অণুগল্প ~সন্তুষ্টি• নিৰ্মল কুমাৰ চৌধুৰী

Rinku Rajowar
0
দিনটো অলৌতলৌকৈ লৰা ঢাপৰা কৰি ঘুৰি ফুৰাৰ অন্তত  ৰাতি যেতিয়া ঘৰ সোমাওঁহি ,  ভাগৰে হেঁচা মাৰি ধৰে । ল'ৰা ছোৱালীয়ে পঢ়া শুনা শেষ কৰি সময়মতে ভাত কেইটা খাই শোৱে মানে ৰাতি এপৰ যায়গৈ । 

তাৰ পিছত পৰিবাৰে হাতত সাৰে ভৰিত সাৰে গিৰিয়েকৰ সান্নিধ্য লাভ কৰিবলৈ আহে মানে ৰাতি বাৰ বাজেগৈ । 

পৰিবাৰে আহি নিশব্দে বুকুৰ মাজত সোমাই নিগাজীকৈ স্থান দখল কৰে । বুকুৰ মাজত সোমাই থকা মৰম চেনেহৰ কথাবোৰ এটা এটাকৈ সলকি পৰে । তাৰ পিছত যেন ঢেকিৰ খুবলিত ধানহে খুন্দিছে । বুকুৰ মাজত সঘনাই ঢেকি  দিয়াৰ দৰে ঢেংক্লুচ ক্লুচ , ঢেংক্লুচ ক্লুচ শব্দ শুনা যেন লাগে । 

এজনৰ বুকুৰ মৰম আন এজনৰ বুকুৰ মাজলৈ সোমাই যাওঁতে বুকুৰ মাজৰ উঠা নমাবোৰত সঘনে শব্দ হয় । ক্ৰমান্বয়ে দ্ৰুতগতিত বৃদ্ধি পায় বুকুৰ উঠা নমাবোৰ । উশাহ-নিশাহ ঘন হয় এটা নিৰ্দিষ্ট সময়লৈ ।  তাৰ পিছত ক্ৰমান্বয়ে হ্ৰাস পায় বুকুৰ উঠা নমাবোৰ আৰু ভাগৰে হেঁচা মাৰি ধৰে । অলস হৈ শুই পৰো দুয়ো ।

হামিয়াই হিকতিয়াই , যেন চাহ পানী এটোপাৰ বিশেষ প্ৰয়োজন হৈছিল ।

 তাৰ পিছত - 

: শোৱক আপুনি , মই ল'ৰা ছোৱালী দুটাৰ ওচৰলৈ যাওঁ ।

 সকলো শেষ । লালকাল দি বিচনাত নাক বজাই শুই পৰো মই ।

✍️নিৰ্মল কুমাৰ চৌধুৰী 
গোলাঘাট ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)