মানুহৰ জীৱনটো ইমান সহজ নহয় যে আমি সকলো বিচৰা ধৰণেৰে প্ৰাপ্তি পাম। হয়, জীৱনত মানুহৰ ঘাট-প্ৰতিঘাট থাকে কিন্তু যদি আমি প্ৰতিটো সময়তে নেতিবাচক দৃষ্টিৰে একো নাপালোঁ, একো নাই, একো নহʼব নেকি!
জীয়াই থাকি একো লাভ নাই!
তেনে দিশকে অধিক চিন্তা, চৰ্চা কৰি উপযুক্ত সময় খিনি অতিবাহিত কৰাৰ বিপৰীতে নিজৰ জীৱনটো সৰ্বাংগীন সুন্দৰ ৰূপত প্ৰতিষ্ঠিত কৰিম বুলি দৃঢ়তাৰে জেষ্ঠ জনৰ দিহা-পৰামৰ্শ মানি আগবাঢ়ি গʼলে জীৱনত নিশ্চয় সফল হʼব পাৰিম বুলি বিশ্বাস। এটা কথা ঠিক সফলতা পাবলৈ হʼলে অশেষ কষ্ট, পৰিশ্ৰম আৰু নিজৰ কৰণীয় কাৰ্যসমূহ সুন্দৰ ভাবে কৰিবই লাগিব। এইটো মানৱ জীৱনৰ কৰণীয়। হয় কোনোৱে একো নকৰাকৈ হঠাৎ সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় কিন্ত প্ৰকৃততে সেয়া ক্ষণস্থায়ী বুলি কব খোজো। আমি নিজকে দুৰ্বল বুলি ভাবি, হতাশ গ্ৰস্ততাত নাথাকি একগ্রতা, আত্মবিশ্বাস, মনোবল থাকিলে মানুহৰ জীৱনত একোৱে বাধাৰ প্ৰাচীৰ হ'ব নোৱাৰে। সৰুক মৰম-স্নেহ আৰু ডাঙৰক শ্ৰদ্ধা, ভক্তি, সম্মান কৰিব পৰা জ্ঞান খিনি কিন্তু মানুহৰ অমূল্য সম্পদ। যিটো সহজে আহৰণ কৰিব নোৱাৰে
কিন্তু সা-সম্পত্তি সহজে আহৰণ কৰিব পাৰি। আচৰণ বা সাধাৰন মানুহৰ প্ৰতি থকা মানৱীয় জ্ঞান খিনি শিকিবলৈ কোনো শিক্ষাৰ প্ৰয়োজন নাথাকে ই হৈছে পৰিয়াল কেন্দ্ৰিক নীতি শিক্ষা।
আৰু সেই নীতি শিক্ষা আহৰণ কৰি পিছলৈ বিশ্ব জয় কৰিবলৈ বেছি সময় নালাগিব গতিকে প্ৰথমে সাধাৰণ জ্ঞান খিনি সৎ কামত ব্যৱহাৰ কৰিবলৈ শিকিব লাগে। নিজৰ সৰলতা খিনি সঠিক ব্যৱহাৰ কৰি যি খিনি সন্মান পাব পাৰি বা পোৱা যায় কিন্তু সেই খিনি সন্মান বা মৰম টকা, সা-সম্পত্তিৰে পোৱা নাযায়। হয় বহুতে কয় যে টকা, সা-সম্পত্তি থাকেলে সকলো সম্ভৱ হয় এই কথাষাৰ একেবাৰে নহয় বুলিব নোৱাৰি কিন্তু সেয়া ক্ষণস্থায়ী। দুদিনৰ কাৰণেহে সেই মৰম, সন্মান। কিন্তু সৎ আৰু সৰলতাৰে পোৱা মৰম, সন্মান, শ্ৰদ্ধা মৰাৰ পিছতো মানুহে সোঁৱৰী অমৰ কৰি ৰাখিব যুগ যুগ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ