নালাগে কিন্তু সমালোচিত হ'বলৈ যোগ্যতা লাগে।" সেয়ে সৰ্ব প্ৰথমে মই এটা কথাই ক'ব বিচাৰোঁ যে, "আমি  আনৰ বেয়া সমালোচনা কৰাত কৈ নিজেই ভাল কাম কৰি সমালোচিত হ'বলৈ যত্ন কৰাহে উচিত। 
                ফʼটোৱে কথা কয়। সেয়ে আমি সকলো ফʼটো  সামাজিক মাধ্যমত চেয়াৰ কৰিব নালাগে। যিহেতু সামাজিক মাধ্যমত আছে দুটা দিশ। সেই দিশ কেইটা হ'ল এটা ভাল আনটো বেয়া।  সামাজিক মাধ্যমত পিটপিটাই ফুৰা বেয়া মনৰ মানুহে মাত্ৰ বেয়া দিশতটোৰ কথাবোৰ হে চিন্তা কৰে। মানুহ চিনি পোৱা সহজ নহয়। সেই  বাবেই হয়তো অসমীয়াত এষাৰ কথা আছে, চাৰি ঠেঙীয়াক উদ্ধাৰ কৰি দুঠেঙীয়াক খালত পেলাই দিয়া।" বেয়া মনৰ মানুহ বোৰ সহজতে চিনি পোৱা নহয়। সেয়ে সামাজিক মাধ্যমত ফটো বোৰ চেয়াৰ কৰোঁতে  ভাল কি ? বেয়া কি ? দহ বাৰ আগতেই ভাৱি চাব। নভবা নিচিন্তাকৈ সামাজিক মাধ্যমত চেয়াৰ কৰা মাত্ৰ এখন ফʼটো বাবেই আপুনি হৈ পৰিব পাৰে সকলোৱে দৃষ্টি হেয়। আপুনি অতি আপোন বুলি ভাবি থকা সকলৰোৱেও আপোনাৰ ভাল কামবোৰ পাহৰি পেলাব। তেওঁলোকেও অৰ্থক সমালোচনা আগবঢ়াব। সেয়ে আপুনি সামাজিক মাধ্যমত ফʼটোবোৰ চেয়াৰ কৰোঁতে অতি সাৱধান হোৱা উচিত।
                     কেতিয়াবা চৰকাৰৰ হঠকাৰী  কিছুমান নিৰ্দেশনা বাবে কিছুমান বিদ্যালয়ৰ  শিক্ষক শিক্ষয়িত্ৰী সকল বৰকৈ বিপাঙত পৰে। বিশেষকৈ ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক শিক্ষয়িত্ৰী কম থকা বিদ্যালয় সমূহত । আজিকালি শিক্ষা ব্যৱস্থাটোক লৈ  কিছুমান অভিভাৱকৰ মুখত কিছুমান  শুনা যায়। সেয়া হৈছে, " বিদ্যালয়ত পাঠদানতকৈ উদযাপন বেছি হৈছে।" অমৃত কলহ, লাচিত দিৱস উদযাপন, শিক্ষক দিৱস, শিশু দিৱস, খেল মহাৰণকে আদি কৰি বিদ্যালয়ৰ পাঠ্যপুথি উপৰিও বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠান অনুষ্ঠিত কৰি বিভাগীয় নিৰ্দেশ অনুসৰি ফʼটো প্ৰেৰণ কৰা কৰাত হে বিশেষ গুৰুত্ব দিয়া হয় । তাৰোপৰি বিভাগে মাজে মাজে বিভিন্ন সময়ত অনুষ্ঠিত কৰা ট্ৰেনিং সমূহ আছেই।"  নিৰ্বাচনৰ সময়ত, শিক্ষক সকলৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। মহামাৰীৰ সময়তো শিক্ষক শিক্ষয়িত্ৰী সকলৰ ত্যাগ কষ্ট নু কৰিব নোৱাৰি। 
                       বিদ্যালয়ত মধাহ্ন ভোজনৰ বাবে নিয়োগ কৰা কৰ্মচাৰী সকলৰ দৰমহা অতি পুতৌজনক।  সেয়ে প্ৰতিদিনে তেওঁ লোকৰ পৰাও বিদ্যালয়ৰ প্ৰধান শিক্ষকে অতিৰিক্ত মানসিক চাপত ভুগিব লগা হয়। শিশু সকল দেশৰ ভৱিষ্যত। আমাৰ দেশৰ ধৰনী স্বৰূপ কণ-কণ শিশু সকলক আনন্দ মনেৰে ৰান্ধি খুৱাওকৈ পৰিশ্ৰম অনুসৰি দৰমহা পুতৌজনক হোৱা বাবে ঘৰুৱা সমস্যাৰে জৰ্জৰিত হৈ এশ একুৰি হা- হুমুনিয়াহ কাঢ়িহে ৰান্ধি খুৱাই।

                  বিভিন্ন জনৰ মুখত শুনা যায় যে,      " বিভাগীয় বিভিন্ন সময়ত অনুষ্ঠিত কৰিব দিয়া  বিভিন্ন দিৱসৰ কাৰ্যসূচী অনুসৰি শ্ৰেণী আগবাঢ়াই নিব লগা হোৱা বাবে ছাত্ৰ-ছাত্ৰী সকলক সময় অনুসৰি পাঠদান কৰা পৰা শিক্ষক শিক্ষয়িত্ৰী সকল বিৰত থাকিব লগা হয়। ইয়াৰ উপৰিও বিদ্যালয়ত পাঠদান কৰাতকৈ কেতিয়াবা কেতিয়াবা শিক্ষাসেতুত দিনটো উপস্থিতি তথ্য  দিবলৈ গৈ কেতিয়াবা দিনৰ দিনটো লগাব লগা হয়। শিক্ষাসেতুত উপস্থিতি দেখাব নোৱাৰিলে  দৰমহা কৰ্তনৰ ভয়ত বিভাগীয় বৰমুৰীয়া সকলক জানিব দিব লগা হয়। কেতিয়াবা নিজৰো এনেকুৱা অনুভৰ হয় বিদ্যালয়ত পাঠদানত কৈ  উপস্থিতিটোহে প্ৰধান কাম হৈ পৰিছে। কেতিয়াবা এনেকুৱা লাগে  শিক্ষাসেতুৱে শিক্ষক শিক্ষয়িত্ৰী সকলক  সঁচাকৈয়ে জ্বলাকলা খুৱাইছে।"
                    
                       সমালোচনা ইতিবাচক হ'ব লাগে। ইতিবাচক সমালোচনাই এজন মানুহক নিপুণ কৰি তুলিব পাৰে।  এটা কথা ঠিক,  আপোনাৰ সুহৃদ শুভাকাংক্ষী অৰ্থাৎ আপোনাৰ হিত চিন্তা কৰা জনে সকলোৱে দেখাকৈ আপোনাক কেতিয়াও ভুলটো খুচৰি নিদিয়ে। কিয়নো ভাল নাম পাবলৈ জীৱনটো লাগে। কিন্তু বেয়া নাম পাবলৈ এক ক্ষন্তেকেই যথেষ্ঠ।  আপোনাৰ হিত চিন্তা কৰা জনে নিজৰ হাজাৰ ব্যস্ততাকো নেওঁচি  আপোনাক যিকোনো প্ৰকাৰে ভুল বোৰ  আঙুলিয়াই দিব, সমাজৰ দৃষ্টিত লজ্জিত নোহোৱাকৈ। 

               সকলো কথাকে আমি যোগাত্মক দৃষ্টিয়ে গ্ৰহণ কৰা উচিত। যোগাত্মক চিন্তাইহে মানুহক মহীয়ান কৰে। প্ৰত্যেকেই জীৱনটোত বহুতো মানুহ লগ পোৱা হয়। লগ পোৱাৰ মানুহবোৰৰ মানসিকতা ভেদে দি যায় আমাক কোনেৱে আশীৰ্বাদ, কোনোৱে শিক্ষা। সেয়ে আমি কেতিয়াবা কিছুমান কথাত লাজ পালেও যোগাত্মক ভাৱে গ্ৰহণ কৰা উচিত। আমি জানো যে, মিঠা বগৰী জোপালৈহে ফৰমুঠি যায়। প্ৰতিমাৰ জন্মৰ কথা। চৰকাৰৰ হঠকাৰী সিদ্ধান্তক যদি আমি যোগাত্মক দৃষ্টিৰে গ্ৰহণ কৰে তেন্তে ছাত্ৰ ছাত্ৰী সকলৰ মাজত লুকাই থকা বিভিন্ন প্ৰতিভাৰ বিকাশ সাধন কৰিবলৈ সক্ষম হ'ব।  পুথিগত শিক্ষাই যে জীৱন সংগ্ৰামত আগুৱাই যোৱা হয় তেনে নহয়। জীৱন সংগ্ৰামত জয়ী হ'বলৈ বিভিন্ন সময়ত বিভিন্ন শিক্ষাৰে নিপুণ হ'ব লাগিব। ছাত্ৰ ছাত্ৰী সকলৰ সহঃবিদ্যায়তনিক দিশত আগুৱাই যাবলৈ হ'লে  ছাত্ৰ ছাত্ৰী সকলে শিকিব লাগিব পৰিৱেশ, পৰিস্থিতি লগত সাহসেৰে যুঁজ দি। সেয়ে কোৱা হয় ছাত্ৰী সকলে দেখি, শুনি, ঠেকি লোৱা শিক্ষা অতি ফলদায়ক হয়। বিদ্যালয়ত অনুষ্ঠিত কৰা উদযাপনে ছাত্ৰ ছাত্ৰী সকলক নিপুণ কৰি তুলিব পাৰে। সেয়ে চৰকাৰৰ হঠকাৰী সিদ্ধান্তক পোনপটীয়াকৈ বিয়োগাত্মক দৃষ্টিৰে গ্ৰহণ কৰা উচিত নহয়। ঘৰলৈ ন কৈ অহা বোৱাৰী এগৰাকীয়ে যিদৰে নতুন ঘৰ খনৰ বিষয়ে জানিবলৈ সময়ৰ প্ৰয়োজন হয় । লাহে লাহে নতুন ঘৰখনত নিজৰ কৰি লয় । মই আশাবাদী যে , ঠিক সেইদৰে শিক্ষা ব্যৱস্থালৈ অহা আমূল পৰিবৰ্তন স্বৰূপ শিক্ষা সেতুত দেখা দিয়া  বিসংগতি সমূহো লাহে লাহে নাইকিয়া হৈ পৰিব।

               সদৌ শেষত এটা কথাই ক'ব বিচাৰোঁ যে, জীৱনত যি লাজ পোৱা নাই সেইজন সচাঁ অৰ্থত মানুহেই নহয়। সেয়ে আমি কিছুমান কাম কৰা আগত লাজ কৰা উচিত।  লাজ পোৱা পিছত যদি আমি কামবোৰ যোগাত্মক ভাৱে গ্ৰহণ কৰোঁ , তেন্তে জীৱন সংগ্ৰামত এদিন হাঁহি হাঁহি জয়ী হোৱাটো নিশ্চিত।
                       
          

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)