পাহাৰৰ শিলাময়
বুকুত বিলীন হবলৈ
আহিলো বনভোজৰ
থলি ডাম্বোকৰ সেউজীয়া
নীলাৰ মাজত অৱসাদ
দূৰ কৰিবলৈ ।
ব্যস্ততাৰ ভৰপূৰ
জীৱনৰ কিছু পল
নিজৰ মতে জীয়াবলৈ।
সৰু বৰ সকলোৱে মিলি
কৰিম আজি ধেমালি
স্মৃতি হয় ৰব
আজিৰ দিনটোৰ
প্ৰতিটো সময়ৰ
ধেমালি ।
সজীৱ হৈ ৰব
প্ৰতি সময়ৰ
ফটোবোৰ।
✍️দৃলীনা দাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ