ধাৰাবাহিক উপন্যাস ~অৰণ্যৰোদন ১১▪️নবীন চন্দ্ৰ মেধি

Rinku Rajowar
0
একাদশ খণ্ড

নিৰ্মল কুমাৰ শৰ্মাই নামঘৰৰ পৰা অহাৰ পিছত তামূলী ছাৰৰ ফোন আহিছিল । একপ্ৰকাৰৰ নিমন্ত্ৰণ বুলি ক'ব পাৰি । উপেক্ষা নকৰি লগে-লগে দুয়ো একেলগে বাইকেৰেই যাত্ৰা আৰম্ভ কৰিলে । বৰপথাৰৰ প্ৰেমহৰা গাঁৱৰ মুকুন্দ মাধৱ শৰ্মা ছাৰৰ ঘৰলৈ বুলি । ৰাতি চাৰে সাত বজাত উপস্থিত হৈছিল তেওঁলোক দুয়োজনে । শৰ্মা ছাৰ আৰু তামূলী ছাৰ দুয়ো সহপাঠী বন্ধু  । বৰপথাৰ জুনিয়ৰ কলেজত চাকৰি কৰে ।  গোলাঘাট জিলা দবা সন্থাৰ এজন বিষয়ববীয়া আছিল সেই সময়ত । 

চুঙাজান অঞ্চলত প্ৰায় প্ৰতিবছৰে দবা খেল অনুষ্ঠিত হয় । সেইবছৰো হৈছিল । ২০১৭ চনত  চুঙাজান মাজগাঁও দগাঁও খেলপথাৰত অনুষ্ঠিত দবা খেলৰ প্ৰতিযোগিতাত সেইবছৰ জিলা পৰ্যায়ৰ দবা খেলুৱৈ নিৰ্বাচিত কৰা হৈছিল । নিৰ্বাচিত খেলুৱৈ সকলে গোলাঘাট জিলাৰ পৰা সদৌ অসম আন্তজিলা দবা খেল প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰিব পাৰিব ।  ইন্দ্ৰেশ্বৰ তামূলী আৰু মুকুন্দ মাধৱ শৰ্মা প্ৰথম দ্বিতীয় আৰু নিৰ্মল কুমাৰ শৰ্মাই তৃতীয় স্থান লাভ কৰিছিল । নগাঁৱত অনুষ্ঠিত সদৌ অসম আন্তজিলা দবা খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছিল । বাতৰি কাকতত গোলাঘাট জিলাৰ কুৰিজনীয়া দলটোৰ সতে নিৰ্মল কুমাৰ শৰ্মা ছাৰৰ নাম প্ৰকাশ পাইছিল । 

কিন্তু বিধিয়ে দিলেও বিধাতাই নিদিয়ে । বিশেষ কিছুমান ঘৰুৱা অসুবিধাৰ বাবে সেইবাৰ নগাঁৱৰ খেললৈ যাব নোৱাৰিলে তেওঁ । জিলা পৰ্যায়ৰ দবা খেল আগতেও দুবাৰ খেলিছিল । গোলাঘাট আমোলাপট্টিত এবাৰ খেলিবলৈ গৈছিল । আন এবাৰ গোলাঘাট চহৰৰ মাজমজিয়াতে । 

জিলা পৰ্যায়ৰ দবা খেলত এতিয়াও চেম্পিয়ন হ'ব পৰা নাই যদিও তৃতীয় স্থান লাভ কৰিছে । ২০১৯ চনৰ অক্টোবৰ মাহত পদুমণি এম ই স্কুলত অনুষ্ঠিত গোলাঘাট জিলা দবা সন্থাৰ খেলত তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছিল । নগদ ধন সহ মানপত্ৰ আৰু ট্ৰফি লাভ কৰিছিল । লগতে সেইবাৰ বৰপেটা জিলাৰ বৰপেটাত অনুষ্ঠিত সদৌ অসম আন্তজিলা দবা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছিল ।   পল্লৱ গোহাঁইৰ নেতৃত্বত সেইবাৰ অনুজ প্ৰতীম বৰুৱা , আৰু কেইগৰাকীমান খেলুৱৈৰ সতে বৰপেটালৈ দবা খেলিবলৈ গৈছিল । কাৰ্বি আংলং জিলাৰ পৰা থং টেৰন , গিৰিশ বৰা , ৰিণ্টু ব্ৰক্ষ্ম আৰু কেইজনমান খেলুৱৈ গৈছিল । 

ইতিমধ্যে ডিব্ৰুগড় জিলাৰ ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ত ষষ্ঠ কুৰুক্ষেত্ৰ মুকলি ফিডে ৰেটিং টুৰ্ণামেণ্টত ( ২০১৯ চনৰ ১৯ জুলাইৰ পৰা ২৪ জুলাইলৈকে ) অংশগ্ৰহণ কৰিছিল আৰু প্ৰথমবাৰৰ বাবে ৰেটিং পইণ্ট লাভ কৰিবলৈ সক্ষম হৈছিল । 

ডিব্ৰুগড়ত খেলি অহাৰ কেইদিনমানৰ পাছতে চুঙাজান দবা একাডেমীয়ে সদৌ অসম মুকলি দবা টুৰ্ণামেণ্টৰ আয়োজন কৰিছিল । তাৰ পিছত সৰুপথাৰত জিলা পৰ্যায়ৰ দবা খেল অনুষ্ঠিত হয় । ইয়াৰ পিছত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত অনুষ্ঠিত কৰা মুকলি ৰেপিড ৰেটিং দবা  টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰে । ইয়াতো ৰেটিং পইণ্ট লাভ কৰিবলৈ সক্ষম হৈছিল নিৰ্মল কুমাৰ শৰ্মাই । 

একে বছৰতে আঠখনমান খেলত অংশগ্ৰহণ কৰাৰ পিছত আহিছিল কোভিডৰ আতংক । সকলো স্তব্ধ হৈ পৰিছিল । খেলাধূলা স্কুল কলেজ সকলো বন্ধ হৈ পৰিছিল । 

২০২০ বৰ্ষৰ আন্তজিলা দবা খেল গুৱাহাটীৰ সৰুসজাইত অনুষ্ঠিত কৰা হয় । সেইবাৰ ডিব্ৰুগড়ৰ এগৰাকী খেলুৱৈ বন্ধু চেনিৰাম পেগু আৰু যোগেন কামানৰ সতে একেলগে এখন হোটেলতে তিনিদিন পাৰ কৰিছিল । চেনিৰাম পেগু চেম্পিয়ন হৈছিল । 

ইয়াৰ পিছত উত্তৰ লখিমপুৰ । ২০২১ বৰ্ষৰ সদৌ অসম আন্তজিলা দবা খেলখন উত্তৰ লখিমপুৰ ছোৱালী মহাবিদ্যালয়ত অনুষ্ঠিত হৈছিল । বন্ধু অনুজ প্ৰতীম বৰুৱা , পুলিন বৰা আৰু নিৰ্মল কুমাৰ শৰ্মাই গোলাঘাট জিলাক প্ৰতিনিধিত্ব কৰিছিল । যোৰহাট নিমাতী ঘাটেৰে ফেৰীৰে ব্ৰহ্মপুত্ৰ পাৰ হৈ গৈছিল । 

শেষবাৰৰ বাবে মৰিগাঁও জিলাৰ মৰিগাঁও কলেজত অনুষ্ঠিত সদৌ অসম আন্তজিলা দবা খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল সি । দবা খেলি অসমৰ ইমূৰৰপৰা সিমূৰলৈকে ঘুৰি ফুৰিছিল নিৰ্মল কুমাৰ শৰ্মাই ।  ডিব্ৰুগড় , গুৱাহাটী , বৰপেটা লখিমপুৰ , মৰিগাঁও ,  গোলাঘাট , কাৰ্বি আংলং আৰু যোৰহাট জিলা সামৰি আঠখন জিলাত দবা খেলিবলৈ গৈছিল । এতিয়া যেন তেওঁৰ ভাগৰে হেঁচা মাৰি ধৰিলে । খেলৰ প্ৰতি মনোনিবেশ কৰিবলৈ সময়ৰ অভাৱ হৈছে । চাকৰি বাকৰি নহ'ল যেতিয়া দবা খেলি ঘুৰি ফুৰিলে নহ'ব । নিজাকৈ কিবা এটা ব্যৱসায় আৰম্ভ কৰাৰ কথা চিন্তা চৰ্চা কৰিবলৈ আৰম্ভ কৰিছিল । অতবছৰে বিনা বেতনে ভেঞ্চাৰ স্কুলৰ শিক্ষক হিচাপে চাকৰি কৰাৰ পাছত এইবাৰ চৰকাৰী গোলাম হোৱাতকৈ নিৰ্মল কুমাৰে স্বাধীন ব্যৱসায়হে কৰিবলৈ মন মেলিলে। 

( আগলৈ )

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)